Logo
image

ফাৰ্ম হাউছৰ ষ্ট্ৰ’বেৰী বেচি ৩০ লাখ উপাৰ্জন ধোনিৰ

আমাৰ অসম, ১৩ এপ্ৰিলঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত প্ৰাক্তন ভাৰতীয় কেপ্টেইন ধোনি এতিয়া এজন ‘আদৰ্শ’ কৃষক৷ নিজৰ ফাৰ্ম হাউছত তেওঁ নিজে কৰে খেতি৷ বিভিন্ন পাচলি-ফলমূলেৰে ফাৰ্ম হাউছখন তেওঁ সজাই তুলিছে৷ আচৰিত যে ক্ৰিকেটৰ দৰে ধোনিয়ে কৃষি কাৰ্যতো লাভ কৰিছে সাংঘাতিক সফলতা৷ শুনি আচৰিত হ’ব যে চলিত বৰ্ষত ধোনিৰ ফাৰ্ম হাউছত উৎপাদন হয় প্ৰায় ১০ টন ষ্ট্ৰ’বেৰী৷ এই বিশাল পৰিমাণৰ ষ্ট্ৰ’বেৰী বিক্ৰী কৰি ধোনিয়ে লাভ কৰিছে ৩০ লাখ টকা৷ ষ্ট্ৰ’বেৰীয়ে নহয়, তেওঁৰ ফাৰ্ম হাউছৰ পৰা দৈনিক বজাৰলৈ ওলাই যায় ৩০০ কিলোগ্ৰামতকৈও অধিক তৰমুজ৷ ৪৩ হেক্টৰৰ বিশাল কৃষিভূমিত আৰম্ভ কৰা মহেন্দ্ৰ সিং ধোনিৰ ফাৰ্ম হাউছখন এতিয়া সকলোৰে আদৰ্শৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ শেহতীয়াকৈ ঝাৰখণ্ড চৰকাৰে ধোনিক ৰাজ্যখনৰ উদ্যান শস্য বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে নিযুক্তি প্ৰদান কৰিছে৷