Logo
image

বিশিষ্ট শিল্পী চৈয়দ চাদ্দুলালৈ ২০২৫ বৰ্ষৰ 'গণশিল্পী মঘাই ওজা বঁটা'

'আমাৰ অসম'ৰ গুৱাহাটীৰ সংবাদ, ১৫ মাৰ্চঃ গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসমে প্ৰতি বছৰে প্ৰদান কৰি অহা অতি সন্মানিত "গণশিল্পী মঘাই ওজা বঁটা" এইবছৰ বিশিষ্ট শিল্পী আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক চৈয়দ চাদ্দুলা দেৱলৈ আগবঢ়োৱা হৈছে। শনিবাৰে যোৰহাটৰ হাতীগড় নাওশলীয়াত অৱস্থিত গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসমৰ কলাক্ষেত্ৰ সমাজে আয়োজন কৰা গণশিল্পীজনৰ ৪৫সংখ্যক মৃত্যু দিৱসত এই ঘোষণা কৰা হয়। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কলাক্ষেত্ৰৰ সভাপতি ৰাতুল চৰণ বৰা আৰু মুখ্য সম্পাদক নীলমণি বৰাই জানিবলৈ দিছে। বিজ্ঞপ্তিটোত সভাপতি সম্পাদক দুজনে কয় যে আকাশবাণী ডিব্ৰুগড কেন্দ্ৰৰ দ্বাৰা ১৯৭৭ চনতে গণশিল্পী মঘাই ওজাৰ দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰি ওজা তথা গণশিল্পী গৰাকীৰ ঢোল বাদন বাণীবদ্ধ কৰি আজি পৰ্যন্ত জীৱন্ত ৰূপত স্মৃতি যুগমীয়া কৰি ৰাখিছে। গণশিল্পী জনৰ তেতিয়াই এই বাণীবদ্ধ কৰিছিল চৈয়দ চাদ্দুলা দেৱে।


সেই সময়ত চাদ্দুলা দেৱ আছিল আকাশবাণী ডিব্ৰুগড কেন্দ্ৰৰ অনুষ্ঠান পৰিচালক। পৰৱৰ্তী কালচোৱাত তেখেতে গণশিল্পী মঘাই ওজাৰ ওপৰত গীত ৰচনা কৰি আকাশবাণীত বাণীবদ্ধ কৰাৰ লগতে মঘাই ওজাদেৱৰ ওপৰত আলেখ্য ৰছনা কৰি প্ৰচাৰ কৰি অমৰত্ব দি গৈছে। সত্তৰৰ দশকত মঘাই ওজাদেৱৰ মৃত্যুৰ আগমূহুৰ্তত চৈয়দ চাদ্দুলা দেৱে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত থাকোতেও আকাশবাণীৰ ষ্টুডিঅ'ৰ সা-সজুলী মঘাই ওজাৰ কাষলৈ নি স্থলীতে দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। সেই সময়ত গণশিল্পী মঘাই ওজাৰ প্ৰতি চাদ্দুলা দেৱে দেখুওৱা সন্মান আৰু ওজাদেৱক অমৰ কৰি ৰখা প্ৰয়াসক আজিও মঘাই ওজাৰ জন্মস্থানৰ ৰাইজে পাহৰা নাই। সেয়ে আজি মঘাই ওজাৰ জন্মস্থান হাতীগড় নাওশলীয়াত অৱস্থিত গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰই কলাক্ষেত্ৰ সমাজৰ অতি সন্মানীত বঁটা "গণশিল্পী মঘাই ওজা বঁটা" বিশিষ্ট শিল্পীজনলৈ আগবঢ়োৱা হৈছে বুলি কলাক্ষেত্ৰৰ সভাপতি আৰু মুখ্য সম্পাদক দুজনে বিজ্ঞপ্তিটোত উল্লেখ কৰে।