Logo
image

উক্তি-বক্ৰোক্তি

অসমৰ মহান বীৰজনে মোগলক পৰাস্ত কৰিছিল৷ মই যেতিয়া সাত বছৰীয়া আছিলোঁ, তেতিয়াই লাচিত বৰফুকনৰ বিষয়ে মোক শিকোৱা হৈছিল৷ কিন্তু মই স্নাতক পৰ্যায়লৈকে লাচিত বৰফুকনৰ বিষয়ে পাঠ্যক্ৰমত কোনো পাঠ পঢ়িবলৈ নাপালোঁ৷

– কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 


২০৪৭ চনত অসমে দেশৰ নেতৃত্ব দিব৷ আমি দেশৰ বেলেগ ৰাজ্যৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিছোঁ৷ আন ২৮খন ৰাজ্যৰ ভিতৰত আমি বিশেষ স্থান লাভ কৰিছোঁ৷

– বিত্তমন্ত্ৰী অজন্তা নেওগ


পুটিনক সকলোৱে চাপ দি ৰাখিব লাগিব৷ নহ’লে তেওঁ যুদ্ধবিৰতিৰ বিষয়টোত বিলম্ব ঘটাই থাকিব৷  তেওঁ আগবঢ়োৱা যুক্তিহীন চৰ্ত আৰু অৰ্থহীন কথালৈ অপেক্ষা কৰি থাকিলে যুদ্ধবিৰতি কেতিয়াও নহ’ব৷ 

– ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰ্মাৰ


ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহৰ একাংশত গঢ় লৈ উঠিছে ধৰ্মান্তৰকৰণ ছিণ্ডিকেট৷ নিচামুক্তি কেন্দ্ৰৰ মালিকে জোৰ-জুলুমকৈ আৱাসীক নিজৰ ধৰ্ম জাপি দিব খুজিছে৷

– মন্ত্ৰী পীয়ূষ হাজৰিকা


হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ পৰা যোৰহাটলৈ চাৰ্টাৰ্ড বিমানত যায়, যোৰহাটৰ পৰা শিৱসাগৰলৈ হেলিকপ্টাৰত যায়৷ এনেকৈ চৰকাৰখনৰ লালবাতি জ্বলিছে৷

– বিধায়ক অখিল গগৈ


ভাৰতৰ সৈনিকসকলক লাচিত বৰফুকনৰ আদৰ্শৰে প্ৰশিক্ষণ দিয়া হয়৷ মহাবীৰ লাচিত বৰফুকনক লৈ কেৱল অসমেই নহয়, ভাৰতৰ প্ৰতিজন নাগৰিক গৌৰৱান্বিত৷ 

– কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

 

আমি এতিয়া পৰস্পৰৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷ আমি প্ৰত্যেকেই স্বাৱলম্বী৷ মোৰ এতিয়া লুকুৱাবলগীয়া একো নাই৷ সেয়ে মোৰ নতুন প্ৰণয়িনী গৌৰী স্প্ৰাটক শ্বাহৰুখ খান, ছলমান খানৰ সৈতে চিনাকী কৰাই দিছোঁ৷ 

– বলীউডৰ অভিনেতা আমিৰ খান


মোক আটক কৰাৰ পাছৰ পৰাই বিষয়াসকলে শাৰীৰিকভাৱে নিগ্ৰহ চলাইছে৷ মোক দহ-পোন্ধৰবাৰ চৰিয়াইছে৷ কিছুমান টাইপ কৰা আৰু খালী কাগজত মোৰ পৰা চহী কৰাই নিছে৷ মই সোণ স্মাগলিং কৰা নাই৷ সেই অভিযোগ মিছা৷

– দক্ষিণৰ অভিনেত্ৰী ৰণ্যা ৰাও