Logo
image

বিৰোধীৰ ভূমিকা ল’বলৈ সাজু থাকক

অসমত এতিয়া আঞ্চলিক ৰাজনীতিৰ জোৰ একেবাৰে  নাই  বুলিলেই হয়৷ অসম গণ পৰিষদ বিজেপিৰ লগত  মিত্ৰতাৰ এনাজৰীৰে বান্ধ খাই থাকি  নিজস্ব কি স্থিতি বাহাল ৰাখিছে সেয়া বহলাই কোৱাৰ প্ৰয়োজন নাই৷ অসমত বৰ্তমান ৰাজনৈতিক পৰিৱেশ এনেকুৱা যে বিজেপিক বাদ দি সক্ৰিয় ৰাজনৈতিক দল প্ৰায় নোহোৱাৰ দৰে৷  তৰুণ গগৈৰ পাছত কংগ্ৰেছ দলটো নানান বেমেজালি মাজেৰে আহি প্ৰায় ৰুগ্ন হৈ পৰিছে৷ লগতে বিসম্বাদ আৰু ক্ষমতাৰ খোৱা কামোৰাই দলটোৰ অধিক ক্ষতি কৰিছে৷  

দিন যোৱাৰ লগে লগে ভাৰতৰ লগতে অসমতো বিজেপিৰ মইমতালি অধিক বৃদ্ধি পাব ধৰিছে৷ কাম যিমান কৰিছে তাটোতকৈ বেছি প্ৰচাৰ চলিছে৷ তাৰে কিছুমান ভুৱা প্ৰচাৰ৷ লগতে অত্যধিক খৰচ৷ সকলো সময়তে নিজকে শুদ্ধ বুলি ভবা দলটোৰ কাম-কাজ আৰু আচৰণক লৈ এচাম সচেতন লোকৰ মনত বিক্ষোভ ভাব জাগিছে যদিও মুখ  ফুটাই ক’বলৈ সকলোৱে সাহস কৰিব পৰা নাই৷ চৰকাৰক সমালোচনা কৰিলে বা চৰকাৰৰ বিৰোধিতা কৰিলেই জনতাক হৰাশাস্তি কৰাৰ প্ৰৱণতা এটা জাগি উঠা দেখা গৈছে শাসক গোষ্ঠীৰ৷ তাতে অধিক ক্ষমতাৰে বলবান হৈ পৰা দলটোৱে বহু সময়ত দেশৰ সংবিধানকো অৱজ্ঞা কৰা দেখা গৈছে৷ বহু সময়ত অপমানসূচক বাক্যও কোৱা দেখা যায়৷

ভাল-বেয়া যি কামকে নকৰক লাগে, অসমৰ বিজেপি চৰকাৰৰ এই কথা বিশ্বাস হৈছে যে তেওঁলোকক হৰুৱাব পৰা ৰাজনৈতিক দল অসমত নাই৷ কথাষাৰ একেবাৰে অসত্যও নহয়৷ বৰ্তমান অসমৰ ৰাজনৈতিক পৰিৱেশ এনেকুৱা যে বিকল্প হিচাপে বিবেচনা কৰিব পৰা এটা ৰাজনৈতিক শক্তিৰ অসমত অভাৱ ঘটিছে ৷ সেই কথা বিজেপিয়ে  উপলব্ধি কৰিছে আৰু সেয়ে কোনো ৰাজনৈতিক দলৰ উত্থান হোৱাটো দলটোৱে বিচৰা নাই৷ আনহাতে, ৰাজ্যৰ মুঠ জনসংখ্যাৰ কেই শতাংশমানক বাদ দি সকলোখিনিকে বিজেপিয়ে হিতাধিকাৰী আবেষ্টনিত সুমুৱাই ল’ব খুজিছে, যতে বিজেপিক বাদ দি সেইসকলে আন কোনো ৰাজনৈতিক শক্তিৰ কথা ভাবিব নোৱাৰে৷ ৰাজ্য চৰকাৰে অলপতে দাখিল কৰা ২০২৫-চ্ছ ৰ বিত্তীয় বাজেটত এই কথাৰ স্পষ্ট অনুমান পোৱা গৈছে৷ বাজেটত হিতাধিকাৰীৰ জয়জয়কাৰ হোৱাৰ বিপৰীতে মধ্যবিত্তৰ বাবে নাই কোনো সকাহ৷ বিজেপিয়ে  অনাগত দিনত ক্ষমতা লাভৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে৷ ইয়াৰ বিপৰীতে বিৰোধীয়ে এতিয়াও ক্ষমতা দখলৰ কথা বাস্তৱ ক্ষেত্ৰত ভাবিব পৰা নাই যদিও মুখেৰে বহু কথাই কৈ আছে৷

অসমত বিৰোধীৰ মিত্ৰতাৰ বিষয়টোৱে এতিয়াও স্পষ্ট  ৰূপ লোৱা নাই৷ ক্ষমতা সকলোকে লাগে৷ কিন্তু কিদৰে ক্ষমতা লাভ কৰিব পৰা যায় তাৰ কোনো পৰিকল্পনা কোনোটো বিৰোধী দলৰে নাই৷ মিত্ৰতাৰ ক্ষেত্ৰত  দলবোৰৰ  মাজত মতৰ  কোনো মিল নাই৷ এনে  ভাব হৈছে বিৰোধীৰ  সকলো নেতাকে যেন মুখ্যমন্ত্ৰীৰ পদটোহে লাগে৷ কিন্তু কিদৰে এয়া সম্ভব তাৰ  কোনো চিন্তা-চৰ্চাও হোৱাগৈ নাই৷ মিত্ৰতাৰ অবিহনে  বিজেপিৰ স’তে যুঁজ দিয়া  কিমান কঠিন হ’ব সেই কথা চালে-বেৰে কোবাই অনাগত নিৰ্বাচন জয়ী হোৱাৰ কথা কোৱা বিৰোধী নেতাসকলে হয়তো  কল্পনাই কাৰিব পৰা নাই৷ কোনোটো বিৰোধী দলৰে যে  বিজেপিক প্ৰতিৰোধ কৰিব পৰা শক্তি আজিৰ তাৰিখত নাই, সেই কথা বিৰোধীয়ে অতি সোনকালে উপলব্ধি কৰা ভাল৷ বিজেপিৰ ভিতৰভাগত যদি কোনো খামখেয়লি  নহয়, কোনো বিসম্বাদ নহয়, বিজেপি নিজেই পৰাজিত হ’ব পৰা কোনো কামত লিপ্ত নহয়, তেন্তে অসমত  বিৰোধীয়ে  আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ সপোন নেদেখাই ভাল৷ কাৰণ ৰাজনীতিত বিজেপি দল বৰ্তমান সময়ৰ অতিকে চতুৰ৷ তাতে যদি ভাগ ভাগ হৈ বিৰোধীয়ে যুঁজ দিয়ে তেন্তে সৰহ সংখ্যকেই আমানতৰ ধনৰ হেৰুৱাব লাগিব৷

ইমানৰ পাছতো যদি বিৰোধীয়ে মিত্ৰতা নকৰি নিজৰ মতত অটল হৈ থাকে তেন্তে ২০২৬ ৰ নিৰ্বাচনত জয়ী হোৱা দূৰৈৰে কথা, বিজেপিৰ  নতুন মুখ্যমন্ত্ৰী আৰু অনান্য মন্ত্ৰী-বিধায়কক শুভেচ্ছা জনাবলৈ এতিয়াৰে পৰা সাজু হৈ থকাই ভাল৷ কাৰণ ৰাজ্যৰ প্ৰায় দুই কোটি পঞ্চলিছ লাখ হিতাধিকাৰীয়ে নিজৰ সুবিধা ত্যাগ কৰি বিবেক ভোট দিব বুলি আশা নকৰাই ভাল, যদিহে বিৰোধীয়ে অসমৰ ৰাজনৈতিক, সামাজিক, আৰ্থিক সমস্যাৰ ভেদ ভাঙিব নোৱাৰে৷ নানান  সমস্যা, কৰ-কাটল, মূল্যবৃদ্ধি আদিত অতিষ্ঠ হৈ  সৰ্বসাধাৰণে যদি বিৰোধীক  ভোট দিব বুলি বিৰোধীয়ে ভাবিছে, তেন্তে সেয়া আকাশত চাং পতাৰ দৰেহে হ’ব৷ ৰাইজে বিজেপিক যিমানেই গালি-গালাজ নকৰক  কিয়, নিৰ্বাচনৰ আগমুহূৰ্তৰ বিৰাট বিৰাট চমকে এই সকলোবোৰ পাহৰাই পেলাব আৰু হিল-দোল ভাঙি ভোট দিবলৈ  মানু্‌হ ওলাই আহিব৷ এনেও জনতাই কথাবোৰ অতি সোনকালে পাহৰি যায়৷ তাতে বৰ্তমান সময়ত ৰাজ্যৰ জনতা ইমানবোৰ সমস্যাত জৰ্জৰিত যে সামান্য অনুগ্ৰহতে সন্তুষ্টি লাভ কৰে৷ সেয়ে বিৰোধীৰ বাবে ২০২৬ ৰ অসম বিধান সভাৰ নিৰ্বাচন আলপো সহজ নহয়৷ এতিয়াও যদি কথাবোৰ উপলব্ধি কৰিব পৰা নাই, তেন্তে বিৰোধীয়ে আৰু কেইবাটাও কাৰ্যকাললৈ বিৰোধীৰ ভূমিকা পালন কৰাৰ বাবে সাজু হৈ থাকক৷