
এনএফ ৰে’লৱেত খালী হৈ আছে তৃতীয়-চতুৰ্থ বৰ্গৰ ১৬ হাজাৰ পদ
‘আমাৰ অসম’ৰ তালাপৰ প্ৰতিবেদক, ১৬ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত এক তথ্যত দেশৰ লাখ লাখ নিবনুৱাৰ বাবে অতি নিৰাশাজনক খবৰ পোহৰলৈ আহিছে৷ বছৰি কোটিৰ ঘৰত নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ আমোলত ভাৰতীয় ৰে’লৱেত তৃতীয় আৰু চতুৰ্থ বৰ্গত তিনি লক্ষাধিক পদ খালি হৈ ৰোৱাৰ তথ্য প্ৰকাশ পাইছে৷ প্ৰাপ্ত তথ্য মতে বিভাগটোত থকা ১৪,৮৭৩টা গেজেটেড পদৰ ভিতৰত ২,৮৮৫ পদ খালি হৈ থকাৰ বিপৰিতে ১৪,৭৪,২৭১টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অৰ্থাৎ ন’ন গেজেটেড পদৰ ৩,১২,০৯৩ পদেই খালি হৈ আছে৷ এই তথ্য স্বয়ং ভাৰতীয় ৰে’ল বিভাগে ২০২৩ বৰ্ষৰ ০৩ ফেব্ৰুৱাৰীত প্ৰকাশ কৰিছিল৷ এই তথ্য প্ৰকাশৰ পাছত বিভাগটোত কোনো ধৰণৰ নিযুক্তি হোৱা নাই বুলি জানিব পৰা গৈছে৷ বৰং এই কালছোৱাত বহু লোকে অবসৰ কিম্বা চাকৰিৰ কালতে মৃত্যু বৰণ কৰিছে৷ সেই সংখ্যা যোগ কৰিলে খালি পদৰ সংখ্যা আৰু বৃদ্ধি পাব৷ যি সময়ত দেশৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতীয়ে এটা চাকৰি লাভ কৰাৰ আশাত হাবুডুবু খাই আছে তেনে সময়তে এই খবৰে সকলোৰে ভৱিষ্যৎ জীবনলৈ চৰম অনিশ্চিয়তা নমাই অনাটো স্বাভাৱিক৷ কেন্দ্ৰীয় চৰকাৰৰ একেটা তথ্যতে অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবেও এক হতাশ হ’বলগীয়া খবৰ প্ৰকাশ পাইছে৷
প্ৰকাশিত তথ্য অনুসৰি ভাৰতীয় ৰে’লৰ অন্যতম গুৰুত্বপূৰ্ণ সংমণ্ডল এন এফ ৰে’লৱেত৷ এই সংমণ্ডলটো তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰ দুৱাৰ আৰু কাটিহাৰ মণ্ডলৰ দ্বাৰা গঠিত৷ ইয়াৰে তিনিচুকীয়া, লামডিং আৰু ৰঙিয়া এইতিনিটা মণ্ডল অসমত অৱস্থিত আৰু এন এফ ৰে’লৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত৷ বৰ্তমান এন এফ ৰেলৱেত ১,০৫১টা গেজেটেড পদৰ ১৭২টা পদ খালি হৈ থকাৰ সমান্তৰালভাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অৰ্থাৎ নন-গেজেটেড পদ ৭২,০৪৭ টাৰ ১৫,৯৮৫টা পদ বছৰ বছৰ ধৰি খালি হৈ আছে৷ ফলত দহজনৰ কাম এজন কৰ্মচাৰীৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া বুলি ৰে’ল শ্ৰমিকৰ মাজৰ পৰা সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে৷ উদাহৰণ স্বৰূপে ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেছনত ৪৪টা পইণ্টছ মেনৰ পদ আছে যদিও বৰ্তমান ২২জন পইণ্টছ মেনৰ দ্বাৰা ৰে’ল বিভাগে জোৰা-টাপলি মাৰি কাম চলাই আছে৷ দুজনৰ কাম এজনক কৰিবলৈ বাধ্য কৰোৱাৰ ফলত ২০২৪ চনৰ ২৫ মে’ত হবিবুৰ আহমেদ নামৰ পইণ্টছ মেনজনে প্ৰাণ আহুতি দিবলগা ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতি তথা খালি হৈ থকা লাখ লাখ পদত নিযুক্তি নিদিয়া বাবে বহু ৰে’ল শ্ৰমিকৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছে৷ কথা কৈ ব্যাপক হাৰত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ ৰে’ল বিভাগে নতুন ৰে’লপথ স্থাপন কৰাৰ লগতে বন্দে ভাৰত সেৱাৰ দৰে অত্যাধুনিক ৰে’ল চলোৱাৰ ব্যৱস্থা কৰাৰ বিপৰীতে বিষয়া কৰ্মচাৰী নিয়োগ কৰাৰ সলনি কোনো পৰিস্থিতিতে নতুন পদ সৃষ্টি নকৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰি ৰখা বুলিহে জানিব পৰা গৈছে৷ কেন্দ্ৰীয় চৰকাৰে বিভাগটোৰ খালি পদসমূহ পুৰণ কৰা দূৰৰে কথা যোৱা দহ বছৰে চৰকাৰখনে লোবা হঠকাৰী নীতিৰ পৰিণতিত ৰে’ল যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে সেয়া যোৱা সময়ছোৱাত সঘনাই সংঘটিত হৈ থকা ৰে’ল দুৰ্ঘটনাসমূহে বাৰুকৈয়ে উদঙাই দিছে৷