Logo
image

বিহুৰ দিনা ১০১বিধ শাক খোৱাৰ পৰম্পৰা

অসমীয়া সংস্কৃতিত এশ এবিধ শাকৰ নাম

আমাৰ অসম, ১৪ এপ্ৰিলঃ সৰু মানিমুনি, বৰ মানিমুনি, মাটিকাঁদুৰি, লাইজাবৰী, মছন্দৰী, কেঁহেৰাজ, পনৌনোৱা, শুকলতি, ঢেঁকীয়ালতি, টংলতি, ভোমলতি, কেৰেলা লতি, বৰ টেঙেচি, সৰু টেঙেচি,  দহিকচু, তেলীকচু, পানীকচু, কণীকচু, ল-বৰুৱা, টিকনি বৰুৱা, বনজালুক, বনতিয়ঁহ, বনখুতৰা, তিতাকেৰেলা, ভাতকেৰেলা, টাটীকেৰেলা, বৰ বেঙেনা, খৰুৱা বেঙেনা, মিঠামৰা, তিতামৰা, টেঙামৰা, চেংমৰা, নৰসিংহ, ভেদাইলতা, তিতাফুল, লেহেতি, জিলমিল, লফা, পচলা, তৰা গজালি, দোৰোণ, তিতাবাহক, মেচাকী, মেজেঙা, তিতাকচি, লচকচি, ভেকুৰি, হাতী ভেকুৰি, উৰহী, হাতী উৰহী, বৰপূৰৈ, ৰঙাপূৰৈ, সৰুপূৰৈ, চেকীয়া, কপৌচেকীয়া, ভোটমলা, বেতগাজ, ঔটেঙা, নলটেঙা, ৰঙালাউৰ আগ, জাতি লাউৰ আগ, মাঠুকঠুকা, বাঘ আঁচোৰ, মধুসোলেং, দুপৰ টেঙা, ভামৰাজ, বিহলঙনি, খুতৰা, হাতী খুতৰা, কলমৌ, মনোৱা, হাঁচিয়তী, বনতুলসী, লাই, পালেং, বাবৰি, চুকা, টুবুকীলতা, ভেদাইলতা, মূলা, ঢেৰুৱা, মেমেধু, কঁঠালৰ মুচি, বালি-বাবৰি, মালভোগ খুতৰা, ধপাইতিতা, মহানিম, বৰ বিলাহী, সৰু বিলাহী, পাতিসোন্দা, উৰিয়াম, গাজ, মদাৰ, মধুৰি, কটাৰী ডবুৱা মাহ, জেতুলি পকা, কাঠ আলু, পদিনা, শিলকচু, ওলকচু [স্থান ভেদে সুকীয়া সুকীয়া নাম]৷