আমৰলি পৰুৱাৰ টোপৰ কি কি গুণ
আমাৰ অসম বিশেষঃ পৰুৱাই ৰান্ধিলে পৰুৱাই বাঢ়িলে, পৰুৱাই নাখালে ভাত, ৰাতিটোৰ ভিতৰত কাটিলো পাঁজি সূতা, পুৱাতে তৰিলে তাঁত৷ এয়া পৰুৱা জুনাত থকা এফাঁকি অন্তৰা৷ আমৰলি পৰুৱাক [আমলৰি] ‘শিপিনী পৰুৱা’ বুলি কোৱা হয়৷ আমৰলি পৰুৱাই এবিধ বগা ছিল্ক সূতাৰ দৰে আঠা নিঃসৰণ কৰি গছৰ পাত জোৰা লগাই বাহ সাজে৷ আক্ষৰিক অৰ্থত সমাজ পাতি বাস কৰা স্বভাৱৰ আমৰলি পৰুৱাৰ বাহটোক ‘কমনী’ বুলি কোৱা হয়৷ কমনীৰ ভিতৰত ৰাণী আমৰলিয়ে পলু জন্ম দিয়ে৷ আমলৰিৰ টোপ স্বাস্থ্যৰ বাবে মহৌষধ৷
ব’হাগ বিহুৰ লগত আমৰলি পৰুৱাৰ এক নিবিড় সম্পৰ্ক আছে৷ ব’হাগ বিহুৰ সময়ত অসমৰ আহোম, চুতীয়া, বড়ো, কছাৰী, ৰাভা আদি সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত খাদ্য হিচাপে আমৰলি টোপ ভাজি খায়৷ বিশেষকৈ গৰু বিহুৰ দিনা আমৰলি টোপ ভাজি খোৱা এক পৰম্পৰা আছে৷ টোপবোৰত অধিক প্ৰ’টিন আৰু ফেটি এচিড থাকে৷ বসন্ত ৰোগকে ধৰি বহু ৰোগৰ মহৌষধ হিচাপে ই কাম কৰে৷ বহুতে আমৰলি টোপ আঞ্জা কৰি খায়৷ জনবিশ্বাস মতে গৰু বিহুৰ দিনা আমৰলি টোপৰ আঞ্জা খালে নাকৰ এৱাৰোগ নিৰ্মূল হয়৷ আমৰলিৰ টোপ কণীৰ লগত ভাজি খালে বংশ বৃদ্ধি হয় বুলি জনবিশ্বাস আছে৷ আমৰলি জাত-ইকফাইলা, পৰিয়াল-ফৰ্মিচিভা আৰু গোত্ৰা-হাইমেল’ পটেৰা৷ আমৰলি পৰুৱাই কামুৰিলে মুখৰ পৰা ফাৰ্মিক এচিড নিৰ্গত হয়৷
চীন, থাইলেণ্ড, ম্যানমাৰ আদি দেশতো আমৰলি পৰুৱাৰ টোপ খাদ্য আৰু ঔষধ তৈয়াৰ কৰাত ব্যৱহাৰ হয়৷ কিছুমান দেশত আমৰলিক বায়কণ্ট্ৰল এজেণ্ট হিচাপে ব্যৱহাৰ হয়৷ বিখ্যাত কবি ওমৰ খৈয়ামে কৈছে– জাৰকালি খাবলৈ সাচে পৰুৱাই৷ ধন-ধান সাঁচিবলৈ আমাক শিকাই৷