Logo
image

চেম্পিয়নছ ট্ৰফী আয়োজন কৰি ৮৬৯ কোটি টকা লোকচান পাকিস্তানৰ

নতুন দিল্লী, ১৭  মাৰ্চঃ  দীৰ্ঘদিনৰ মূৰত আই চি চি প্ৰতিযোগিতাৰ আয়োজন কৰি আৰ্থিক ক্ষতিৰ হে সন্মুখীন হ’ল পাকিস্তান৷ আই চি চি চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ পৰ্যায়ৰ পৰাই পাকিস্তানে বিদায় লোৱাত দেশখন লোকচানৰ সন্মুখীন হ’বলগা হয়৷ ইয়াৰ প্ৰভাৱ পৰিছে পাকিস্তানৰ ঘৰুৱা ক্ৰিকেটতো৷ চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিৰ ষ্টেডিয়াম পুনৰ নিৰ্মাণ কৰিছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ডে [পি চি বি]৷ প্ৰথমে যিমান বাজেট আছিল তাৰ দুগুণ খৰচ হয় ষ্টেডিয়াম নিৰ্মাণত৷ গ্ৰুপ পৰ্বত স্বদেশৰ মাটিত দুখন মেচ আছিল পাকিস্তানৰ৷ নিউজীলেণ্ডৰ বিৰুদ্ধে কৰাচীত আৰু বাংলাদেশৰ বিৰুদ্ধে ৰাৱালপিণ্ডিত৷ ভাৰতৰ বিৰুদ্ধে খেলাৰ বাবে ডুবাই যাব লগা হৈছিল পাকিস্তান৷


দেশৰ মাটিৰ দুখন মেচৰ ভিতৰত বাংলাদেশৰ বিৰুদ্ধে মেচ বৰষুণৰ বাবে বাতিল হয়৷ ফলত আয়োজক দেশে স্বদেশত মাত্ৰ এখন মেচত অংশ লয়৷ চেম্পিয়নছ ট্ৰফীৰ পৰা সকলোতকৈ আগতে বিদায় লয় পাকিস্তানে৷ ফলত পাকিস্তানৰ দৰ্শকে এই প্ৰতিযোগিতাৰ প্ৰতি আকৰ্ষণ হেৰুৱাই৷ টিকটৰ চাহিদা হ্ৰাস পায়৷ স্পনছ’ৰ নিৰাশ হয়৷ ফলত সমস্যাত পৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ড৷ জনা মতে পি চি বিৰ ৮৯৬ কোটি টকা লোকচান হয় চেম্পিয়নছ ট্ৰফী আয়োজন কৰি৷ ইয়াৰ প্ৰভাৱ পৰিছে ঘৰুৱা ক্ৰিকেটত৷ আসন্ন ৰাষ্ট˜ীয় টি-টুৱেণ্টী প্ৰতিযোগিতাত ক্ৰিকেটাৰৰ বেতন ৯০ শতাংশ হ্ৰাস কৰা হৈছে বুলি খবৰ প্ৰচাৰ হৈছে৷ আগেয়ে ক্ৰিকেটাৰ বিলাসবহুল হোটেলত থাকে৷ এইবাৰ কিন্তু তেওঁলোকৰ বাবে সাধাৰণ হোটেলৰ ব্যৱস্থা কৰা হৈছে৷