Logo
image

একেলগে ব্যৱহাৰ কৰক দুখন মাস্ক

আমাৰ অসম, ১৬ এপ্ৰিলঃ কৰ’নাৰ সংক্ৰমণৰ পৰা হাত সাৰিবৰ বাবে মাস্কৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে সৰ্বত্ৰ৷ ‘চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্বন’ চমুকৈ ‘চিডিচি’ৰ নতুন দিহা অনুসৰি একেলগে দুখন মাস্ক ব্যৱহাৰ কৰিলে ক’ভিডৰ সংক্ৰমণৰ পৰা অধিক পৰিমাণে ৰক্ষা পাব পাৰি৷চিডিচিৰ গৱেষণাত প্ৰাপ্ত তথ্য অনুসৰি ছাৰ্জিকেল মাস্কৰ ওপৰত কাপোৰৰ মাস্ক ব্যৱহাৰ কৰিলে ছাৰ্জিকেল মাস্ক অধিক শক্তিশালী আৰু সুসংহত হয়৷ নাক আৰু মুখ ঢাকি একেলগে দুখন মাস্ক ব্যৱহাৰ কৰিলে মানৱ শৰীৰৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী হয়, অৰ্থাৎ ক’ভিডৰ সংক্ৰমণৰ পথ ৰুদ্ধ হৈ পৰে৷ কিন্তু চিডিচিয়ে এই কথা স্পষ্ট কৰি দিছে যে একেলগে দুখন মাস্ক পিন্ধিলে কৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত ভাল ফল পোৱা যায় যদিও একেলগে দুখন ডিছপ’জিবল মাস্ক ব্যৱহাৰ কৰাটো বাঞ্ছনীয় নহয়৷ তেতিয়া হিতে বিপৰীত হোৱাৰ সম্ভাৱনাও থাকে৷ একেলগে যদি দুখন মাস্ক কোনোবাই ব্যৱহাৰ কৰে, তেন্তে ইয়াৰে এখন ছাৰ্জিকেল মাস্ক আৰু আনখন কাপোৰৰ মাস্ক হোৱাটো বাঞ্ছনীয়৷ কৰ’না ভাইৰাছক নিষ্ক্ৰিয় কৰাৰ ক্ষেত্ৰত ছাৰ্জিকেল মাস্কে বিশেষভাৱে সহায় কৰে যদিও সকলো সময়তে ছাৰ্জিকেল মাস্কৰ সফলতা একেধৰণৰ নহয়৷ সেয়ে ছাৰ্জিকেল মাস্কৰ ওপৰত কাপোৰৰ মাস্ক ব্যৱহাৰ কৰিলে সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত অধিক ভাল ফল পোৱা যায়৷ চিডিচিৰ গৱেষণাত প্ৰাপ্ত তথ্য মতে, এখনকৈ মাস্ক পিন্ধি ৬ ফুটৰ ব্যৱধানত থকা দুজন লোকৰ ক্ষেত্ৰত ক’ভিড সংক্ৰমণ প্ৰতিৰোধ ক্ষমতাৰ হাৰ ৪০ শতাংশ পোৱাৰ বিপৰীতে দুখনকৈ মাস্ক পিন্ধি সম দূৰত্বত থকা দুজন লোকৰ ক’ভিড সংক্ৰমণ প্ৰতিৰোধ ক্ষমতাৰ হাৰ ৮০ শতাংশ, অৰ্থাৎ দুগুণ৷ এই গৱেষণাত ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত সকলোতকৈ অধিক ভাল ফল দেখুৱাইছে ছাৰ্জিকেল মাস্কৰ ওপৰত কাপোৰৰ মাস্ক ব্যৱহাৰ কৰাসকলে৷ সেইবাবেই চিডিচিৰ পৰামৰ্শ-নিৰ্দেশনা– ক’ভিডৰ আক্ৰমণৰ পৰা নিজক বচাই ৰাখিবৰ বাবে একে সময়তে দুখনকৈ মাস্ক ব্যৱহাৰ কৰক– এখন ছাৰ্জিকেল মাস্ক, আনখন কাপোৰৰ মাস্ক৷