ডিহাইড্ৰেশ্বনৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ ফল খাওক
আমাৰ অসম বিশেষঃ গ্ৰীষ্মকালত শৰীৰত অধিক পানীৰ প্ৰয়োজন হয়৷ কিন্তু এই ক্ষেত্ৰত সতৰ্ক নহ’লে বহুতে ডিহাইড্ৰেশ্বনত ভুগিবলগীয়াত পৰে৷ অৱশ্যে, অকল গ্ৰীষ্মকাল বা গৰমৰ বাবেই যে এনে হ’ব পাৰে সেই ধাৰণা সঠিক নহয়৷ জ্বৰ, ডায়েৰিয়া বা অন্য কোনো কাৰণত বাৰে বাৰে বমি হ’লেও ডিহাইড্ৰেশ্বন হ’ব পাৰে৷ তদুপৰি অতিৰিক্ত শৰীৰ চৰ্চা কৰিলেও শৰীৰত পানীৰ অভাৱে দেখা দিব পাৰে৷ এনে ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত৷ ডিহাইড্ৰেশ্বনৰ ফলত শৰীৰত অকল পানীয়েই নহয়, বিভিন্ন খনিজ পদাৰ্থৰো অভাৱ ঘটে৷ সেয়ে চৰ্বত বা ডাবৰ পানী খোৱাটো অত্যন্ত দৰকাৰী৷ তদুপৰি ইলেক্ট্ৰ’লাইটেও ডিহাইড্ৰেশ্বনৰ ফলত হোৱা পটাছিয়ামৰ অভাৱ আঁতৰায়৷ আজিৰ শিতানত ডিহাইড্ৰেশ্বনত ভুগিলে কি খোৱা উচিত সেই বিষয়ে আলোচনা কৰা হ’ল–
[১] আমঃ আমক ফলৰ ৰজা বুলি কোৱা হয়৷ পুষ্টিৰে ভৰা আম গ্ৰীষ্মকালৰ সৰ্বোৎকৃষ্ট ফল৷ ইয়াত প্ৰচুৰ পৰিমাণে কেল’ৰি থাকে৷ তদুপৰি আমত থাকে ভিটামিন ‘এ’ আৰু ‘চি’, ছডিয়াম আৰু ফাইবাৰৰ লগতে কুৰিটাতকৈও অধিক খনিজ উপাদান৷ এই উপাদানসমূহে মানৱ দেহক তাপৰ পৰা ৰক্ষা কৰে৷ একেদৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, হৃদৰোগ প্ৰতিৰোধ আৰু মধুমেহ নিয়ন্ত্ৰণত সহায় কৰে আমে৷
[২] তৰমুজঃ গ্ৰীষ্মকালত শীতল আৰু মিঠা তৰমুজ খোৱাৰ দৰে উপকাৰ আন একো হ’ব নোৱাৰে৷ গৰমত শৰীৰত হোৱা পানীৰ অভাৱ পূৰণ কৰে তৰমুজে৷ এইবিধ ফলত ৯২ শতাংশ পানী থকা বাবে ডিহাইড্ৰেশ্বনত এইফল খোৱাটো অতি উপকাৰী৷ তৰমুজত ফাইবাৰ, ভিটামিন ‘চি’, ভিটামিন ‘এ’, পটাছিয়াম, মেগনেছিয়াম আৰু এণ্টিঅক্সিডেণ্ট লাইক’পিন থাকে৷ এই উপাদানে ককৰ্ট বা ষ্ট্ৰ’কত আক্ৰান্ত হোৱা সকলক সাংঘাতিক ধৰণে উপকাৰ কৰে৷ গ্ৰীষ্মকালত দৈনিক অন্ততঃ এবাৰ তৰমুজ খোৱা উচিত৷ কিন্তু তৰমুজ খোৱাৰ পাছত পানী নাখাব৷
[৩] তিয়ঁহঃ তিয়ঁহেও ডিহাইড্ৰেশ্বন আঁতৰায়৷ ভিটামিন কে, পটাছিয়াম আৰু মেগনেছিয়ামসমৃদ্ধ এইবিধ ফলত ৯৫ শতাংশই থাকে পানী৷ তদুপৰি ইয়াত প্ৰচুৰ পৰিমাণে কেল’ৰি থাকে৷ ডিহাইড্ৰেশ্বনৰ লগতে ছাল স্বাস্থ্যসন্মত আৰু সুন্দৰ কৰি ৰাখে তিয়ঁহে৷
[৪] বিলাহীঃ বিলাহীক চিৰসেউজ ফল বুলি কোৱা হয়৷ এইবিধ ফল বছৰৰ বাৰ মাহে পোৱা যায়৷ সাধাৰণতে বিলাহীক পাচলি হিচাপে ব্যৱহাৰ কৰা হয় যদিও ইয়াক কেঁচাই কেঁচাই খালে ভিটামিন ‘এ’, বি-২, ক্ৰমিয়াম, পটাছিয়াম আৰু ফাইট’কেমিকেল জাতীয় পুষ্টিকৰ উপাদানসমূহ পাব পৰা যায়৷ বিলাহীয়ে কৰ্কট আৰু হৃদৰোগৰ আশংকা আঁতৰায়৷ বিলাহীতো ৯৫ শতাংশই থাকে পানী৷
[৫] নেমুঃ গ্ৰীষ্মকালত নেমু সকলোতে পোৱা যায়৷ এই ফলৰ প্ৰভাৱ অতি শীতল৷ উত্তাপ আঁতৰাবলৈ এই ফল প্ৰতিদিনেই খোৱা উচিত৷ ইয়াত থকা পটাছিয়ামে গ্ৰীষ্মকালত স্বাস্থ্য সুস্থ ৰখাত সহায় কৰে৷ ৮৮শতাংশ পানীৰে ভৰা নেমু ডিহাইড্ৰেশ্বনৰ বাবে অত্যন্ত উপকাৰী৷