Logo
image

হাইক’ৰ্ট স্থানান্তৰক লৈ দ্বিখণ্ডিত অধিবক্তা সমাজ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ মাৰ্চঃ ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে অহা ২৪ মাৰ্চৰ পৰা পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েশ্বনে৷ বুধবাৰে অনুষ্ঠিত বাৰ এছ’চিয়েশ্বনৰ সাধাৰণ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে৷ গুৱাহাটী হাইক’ৰ্ট বাৰ এছ’চিয়েশ্বনৰ সূত্ৰই জনোৱা মতে কালিৰ সাধাৰণ সভাই গুৱাহাটী হাইক’ৰ্ট স্থানান্তৰিতকৰণৰ সন্দৰ্ভত গঠন কৰিব বিচৰা প্ৰস্তাৱিত কমিটীত হাইক’ৰ্ট বাৰ এছ’চিয়েশ্বনে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ উল্লেখ্য, ৰাজ্য চৰকাৰে গুৱাহাটী হাইক’ৰ্ট ৰংমহললৈ স্থানান্তৰ সন্দৰ্ভত তথা ৰংমহলত এক বিশ্বমানৰ ন্যায়িক আন্তঃগাঁথনি গঢ়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশসকল, গুৱাহাটী হাইক’ৰ্ট বাৰ এছ’চিয়েশ্বন, অসম-নাগালেণ্ড-মিজোৰাম-অৰুণাচল আৰু চিকিমৰ বাৰ কাউন্সিল, সদৌ অসম লয়াৰ্ছ এছ’চিয়েশ্বনক লৈ এখন তদাৰকী কমিটী গঠনৰ প্ৰস্তাৱ দিছিল৷ বাৰ এছ’চিয়েশ্বনৰ লগত আলোচনা নকৰাকৈয়ে কেনেদৰে ৰংমহললৈ হাইক’ৰ্ট স্থানান্তৰ সন্দৰ্ভত পূৰ্ণাংগ ক’ৰ্ট প্ৰস্তাৱ গ্ৰহণ কৰা হ’ল– এই সন্দৰ্ভতো এছ’চিয়েশ্বনে প্ৰশ্ন কৰে৷ বাৰ এছ’চিয়েশ্বনে প্ৰট’কল ভংগ কৰি কইনাধৰালৈ গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহামান্য মুখ্য ন্যায়াধীশ তথা আন ন্যায়াধীশসকলে হাইক’ৰ্ট স্থানান্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা কৰা কাৰ্যৰো গৰিহণা দিয়ে৷ ইয়াৰ লগতে অহা ২৪ মাৰ্চতে হাইক’ৰ্ট ৰংমহললৈ স্থানান্তৰকৰণৰ বিৰোধিতাৰে হাইক’ৰ্টৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বাৰ এছ’চিয়েশ্বনৰ একাংশই বিশেষকৈ চৰকাৰী অধিবক্তাই হাইক’ৰ্ট ৰংমহললৈ স্থানান্তৰিতকৰণৰ পক্ষ লৈ দিয়া মতামত বাৰ এছ’চিয়েশ্বনে নস্যাৎ কৰে৷ কাৰ্যতঃ ৰংমহললৈ হাইক’ৰ্ট স্থানান্তৰ প্ৰসংগত দ্বিখণ্ডিত হৈ পৰে অধিবক্তা সমাজ৷ কালিৰ সাধাৰণ সভাত এই প্ৰসংগক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উল্লেখ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ-গুৱাহাটীত ৰংমহললৈ স্থানান্তৰৰ বিৰোধিতা কৰি বাৰ এছ’চিয়েশ্বনে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ অৱশ্যে পূৰ্বে প্ৰতিবাদী অধিবক্তা সমাজক মুখ্যমন্ত্ৰীয়ে উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ নকৰে বুলিও আশ্বস্ত কৰিছিল৷


অধিবক্তা সমাজৰ এই প্ৰতিবাদৰ মাজতে বিগত ৮ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামে কইনাধাৰাৰ চৰকাৰী অতিথিশালাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখন বৈঠকত মিলিত হৈছিল৷ এই বৈঠকতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একমত হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰংমহত নতুন ‘জুডিছিয়েল চিটী’ নিৰ্মাণত কাৰ্যতঃ ছীল মোহৰ মাৰিছিল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কইনাধাৰালৈ গৈ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হোৱাক লৈ অধিবক্তাসমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতে বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্বনৰ গুৰুত্বপূৰ্ণ এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷ এই সাধাৰণ সভাত একাংশ সদস্য তথা চৰকাৰী অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ক ৰংমহললৈ স্থানান্তৰৰ সমৰ্থনত বাৰ এছ’চিয়েশ্বনক এখন আবেদন জনায়৷ কিন্তু বাৰ এছ’চিয়েশ্বনে চৰকাৰী অধিবক্তাৰ উক্ত আবেদন খাৰিজ কৰি হাইক’ৰ্ট স্থানান্তৰৰ পূৰ্বৰ স্থিতিত অটল থকাত সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ক ৰংমহললৈ স্থানান্তৰকৰণক লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ কৰে বাৰে৷ বাৰ এছ’চিয়েশ্বনে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ-গুৱাহাটীলৈ স্থানান্তৰকৰণৰ সন্দৰ্ভত হাইক’ৰ্ট নে চৰকাৰে সিদ্ধান্ত ল’লে, তাক ৰাজহুৱা কৰাৰ বাবে দাবী জনায়৷ তদুপৰি মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামে ৮ মাৰ্চত কইনাধৰাত গৈ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হোৱা কাৰ্যই ন্যায়পালিকাৰ স্বতন্ত্ৰতা লাঘৱ কৰা বুলিও গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰা বুলি বাৰৰ এটাসূত্ৰই জানিবলৈ দিছে৷ ইয়াৰোপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ক ৰংমহলৈ স্থানান্তৰৰ পৰিকল্পনাৰ বিৰোধিতাৰ পূৰ্বৰ স্থিতিত বাহাল থকাৰ কথা ঘোষণা কৰি স্থানান্তৰকৰণৰ বিৰুদ্ধে সাধাৰণ সভাত সোমবাৰে বাৰ এছ’চিয়েশ্বনে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ লক্ষণীয় যে কালিৰ সাধাৰণ সভাত একাংশ চৰকাৰী অধিবক্তাই ৰংমহললৈ উচ্চ ন্যায়ালয় স্থানান্তৰত সমৰ্থন জনায়৷ বাৰ এছ’চিয়েশ্বনৰ সদস্য হৈয়ো তেওঁলোকে এছ’চিয়েশ্বনৰ সামূহিক মতৰ বিৰুদ্ধে থিয় হোৱা বিষয়টোৱে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰে৷ অৱশ্যে এছ’চিয়েশ্বনে পূৰ্বৰ স্থিতিতে বাহাল থাকে৷