
সদনত বিধায়কক খেদি গ’ল ৰূপজ্যোতিয়ে, মাইক ভাঙি দিয়াৰো হুমকি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মাৰ্চঃ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত শুকুৰবাৰৰ দিনটো এক ক’লা দিন হিচাপে ৰৈ যাব৷ কিয়নো শুকুৰবাৰেই শাসকীয় দলৰ এজন বিধায়কে বিৰোধী দলপতিক অশ্ৰাব্য ভাষাৰে গালি পৰাৰ উপৰি এজন জ্যেষ্ঠ বিধায়কক আক্ৰমণ কৰিবলৈ চোচা লোৱাৰ দৰে নোহোৱা-নোপোজা ঘটনা সংঘটিত হয়৷ লক্ষণীয় যে অতি সাধাৰণ কথাতে বিৰোধী পক্ষৰ বিধায়কক সদনৰ কাম-কাজৰ পৰা নিলম্বন বা বহিষ্কাৰ কৰাটো সাধাৰণ ঘটনাত পৰিণত হৈছে৷ কিন্তু শুকুৰবাৰে বিধানসভাত শাসকীয় পক্ষৰ বিধায়কে সদনৰ মজিয়াতে অভব্য ব্যৱহাৰ কৰাৰ পাছতো বিধায়কজনৰ বিৰুদ্ধে ন্যূনতম ব্যৱস্থাও লোৱা পৰিলক্ষিত নহ’ল৷ উল্লেখ্য, বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ কৰ্তন প্ৰস্তাৱৰ হোৱা আলোচনাৰ সময়ত সংঘটিত হয় উক্ত অবাঞ্ছিত ঘটনা৷ লোকনিৰ্মাণ বিভাগৰ ওপৰত বিৰোধীয়ে অনা কৰ্তন প্ৰস্তাৱৰ ওপৰত ভাষণ দি আছিল বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ বিধায়ক কুৰ্মীয়ে চৰকাৰৰ গুণ-গান কৰি থকাৰ সময়ত বিধায়ক অখিল গগৈয়ে কুৰ্মীক ‘ধোদৰ আলি’ৰ অৱস্থাৰ বিষয়ে বক্তব্য ৰাখিবলৈ কয়৷ বিধায়ক অখিল গগৈয়ে এনেদৰে কোৱাত কুৰ্মী খৰ্গহস্ত হয় আৰু বক্তৃতাত হস্তক্ষেপ নকৰিবলৈ সকীয়াই দি কয়– অখিল গগৈ ডাঙৰীয়া, মোক বক্তৃতাত বাধা নিদিব৷ নহ’লে আপোনাৰ মাইক মই ভাঙি পেলাম৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে কোৱাত বিৰোধী বিধায়কসকলে বিধানসভাৰ অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰি কয়– সন্মানীয় সদস্যজনে বিধানসভাত অশালীন মন্তব্য কৰি আছে৷ বিৰোধী বিধায়কসকলে এনেদৰে কোৱাত ৰূপজ্যোতি কুৰ্মী অধিক আগ্ৰাসী আচৰণ কৰি থাকে৷ বাধ্য হৈ কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছেৰমান আলীয়ে ৰূপজ্যোতি কুৰ্মীক বিধানসভাৰ অধ্যক্ষৰ আসনৰ ফালে চাইহে বক্তব্য ৰাখিবলৈ কয়৷ এই কথাতে ক্ষুন্ন হৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক ছেৰমান আলীক মাৰিবলৈ চোচা লয়৷ বিধানসভাৰ মজিয়াত থকা মাৰ্শ্বালে কোনোমতে এনে আক্ৰমণৰ পৰা ৰক্ষা কৰে শ্বেৰমান আলীক৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণক লৈ সদনত হাহাকাৰ লাগে৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভাৰ উপাধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰি কয়– বিধানসভাৰ সদস্য এজনে অবাঞ্ছিত ঘটনাৰ সৃষ্টি কৰিছে৷ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে৷ বিধায়ক অখিল গগৈয়েও কয়– উপাধ্যক্ষ ডাঙৰীয়া, আপুনি কি কৰি আছে? সদনত সদস্য এজনে কেনেকৈ কথা ক’ব লাগে জানিব লাগে৷ ৰূপজ্যোতি কুৰ্মী শান্ত হওঁক চাৰি দুগুণ উৎসাহেৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক অখিল গগৈক উদ্দেশ্যি ঐ ফটুৱা, ঐ ফটুৱা আদি অভিধাৰে গালি পাৰে৷ ৰূপজ্যোতি কুৰ্মীৰ আচৰণত অসন্তুষ্ট হৈ বিপিএফ বিধায়ক দুৰ্গাদাস বড়োৱে কয়– উপাধ্যক্ষ ডাঙৰীয়া, সদনৰ ভিতৰত প্ৰতিজন সদস্যৰ নিৰাপত্তাৰ দায়িত্ব অধ্যক্ষৰ৷ লগে লগে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অবাঞ্ছিত আচৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে কংগ্ৰেছ, চিপিআইএম, ইউডিএফ, ৰাইজৰ দলৰ বিধায়কে দাবী জনায়৷
কিন্তু ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি উপাধ্যক্ষ ডাঃ নোমল মোমিনে পৰৱৰ্তী কাৰ্যসূচী চলাই যাব বিচাৰে৷ এই কথাত অসন্তুষ্ট হৈ বিৰোধী বিধায়কসকলে ১০ মিনিটৰ বাবে সদন ত্যাগ কৰে৷ বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰা বুলি ঘোষণা কৰাৰ পাছতে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিনে সদন ১০ মিনিটৰ বাবে স্থগিত ঘোষণা কৰে৷ দহ মিনিট উকলি যোৱাৰ পাছতো বিধায়ক কুৰ্মীৰ বিৰুদ্ধে কোনো ব্যৱস্থা অবিহনে স্বাভাৱিকভাৱে চলাই যোৱা হয় বিধানসভাৰ কাম-কাজ৷ বিধায়ক কুৰ্মীৰ বিৰুদ্ধে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰি বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিনে মাথোঁ সকীয়নি দি কয়–বিধানসভাত ভৱিষ্যতে এনে আচৰণ নকৰিব৷ বিধানসভাৰ উপাধ্যক্ষ আৰু জ্যেষ্ঠ সতীৰ্থসকলে এনে কাৰ্য বেয়া হৈছে বুলি কোৱাত বিধায়ক কুৰ্মীয়ে সদনৰ মজিয়াত ক্ষমা বিচাৰি কয়–‘মোৰ ভুল হৈছে৷ মই এনে কৰিব নালাগিছিল৷’ সৰু সৰু কথাতে বিৰোধী বিধায়কক ককৰ্থনা কৰা, নিলম্বন কৰা বিধানসভাৰ অধ্যক্ষৰ আসনত উপবিষ্ট অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিনে শুকুৰবাৰে ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে প্ৰশ্ন উত্থাপিত হৈছে৷ উল্লেখ্য, শুকুৰবাৰে অসম বিধানসভাৰ ইতিহাসত কালিমা সনা এই ঘটনাৰ সাক্ষী হৈ ৰয় গুৱাহাটী বিশ্ববিদ্যালয়, কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷ এই ঘটনাত উদ্বেগ প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– আমাৰ ১৯৩৭ চনত আৰম্ভ হোৱা বিধানসভাত এটা বেয়া লগা স্মৃতি, এনে দিন দেখিম বুলি সপোনতো ভবা নাছিলোঁ৷ বিধানসভাত অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট হৈ বিধায়ক অখিল গগৈয়ে কয়– বিৰোধী দলপতিৰ লগতে বিৰোধীক মাৰিবলৈ খেদি অহা ঘটনা হয়তো অসমৰ ইতিহাসত এইটোৱেই প্ৰথম৷ কেৱল মাৰিবলৈ খেদি অহাতেই ক্ষান্ত নাথাকি অসাংবিধানক শব্দৰে বিৰোধীক অপমান কৰাৰ পাছতো ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে উপাধ্যক্ষই৷ এয়া বিজেপি দল আৰু চৰকাৰৰ ফেচিবাদী মানসিকতাৰ প্ৰতিফলন৷ এয়া বিধানসভাৰ আটাইতকৈ লজ্জাজনক ঘটনা৷ এয়া সংসদীয় গণতন্ত্ৰৰ ক’লা দিন৷ আজি সকলো বিৰোধীয়ে সভা ত্যাগ কৰি ইয়াৰ প্ৰতিবাদ কৰাৰ লগতে গণতন্ত্ৰক ৰক্ষা কৰিবলৈ আহ৩ান জনাইছোঁ৷ বিভিন্ন সময়ত হাঁহি-খিকিণ্ডালি কৰি অহা বিধায়ক ৰূপজ্যোতি কুৰ্মীক বহুতে ‘বহুৱা’ অভিধা দিয়েই৷ সেই বহুৱাৰূপী ৰূপজ্যোতি কুৰ্মীয়ে শুকুৰবাৰে ‘ৰাজসভা’ত কৰা আচৰণ অসম বিধানসভাৰ ইতিহাসত ৰৈ যাব অবাঞ্ছিত ঘটনাৰূপে৷