Logo
image

ট্ৰাম্পে বন্ধ কৰি দিলে শিক্ষা দপ্তৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ মাৰ্চঃ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অনৰ্থক ধন ব্যয় হোৱাৰ বাবে দেশৰ শিক্ষা বিভাগ বন্ধ কৰি দিছে৷ বৃহস্পতিবাৰে এটা ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ শিক্ষা বিভাগটো ভংগ কৰাৰ ‘এক্সিকিউটিভ অৰ্ডাৰ’ত স্বাক্ষৰ কৰে৷ এই নিৰ্দেশত স্বাক্ষৰ কৰি ড’নাল্ড ট্ৰাম্পে তেওঁৰ কেবিনেটৰ শিক্ষামন্ত্ৰী লিণ্ডা মেকমোহনক শিক্ষা বিভাগ ভংগৰ পৰৱৰ্তী প্ৰক্ৰিয়া সম্পাদন কৰিবলৈ নিৰ্দেশ দিছে৷ ড’নাল্ড ট্ৰাম্পে মাৰ্কিন ফেডাৰেল শিক্ষা বিভাগ বন্ধ কৰাৰ ‘এক্সিকিউটিভ অৰ্ডাৰ’ স্বাক্ষৰ অনুষ্ঠানত শিক্ষা মন্ত্ৰীক ৰখাৰ লগতে এদল শিশুক তেওঁৰ আসনৰ চাৰিওদিশে বহিবলৈ দিয়ে৷ সেই প্ৰত্যেক শিশুৰ হাততে একোখনকৈ ‘ডামি’ ‘এক্সিকিউটিভ অৰ্ডাৰ’ৰ কপি দি প্ৰকৃত কপিখনত ট্ৰাম্পে স্বাক্ষৰ কৰি সকলোৰে সন্মুখত দাঙি ধৰে৷ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত স্বাক্ষৰ কৰি ট্ৰাম্পে কয়–‘মোৰ প্ৰশাসনীয় বিভাগে দেশৰ শিক্ষা বিভাগ বন্ধ কৰাৰ ক্ষেত্ৰত সকলো আইনী পদক্ষেপ সম্পন্ন কৰিব৷ মই অতি শীঘ্ৰে দেশৰ শিক্ষা বিভাগটো সম্পূৰ্ণ বন্ধ কৰি দিম৷ ই কোনো কামত নহা বিভাগ৷ ফেডাৰেল চৰকাৰৰ শিক্ষাৰ স্কুলীয়া পাঠ্যক্ৰমক লৈ একো কৰিবলগীয়া নাথাকে৷ সেই দায়িত্ব প্ৰদেশ আৰু স্থানীয় চৰকাৰৰ৷ তেওঁলোকে স্কুলৰ ৯০ শতাংশ পুঁজি যোগান ধৰে৷ হোৱাইট হাউছৰ সৈতে ইয়াৰ কোনো লেন-দেন নাই৷ মই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিছো৷’


মূলতঃ ব্যয় সংকোচনৰ বাবেই ড’নাল্ড ট্ৰাম্পে তেওঁৰ কেবিনেটৰ অন্তৰ্ভুক্ত শিক্ষা বিভাগ বন্ধ কৰি দিয়া বুলি ঘোষণা কৰিছে৷ ট্ৰাম্পৰ মতে কেন্দ্ৰই অৰ্থাৎ ফেডাৰেল চৰকাৰে এই বিভাগ জীয়াই ৰখাটো অনৰ্থক ব্যয়৷ ইতিমধ্যে ট্ৰাম্পে শিক্ষা মন্ত্ৰী লিণ্ডা মেকমোহন আৰু তেওঁৰ বিভাগটো বৰ্ডাৰ বিভাগৰ সৈতে সংযোগ কৰি দিছে৷ উল্লেখ্য, কেৱল ৰাষ্ট্ৰপতিৰ ‘এক্সিকিউটিভ অৰ্ডাৰ’ৰ জৰিয়তে ফেডাৰেল শিক্ষা বিভাগ বন্ধ কৰি দিয়া অসম্ভৱ৷ এনেদৰে এটা ফেডাৰেল বিভাগ কংগ্ৰেছেহে আনুষ্ঠানিকভাৱে ভংগ কৰিব পাৰে৷ অৱশ্যে সেই দিশত মাৰ্কিন কংগ্ৰেছে পদক্ষেপ গ্ৰহণ কৰিব৷ কিন্তু ট্ৰাম্পৰ পদক্ষেপৰ বিৰুদ্ধে আইনী জটিলতা আহি পৰিব৷ ১৯৭৯ চনত ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ কাৰ্যকালত মাৰ্কিন ফেডাৰেল শিক্ষা বিভাগ গঠন হৈছিল৷ দেশৰ ডেম’ক্ৰেট দলে তাৎক্ষণিকভাৱে ট্ৰাম্পৰ এই নিৰ্দেশৰ বিৰোধিতা কৰিছে৷ তেওঁলোকৰ মতে ট্ৰাম্পৰ অবিবেচকী সিদ্ধান্তই পাবলিক স্কুলত অধ্যয়ন কৰা লাখ লাখ শিশুৰ ভৱিষ্যৎ অন্ধকাৰ কৰি তুলিব৷ স্কুলৰ পাঠ্যক্ৰমৰ সৈতে সংপৃষ্ট নাথাকিলেও ফেডাৰেল শিক্ষা বিভাগে গৱেষণা, তথ্য সংগ্ৰহ ইত্যাদিৰ ক্ষেত্ৰত বৃহৎ পুঁজিৰ যোগান ধৰি আহিছিল৷ ট্ৰাম্পৰ সিদ্ধান্তই তেনে গৱেষণা বন্ধ কৰি দিব আৰু স্কুল-কলেজৰ শিক্ষা অভাৱনীয়ভাৱে ব্যয়বহুল কৰি তুলিব৷