Logo
image

দিছপুৰে নহয়, স্বয়ং হাইক’ৰ্টেহে বিচাৰিছে স্থানান্তৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মাৰ্চঃ  গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ ৰংমহললৈ উচ্চ ন্যায়ালয় স্থানান্তৰ হোৱাটো প্ৰকৃততে কোনে বিচাৰিছে? গুৱাহাটী উচ্চ ন্যায়ালয়ে নে দিছপুৰে? গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰক কেন্দ্ৰ কৰি ইতিমধ্যে প্ৰতিবাদমুখৰ হৈ পৰিছে অধিবক্তা সমাজ৷ আনকি এই সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচীও ঘোষণা কৰা হৈছে৷   উল্লেখ্য, কিছুদিন পূৰ্বে কইনাধৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল, য’ত উত্তৰ গুৱাহাটীৰ ৰংমহলত নিৰ্মাণ হ’বলগীয়া প্ৰস্তাৱিত ‘জুডিচিয়েল চিটী’ সন্দৰ্ভত বিতং আলোচনা হয় আৰু এই বৈঠকতে নতুন হাইক’ৰ্ট বিল্ডিঙৰ আৰ্হি মুখ্য ন্যায়াধীশক দেখুওৱা হয়৷ ৮ মাৰ্চত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইৰ উপৰি ন্যায়াধীশ সুমন শ্যামো কইনাধৰাৰ চৰকাৰী অতিথিশালাত অনুষ্ঠিত বৈঠকত উপস্থিত আছিল৷ এই বৈঠকতে চূড়ান্ত হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰক্ৰিয়া৷ অধিবক্তা সমাজে উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰুদ্ধে ককালত টঙালি বন্ধাৰ সময়তে এখন পত্ৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য৷


এই পত্ৰখন লিখিছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২০২৩ চনৰ জ্জ জুলাইত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰালৈ৷ এই চৰকাৰী পত্ৰখনত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰে যে– ‘গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ প্ৰস্তাৱ অসম চৰকাৰে গ্ৰহণ কৰা নাই৷ এই প্ৰস্তাৱ গুৱাহাটী উচ্চ ন্যায়ালয়ে আগবঢ়াইছে৷’ যদি পত্ৰখনত লিখা কথাটোৱে সঁচা তেন্তে এতিয়া অধিবক্তা সমাজে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰিৱৰ্তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিৰুদ্ধেহে আন্দোলন-প্ৰতিবাদ কৰিব লাগিব৷ কাৰণ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে গুৱাহাটী উচ্চ ন্যায়ালয়েহে এই স্থানান্তৰ বিচাৰিছে৷ চৰকাৰে নহয়৷ উল্লেখ্য, উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিষয়টোক কেন্দ্ৰ কৰি জ্যেষ্ঠ অধিবক্তাসকলে দীৰ্ঘসময় ধৰি চৰকাৰকহে আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ এনে সিদ্ধান্তৰ বাবে চৰকাৰক সমালোচনাৰে থকা-সৰকাও কৰিছে৷ চৰকাৰৰ পৰিৱৰ্তে উচ্চ ন্যায়ালয়কহে অধিবক্তা সমাজে এতিয়া হেঁচা দিব লাগিব যাতে চৰকাৰক দিয়া উচ্চ ন্যায়ালয় স্থানান্তৰৰ প্ৰস্তাৱ শীঘ্ৰে বাতিল কৰে৷ লক্ষণীয়ভাৱে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছচিয়েশ্বনে এই স্থানান্তৰৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে একাংশ চৰকাৰী অধিবক্তা আৰু অন্য অধিবক্তাই এই স্থানান্তৰৰ সপক্ষে মাত মাতি আহিছে৷