ঠিকাদাৰৰ পাওনা ১৪ হাজাৰ কোটি, কেন্দ্ৰই দিছে এশ কোটি
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ মাৰ্চঃ ‘কণা হাঁহক পতান’ দিয়াৰ দৰেই এতিয়া জলজীৱন মিছনৰ ঠিকাদাৰৰ বাবে মোকলাই দিয়া হৈছে ধন৷ কাম কৰি কাহানিবাই সম্পূৰ্ণ হ’ল যদিও জলজীৱন মিছনৰ ঠিকাদাৰক এতিয়া ১০ শতাংশ ধনহে মোকলাই দিব জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে৷ কিয়নো জলজীৱন মিছনৰ কামৰ ১৪ হাজাৰ কোটি টকা বিলৰ বিপৰীতে অসমক কেন্দ্ৰৰ জলশক্তি মন্ত্ৰণালয়ে মোকলাই দিলে মাত্ৰ ১০০ কোটি টকাহে৷ এক কথাত অসমক সাগৰৰ প্ৰয়োজন যদিও পৰিছে যেন এটোপালহে পানী৷ কেন্দ্ৰীয় চৰকাৰে জলজীৱন মিছনৰ ঠিকা কামৰ বাবদ ১০০ কোটি টকা মোকলাই দিয়াত মূৰে-কপালে হাত দিবলগীয়া হৈছে ঠিকাদাৰসকলে৷ আনকি ধাৰ্য কৰা পুঁজিৰ নামমাত্ৰ পাওনা আদায় দিয়াত ঠিকাদাৰৰ মাজত ধন বিতৰণ কৰিবলৈ গৈ হাহাকাৰ কৰিবলগীয়া হৈছে খোদ বিভাগীয় বৰমূৰীয়াসকলো৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ ঘৰে ঘৰে খোৱাপানী যোগানৰ অভিলাসী আঁচনি জলজীৱন মিছনৰ পুঁজি মোকলাই দিয়া বন্ধ কৰাত বিগত বৰ্ষৰ ৩ অক্টোবৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বাধীন জনস্বাস্থ্য কাৰিকৰী বিভাগে জে জে এমৰ নতুন কাম বন্ধ কৰি দিছিল৷ ইয়াৰ পাছতেই ৩ অক্টোবৰৰ পূৰ্বে কাম সম্পূৰ্ণ কৰা ঠিকাদাৰক বিল দাখিল কৰিবলৈ নিৰ্দেশ দিছিল৷ সেই অনুসৰি কাম সম্পূৰ্ণ কৰা ৰাজ্যৰ ঠিকাদাৰসকলে বিল জমা দিয়াত ধন মোকলাই দিয়াৰ বাবে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে কেন্দ্ৰলৈ কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰে৷ অসম চৰকাৰৰ বাৰম্বাৰ অনুনয়-বিনয়ৰ পাছত শেহতীয়াকৈ বিগত ১১ মাৰ্চত কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ অৱৰ সচিব অবিনাশ কুমাৰ সিন্হাই জে জে এম কামৰ বাবদ ঠিকাদাৰৰ পাওনা ১৪ হাজাৰ কোটি টকাৰ বিপৰীতে অসম চৰকাৰলৈ মোকলাই দিয়ে ১০০ কোটি টকা৷ ৯০ঃ১০ অনুপাতত অসম চৰকাৰে লাভ কৰা ১০০ কোটি টকা জে জে এম ঠিকাদাৰৰ মাজত বিতৰণ কৰিবলৈ গৈ কাৰ্যতঃ এপাঁচি শাকত এটা জালুক সদৃশ পৰিস্থিতিৰ সন্মুখীন হয় বিভাগটো৷ যাৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে এতিয়া বিগত ৩ অক্টোবৰৰ পূৰ্বে কাম সম্পূৰ্ণ কৰা ঠিকাদাৰক প্ৰাপ্য মুঠ বিলৰ বিপৰীতে মাত্ৰ ১০ শতাংশ ধন মোকলাই দিয়াৰহে সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই অনুসৰি পি এইচ ই বিভাগৰ মুখ্য অভিযন্তাই বিগত ১৯ মাৰ্চত ৰাজ্যৰ ৪০টা সংমণ্ডলৰ মাজত ৯৩.২৫ কোটি টকা বিতৰণ কৰে৷ কিন্তু মুখ্য অভিযন্তাজনে এতিয়া একাংশ প্ৰভাৱশালী দিছপুৰৰে ঘনিষ্ঠ ঠিকাদাৰৰ স্বাৰ্থত বিশেষ বিশেষ সংমণ্ডললৈ অধিক ধন বিতৰণ কৰাৰ অভিযোগ কৰিছে ভুক্তভোগী ঠিকাদাৰসকলে৷ সকলো সংমণ্ডলৰ মাজত ধনৰ সম বিতৰণ কৰিব লাগিছিল যদিও বিশেষ বিশেষ ঠিকাদাৰৰ স্বাৰ্থতে কোনো কোনো সংমণ্ডলক ২০ কোটি টকা আৱণ্টন দি আন কোনো সংমণ্ডলত মাত্ৰ লাখ টকাহে বিতৰণ কৰাৰ অভিযোগ কৰিছে৷ মুখ্য অভিযন্তাই পি এফ এম এছ আঁচনিৰ অধীনৰ জে জে এমৰ কামৰ বাবদ টংলা সংমণ্ডলক সৰ্বাধিক ২১.১২ কোটি টকা, কৰিমগঞ্জ সংমণ্ডলক ১৮.৬১ কোটি টকা, হোজাই সংমণ্ডলক ১৪.৫৬ কোটি টকা আৱণ্টন দিয়াৰ বিপৰীতে মাজুলী সংমণ্ডলক মাত্ৰ ১.৬৬ লাখ টকা, ধিং সংমণ্ডলক ৫.৭৭ লাখ টকা আৰু দক্ষিণ শালমৰা মানকাচৰ সংমণ্ডলক ৭.৩২ লাখ টকাহে মোকলাই দিয়া দেখা গৈছে৷ বিভাগীয় কতৃৰ্পক্ষৰ এই কাৰ্যক লৈ স্বাভাৱিকতেই ঠিকাদাৰসকল ক্ষুব্ধ হৈ পৰিছে৷
কোটি কোটি টকা অনাদায়, ক্ষুব্ধ জলসম্পদ ঠিকাদাৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰঃ বাৰিষা সমাগত৷ আৰু মাত্ৰ দুই-এক মাহৰ পাছতে ৰাজ্যত আৰম্ভ হ’ব বানৰ সংহাৰ৷ কিন্তু এই বানৰ লগত মোকাবিলা কৰাৰ বাবে এইবাৰ শ’লঠেকত পৰিব ৰাজ্যৰ জলসম্পদ বিভাগ৷ কিয়নো ২০২২-২৩ বৰ্ষতে বানে ছিঙা মথাউৰি নিৰ্মাণ কৰি এই সময় পৰ্যন্ত ধন লাভ কৰা বাদেই, ৱৰ্ক অৰ্ডাৰো লাভ কৰিবলৈ সক্ষম নহ’ল জলসম্পদ বিভাগৰ বহু ঠিকাদাৰ৷ যাৰ বাবে এতিয়া একাংশ ঠিকাদাৰে এইবাৰ বাৰিষাত মথাউৰি নিৰ্মাণ, বানত ক্ষতিগ্ৰস্ত অংশ নিৰ্মাণ আদি কাম নকৰাৰ হুংকাৰ দিছে৷ উল্লেখ্য, এছ ডি আৰ এফ আঁচনিৰ ছেকশ্বন ৫০ৰ অধীনত কাম কৰা বহু সংখ্যক ঠিকাদাৰে এতিয়াও চৰকাৰৰ পৰা কোটি কোটি টকা লাভ কৰিবলৈ সক্ষম নহ’ল৷ এক প্ৰকাৰে ৰাজহ বিভাগৰ প্ৰশাসনিক অনুমোদন নোহোৱাৰ বাবেই এইসকল ঠিকাদাৰ দীৰ্ঘদিন ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে লখিমপুৰ জিলাৰ শিঙৰা, সোৱণশিৰি, গাভৰু, শিঙীয়া, ডিক্ৰং আদি নৈয়ে ২০২২-২৩ বৰ্ষতে বানত ছিঙি নিয়া মথাউৰি, বানত ক্ষতিগ্ৰস্ত হোৱা অংশবোৰ পৰৱৰ্তী সময়ত জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ নিৰ্দেশত জলসম্পদ বিভাগৰ জড়িয়তে মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰিছিল যদিও এইসকল ঠিকাদাৰে আজিও উক্ত ধন লাভ নকৰিলে৷ লক্ষণীয় কথা যে সেই সময়ত ছিগা অংশ নিৰ্মাণ কৰা, খহনীয়া মথাউৰি নিৰ্মাণ কৰাৰ পাছত জিলা আয়ুক্তই স্বৰজমিন পৰিদৰ্শন কৰি কাম সম্পূৰ্ণ হোৱাৰ প্ৰমাণ-পত্ৰ ঠিকাদাৰসকলক দিয়া দুবছৰ পাৰ হ’ল যদিও এইপৰ্যন্ত বহু ঠিকাদাৰে ধন লাভ কৰিবলৈ সক্ষম নহ’ল৷ পৰিতাপৰ কথা যে তেওঁলোকে এইপৰ্যন্ত জলসম্পদ বিভাগৰ পৰা ৱৰ্ক অৰ্ডাৰো লাভ কৰা নাই৷ কিয়নো ৰাজহ বিভাগে এই কামসমূহৰ সন্দৰ্ভত প্ৰশাসনিক অনুমোদন নোহোৱাৰ বাবে জলসম্পদ বিভাগে ঠিকাদাৰক ৱৰ্ক অৰ্ডাৰ দিব পৰা নাই৷ একেদৰে এই আঁচনিখনে একে কাৰণতে অনুমোদনো লাভ কৰা নাই৷ লখিমপুৰৰ জলসম্পদ বিভাগৰ দায়িত্ববাহী বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি ২০২৩-২৪ বৰ্ষতে জিলাখনৰ ইছলামপুৰ, নাওবৈচা, কলাখোৱা, ভোগমন, শিলিখাগুৰি, গাভৰু, মধুপুৰ দহঘৰীয়া, আউনিবাৰী, ডিক্ৰংঘাট, পাৰ্বতীপুৰ আদিত জিলাখনৰ ভালেসংখ্যক ঠিকাদাৰে এছ ডি আৰ এফ ছেকশ্বন ৫০১ অধীনত শ শ মিটাৰ ছিঙা মথাউৰি নিৰ্মাণ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত ঠাইত বান্ধ নিৰ্মাণ কৰা, সুৰক্ষা দিয়া, বস্তা পেলোৱা আদি কাম কৰিছিল যদিও এই ঠিকাদাৰসকলে কাম কৰা দুবছৰৰ পিছতো ৱৰ্ক অৰ্ডাৰ তথা ধন লাভ নকৰা কাৰ্যই বঞ্চিত ঠিকাদাৰসকলক ক্ষুব্ধ কৰি তুলিছে৷ যাৰ বাবে আগন্তুক বাৰিষাত তেওঁলোকে জলসম্পদ বিভাগত কাম নকৰাৰ হুংকাৰ দিছে৷






