Logo
image

উক্তি-বক্ৰোক্তি

ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক৷ সুস্থ হৈ থাকা, আনন্দত থাকা৷ প্ৰত্যেকৰে খবৰ ৰখাৰ বাবে চন্দু ছাৰক ধন্যবাদ৷ যি নতুনকৈ আহিছে তেওঁলোকক স্বাগত৷ অধিনায়কৰ দায়িত্ব লোৱাৰ বাবে ৰাহানেক ধন্যবাদ৷ 

– কেকেআৰৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান


বিহাৰ দিৱসৰ এই শুভ মুহূৰ্তত মই বিহাৰৰ প্ৰতিগৰাকী নাগৰিকলৈ মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ বিহাৰৰ জনতাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


সুনীতা উইলিয়ামছহঁতে মুঠেই পাঁচ ডলাৰহে দৈনিক ভাট্টা পায় নেকি? সেই কথাটো মোক কোনেও কোৱা নাই৷ মই একোৱেই নাজানো৷ যদি এতিয়া আৰু ধন দিব লাগে তেন্তে মই মোৰ পকেটৰ পৰাই তেওঁলোকক দিব লাগিব৷ 

– মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প


       ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত বিৰোধী বিধায়কলৈ খেদি যোৱাটো বিজেপিৰ পৰম্পৰাৰ আৰু সদনৰ আচৰণৰ পৰিপন্থী৷ তেওঁৰ আচৰণত বিজেপিৰ কাৰ্যকৰ্তাৰ সংস্কাৰৰ লগত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছে৷ মই তেওঁক এই আচৰণৰ বাবে অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিবলৈ নিৰ্দেশ  দিছোঁ৷ 

– বিজেপিৰ  ৰাজ্যিক সভাপতি দিল্লীপ শইকীয়া


মই এয়াৰ ইণ্ডিয়াৰ বিমানেৰে যাত্ৰা কৰিছিলোঁ৷ বিমানখন ডেৰঘণ্টা পলমকৈ উৰিল৷ এয়াৰ ইণ্ডিয়াৰ বিমানৰ এনে নিয়মিত বিলম্ব সকলো যাত্ৰীৰ বাবে শাস্তিৰ কাৰণ হৈ উঠিছে৷ ইয়াৰ বাবে যাত্ৰীয়ে ক্ষতিপূৰণ পাব লাগে৷ 

– এন চি পিৰ সাংসদ সুপ্ৰিয়া ছুলে


মই মৰিয়নিত নিৰ্বাচন খেলিলে ৰূপজ্যোতি কুৰ্মীৰ বিধানসভাৰ কাৰ্যকাল এইবাৰেই শেষ হ’ব৷ 

 – শিৱসাগৰৰ বিধায়ক অখিল গগৈ


মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হ’ল৷ মণিপুৰৰ অৱস্থা এতিয়াও অতি শোচনীয়৷ এই অৱস্থা পৰিদৰ্শন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ এটা দলে উত্তৰ-পূবৰ ৰাজ্যখনলৈ যাত্ৰা কৰাটো শুভ পদক্ষেপ৷ কিন্তু মোৰ প্ৰশ্ন– মণিপুৰৰ জনতাৰ দুখ-দুৰ্দশা বুজিবলৈ প্ৰধানমন্ত্ৰী কেতিয়াকৈ অষ্টলক্ষ্মীৰ ৰাজ্যখনলৈ যাব?

– কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ


যেতিয়া ৰাজহুৱা সম্পত্তি সাম্প্ৰদায়িক সংঘৰ্ষত ধবংস হয় তেতিয়া সেই ধবংসকাৰীৰ পৰা ৰাজহুৱা সম্পত্তিৰ মূল্য আদায় কৰিবলৈ ন্যায়ালয়েও নিৰ্দেশ দিয়ে৷ যদিহে নাগপুৰৰ ধবংসকাৰীয়ে ধন আদায় নিদিয়ে তেন্তে তেওঁলোকৰ সম্পত্তিৰ ওপৰত বুলডজাৰ চলাবলৈ মই কুণ্ঠাবোধ নকৰিম৷ 

– মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশ