Logo
image

অহংকাৰ, জ্ঞান আৰু সত্য

আমি প্ৰায় এনেকুৱা এখন চৰকাৰেই নিৰ্বাচিত কৰো, যিখন  চৰকাৰ  নিৰ্বাচিত হোৱাৰ পাছত জনতাৰ প্ৰায়বোৰ কথা, সমস্যা আৰু দাবীকে আওকাণ কৰা হয়৷ চৰকাৰখনে নিজকে অধিক জ্ঞানী আৰু  তেওঁলোকে লোৱা সকলো সিদ্ধান্তই শুদ্ধ বুলি ভাবে বা জনতাক ভাবিবলৈ বাধ্য কৰোৱায়৷ কাৰণ নিৰ্বাচিত কৰাৰ পিছত জনতাৰ হাতত চৰকাৰক জবাবদিহি কৰিবলৈ একো উপায় নাথাকে৷  আমাৰ সংবিধানেও ইয়াৰ একো দিহা দিয়া নাই৷ ই সংবিধানৰ এক বিসংগতি বুলিব পাৰি হয়তো৷ কাৰণ ৰাইজৰ দ্বাৰা, ৰাইজৰ বাবে, ৰাইজৰ চৰকাৰত  ৰাইজৰ একো অধিকাৰেই নাথাকে বুলিব পাৰি৷  নিৰ্বাচন হোৱাৰ  পাছত মাত্ৰ কেইজনমান নেতাৰ হাতলৈ সকলো অধিকাৰ গুচি যায়৷  পুনৰ নিৰ্বাচন নোহোৱালৈকে  সেইসকল নেতাই নিজকে সৰ্বেসৰ্বা বুলি ভাবে আৰু সংবিধানক প্ৰায়ে আওকাণ কৰে৷ কাৰণ ৰাইজক আওকাণ কৰা মানেই সংবিধানক আওকাণ কৰা৷ যদিও দেশত গণতন্ত্ৰৰ প্ৰচনলন আছে বুলি ধৰা যায়, দেশৰ কোনোটো সিদ্ধান্ততে ৰাইজৰ অধিকাৰ নাথাকে৷ কেৱল চৰকাৰেহে নিৰ্ণয় কৰিব কৰিব পাৰে কোনবোৰ ব্যৱস্থা কেনেকৈ চলিব, কোনবোৰ আইন  ভাল, কোনবোৰ বেয়া ইত্যাদি৷ লাগিলে সেইবোৰ ৰাইজৰ মত আৰু  চিন্তাৰ বিপক্ষেই নাযাওক কিয়৷ আমাৰ প্ৰজাতন্ত্ৰত চৰকাৰ এখন নিৰ্বাচনহে কৰিব পাৰি৷ কিন্তু  চৰকাৰে মইমতালি দেখুৱাই  জনতাৰ মূৰত উঠি নাচিলেও চৰকাৰখন  ভাঙিব নোৱাৰি বা কাকো শাস্তি দিব নোৱাৰি৷ ই  গণতন্ত্ৰত এক পৰিতাপৰ কথা৷  সেয়ে নিৰ্বাচিত চৰকাৰে জনতালৈ ভয় নকৰে আৰু বহু জনবিৰোধী কামকাজ স্ব-ইচ্ছাই কৰি যাব পাৰে৷  ই গণতন্ত্ৰৰ সৌষ্ঠৱ কোনো মতে নবঢ়ায়৷ 

নিৰ্বাচিত চৰকাৰ এখনে  আমাৰ দেশত যিবোৰ নতুন আইন বা বিল আনে সেইবোৰৰ কোনোটোৱেই জনতাৰ সৰ্বসন্মতি ক্ৰমে অনা নহয়৷ সেইবোৰত জনতাৰ বাবে প্ৰয়োজনীয় উপাদান থাকিলেও বহুক্ষেত্ৰত চৰকাৰে নিজৰ বা দলৰ সুবিধাৰ  কাৰণেহে বহু নতুন আইন বা বিল অনা দেখা যায়৷ তেনে বহু আইনে আকৌ চৰকাৰৰ আশীষধন্য বহু পুঁজিপতিকহে সহায় কৰে৷ 

মাত্ৰ কেইজনমান লোকেৰে গঠিত চৰকাৰখনে ভাবে  যে তেওঁলোকে বিবেচনা কৰা কামেই সজ, সকলো চিন্তাই সঠিক৷ ইয়াৰ  বিপৰীতে  সমুদায় ৰাইজৰ সমূহীয়া আৰু উৎকৃষ্ট মগজুৰে ভাবি পোৱা সকলো কামেই  যেন ভুল৷ চৰকাৰত থকা মন্ত্ৰী-বিধায়ক  বা সাংসদৰ  সকলবোৰেই  ইমানো উচ্ছ শিক্ষাৰে শিক্ষিত, সত্যবাদী, ন্যায়পৰয়াণ, জ্ঞানী, তীক্ষ্ণ বুদ্ধিধাৰী  আৰু উৎকৃষ্ট  জনহিতকৰ চিন্তাৰ গৰাকী নহয় যে তেওঁলোকে যি  ক’ব বা কৰিব সেয়াই সত্য আৰু সিয়েই নিয়ম বা আইনত পৰিণত হ’ব৷ 

দিন যোৱাৰ লগে লগে চালিত চৰকাৰ খনৰ আচৰণ আৰু কাম-কাজ এনেকুৱা হৈ আহিছে যে তেওঁলোকে নিজৰ মতেই দেশ শাসন কৰাৰ দিশত আগবাঢ়িছে৷ সময়ে সময়ে অভিযোগ উঠিছে যে বহু সময়ত চৰকাৰখন বৃহৎ অপ প্ৰচাৰত লিপ্ত হৈছে আৰু তাৰ সমানে সমানে মিথ্যাচাৰী আৰু অহংকাৰীও হৈ পৰিছে৷ জনতাক মূল বিষয়বস্তুৰ পৰা আঁতৰাই ৰাখি ভুৱা প্ৰচাৰেৰে নিজৰ জয়গান গোৱাই নহয়, আহিব লগা সময়বোৰত কিদৰে ক্ষমতা অটুট ৰাখিব পাৰি তাৰে পৰিকল্পনা কৰিছে৷  কিন্তু আচৰিত কথা যে জনতাক আন্ধাৰত ৰাখি মিছাৰ আশ্ৰয় লোৱা চৰকাৰ খনৰ বিৰুদ্ধে দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমবোৰৰ ভূমিকা অত্যন্ত  সন্দেহজনক৷ এই সংবাদ মাধ্যমবোৰে চৰকাৰক প্ৰশ্ন কৰি জনতাক প্ৰকৃত সত্যৰ সন্ধান দিব লাগিছিল যদিও তেওঁলোকে চৰকাৰৰ পক্ষ লৈ জনতাক বিপথে পৰিচালিত কৰাহে দেখা গৈছে৷ এই অভিযোগ ক্ৰমাৎ সত্যত প্ৰতিপন্ন হৈছে যে দেশৰ মূলসুঁতিৰ সকলো সংবাদ মাধ্যমেই চৰকাৰৰ বহতিয়া হৈ পৰিছে, যাৰ ফলত সত্য উদ্ধাৰ হোৱাৰ পথ ৰুদ্ধ হৈ পৰিছে৷ চৰকাৰৰ প্ৰতি থকা জনতাৰ হাজাৰ  হাজাৰ প্ৰশ্নৰ উত্তৰৰ পথো প্ৰায় ৰুদ্ধ৷ কিন্তু এই কাম অধিক  ক্ষিপ্ৰ আৰু সঠিকভাৱে সমাধা কৰিবলৈ সক্ষম হৈছে কৃত্ৰিম বুদ্ধিমত্তা, যাৰ জৰিয়তে দেশৰ হাজাৰ হাজাৰ জনতাই চৰকাৰৰ পৰা বিচাৰি থকা প্ৰশ্নৰ উত্তৰ তৎক্ষণাৎ পাবলৈ সক্ষম হৈছে৷ 

শেহতীয়াকৈ আমেৰিকাৰ পুঁজিপতি, উদ্যোগপতি ইলন মাস্কে মুকলি কৰি দিয়া গ্ৰ’ক-৩ নামৰ কৃত্ৰিম বুদ্ধিমত্তাৰ  এটা  অতি শক্তিশালী ম’ডেলে ভাৰত চৰকাৰ আৰু চৰকাৰত থকা মন্ত্ৰী-নেতাসকলৰ বিষয়ত দেশৰ জনতাই দীৰ্ঘদিনৰ পৰা জানিব খোজা এনে কিছুমান প্ৰশ্নৰ গ্ৰহণযোগ্য উত্তৰ দিছে যে, যাক লৈ যিদৰে জনতা পতিয়ন যাব পাৰিছে,  তাৰ বিপৰীতে আচল সত্য উজাগৰ হোৱাত চৰকাৰী পক্ষ বিবুধিত পৰিব লগা হৈছে৷ মাত্ৰ কেইটামান দিনৰ ভিতৰতে দেশৰ হাজাৰ হাজাৰ জনতাই গ্ৰ’কক  ইমান বেছি প্ৰশ্ন সুধিবলৈ লৈছে যে সেইবোৰৰ উত্তৰ দেখি বিজেপি চৰকাৰৰ আই টি চেল বিপদত পৰিব লগা হৈছে৷ কিয়নো  বিজেপি মূল কাৰিকৰী শক্তি হৈছে আই টি চেল. যাৰ জৰিয়তে অগনিত ভুৱা প্ৰচাৰ চলোৱা হয় আৰু জনতাক তেওঁলোকে বিচাৰৰ দৰে চিন্তা কৰিবলৈ বাধ্য কৰোৱা হয়৷ কিন্তু গ্ৰ’ক এইক্ষেত্ৰত বিজেপিৰ বাবে বাধাৰ প্ৰাচীৰ হৈ থিয় দিব পাৰে৷  গ্ৰ’কৰ সমিধান  শেষ সত্য নহয় যদিও ইমান নিখুঁত , বুদ্ধিসম্পন্ন, তথ্যৰ ওপৰত প্ৰতিষ্ঠিত আৰু গ্ৰহণযোগ্য যে বৰ্তমান সময়ত দেশৰ জনতাই দেশৰ নেতা আৰু চৰকাৰি তথ্য, কাম-কাজ  জানিবলৈ যথেষ্ট পৰিমাণে গ্ৰ’ক ব্যৱহাৰ কৰিবলৈ লৈছে আৰু এই লৈ জনতাৰ মাজত চৰ্চাও অধিক চলিছে৷  আনহে নালাগে দেশৰ দেশৰ ন্যায়ালয়েও উত্তৰ দিব নোৱাৰা দেশৰ প্ৰধানমন্ত্ৰীজনৰ শিক্ষাগত অৰ্হতা বিষয়তো  গ্ৰ’ক-এ  উত্তৰ দিছে, যিটোক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে৷ গৃহমন্ত্ৰীৰ ৰাজনৈতিক জীৱন, বিজেপি চৰকাৰৰ নানান প্ৰপাগণ্ডামূলক  কাম আদিৰো উত্তৰ গ্ৰ’ক-এ ইমান গ্ৰহণযোগ্য আৰু বুদ্ধিমানৰ দৰে দিবলৈ সক্ষম হৈছে যে দিনক দিনে ৰাজনৈতিক প্ৰশ্নৰ উত্তৰ বিচাৰি দেশৰ জনতাই গ্ৰ’কৰ অধিক আশ্ৰয় লোৱা দেখা গৈছে৷ এক কথাত ক’বলৈ গ’লে দেশৰ মূল সুঁতিৰ সংবাদ মধ্যমে যিবোৰ কাম কৰিব লাগিছিল সেই কাম কৃত্ৰিম বুদ্ধিমত্তাৰ মডেল গ্ৰ’ক-এ অতি ক্ষিপ্ৰ আৰু দক্ষতাৰে কৰি দেখুৱাইছে, যাক লৈ এতিয়া  বিজেপি চৰকাৰ মুঠেও সন্তুষ্ট নহয় আৰু গ্ৰ’কৰ ওপৰত অনুসন্ধান চলোৱাৰ কথাও প্ৰকট হৈ উঠিছে৷ এয়া চৰকাৰৰ সত্যলৈ ভয় নে দ্বায়িত্ববোধ সেয়া সময়তহে গম পোৱা যাব৷