Logo
image

সদনত অধ্যক্ষ-উপাধ্যক্ষৰ নিৰপেক্ষতাক লৈ উঠিছে প্ৰশ্ন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মাৰ্চঃ অসম বিধানসভাৰ মজিয়াত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উদ্ভাণ্ডালিক লৈ কাৰ্যতঃ বিবুধিত পৰিছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মোমিন৷ কুৰ্মীয়ে এজন জ্যেষ্ঠ বিধায়ক বিধানসভা চলি থকা সময়তে মাৰিবলৈ যোৱাৰ পাছতো বিধানসভাৰ উপাধ্যক্ষই ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ব্যাপক চৰ্চা হৈছে৷ আনকি এই কথাত অসন্তুষ্টি প্ৰকাশ কৰি শাসকীয় দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিছে বিধায়ক কুৰ্মীক৷  এনে সময়তো বিভ্ৰান্তিমূলক কথাৰে বিধানসভাৰ উপাধ্যক্ষই ৰাজ্যবাসীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ উল্লেখ্য, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক শ্বেৰমান আলীক মাৰিবলৈ চোচা লৈ যোৱাৰ সময়ত বিধানসভাৰ অধ্যক্ষৰ আসনত আছিল উপাধ্যক্ষ ডাঃ নোমল মোমিন৷ উপাধ্যক্ষ মোমিনৰ উপস্থিতিতে ৰূপজ্যোতি কুৰ্মীয়ে শ্বেৰমান আলীক মাৰিবলৈ খেদি গৈছিল৷ উক্ত অবাঞ্চিত ঘটনাৰ পাছত বিৰোধী দলপতি দেবব্ৰত শইকীয়া, চি পি আই [এম] বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, ইউ ডি এফ বিধায়ক আমিনুল ইছলামে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছিল৷ উপাধ্যক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিৰোধী দলসমূহে ১০ মিনিটৰ বাবে সদন ত্যাগ কৰিছিল৷ তাৰ পাছতো উক্ত ঘটনাৰ সময়ত পেছাৱ কৰিবলৈ যোৱা বুলি কৈ গা এৰা মন্তব্য আগবঢ়াইছে উপাধ্যক্ষ মোমিনে৷ দেওবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়–মই যেতিয়া দেখিছো যে ৰূপজ্যোতি কুৰ্মী শ্বেৰমান আলী আৰু অখিল গগৈৰ ওচৰত পাইছে লগে লগে ৰূপজ্যোতি কুৰ্মীক নিজৰ আসনলৈ যাবলৈ নিৰ্দেশ দিছোঁ৷


তেওঁক এটা সতৰ্কবাণীও দিছো৷ তেওঁ আসনলৈ গ’ল৷ তাৰ পাছত তেওঁ ক্ষমা বিচাৰিলে৷ ক্ষমা বিচৰাৰ পাছত সদনৰ কাম-কাজ আৰম্ভ হ’ল৷ এই সময়ত হোৱা হুলস্থূলৰ বাবে সদন ১০ মিনিট স্থগিত ৰখা হ’ল৷ কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে ১০ মিনিটৰ বাবে সদন ত্যাগ কৰা বুলি কৈ ওলাই গ’ল৷ বিধায়কসকলে সদনৰ ভিতৰত নিজৰ ব্যৱহাৰৰ ক্ষেত্ৰত সকলোৱে সচেতন হোৱা উচিত৷ আনহাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কৰ্মকাণ্ডক লৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়–বিধানসভা নিৰপেক্ষভাৱে পৰিচালিত হৈছে৷ সকলো ক্ষেত্ৰত সকলোৱে বিচৰা মতে নহয়৷ বিধানসভা কিছুমান নিয়মৰ দ্বাৰাহে পৰিচালিত হয়৷ এই নিয়ম প্ৰতিজন সদস্যই মানি চলা উচিত৷ এতিয়া সকলোৱে কথাখিনি উপলব্ধি কৰিছে ভাল কথা৷ বাহিৰতো যি ধৰণৰ সমালোচনা হৈছে তাক আমি ইতিবাচকভাৱে গ্ৰহণ কৰিম৷ বাহিৰৰ পৰা অহা পৰামৰ্শও আমি গ্ৰহণ কৰিম৷ ই ভৱিষ্যতে বিধানসভা পৰিচালনাত সহায়ক হ’ব৷ এই ঘটনাটোৱে আমাক সকলোকে শিক্ষা দিলে৷ উল্লেখ্য, ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিেশষ ব্যৱস্থা গ্ৰহণ নকৰাত সদনৰ বাহিৰে ভিতৰে তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হৈছে উপাধ্যক্ষ নোমল মোমিন৷ স্মৰ্তব্য ৰূপজ্যোতি কুৰ্মী আৰু অখিল গগৈৰ বাক্‌ যুদ্ধ আৰম্ভ হৈছিল অধ্যক্ষৰ আসনত জলেন দৈমাৰী বহি থকাৰ সময়ত৷ বাক্‌যুদ্ধই সদন উত্তপ্ত কৰাৰ লগে লগে অধ্যক্ষ আসন গ্ৰহণ কৰিছিল উপাধ্যক্ষ নোমল মোমিনে৷ সতীৰ্থ বিধায়কক মাৰিবলৈ যোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰি সমালোচিত হৈ সেই সময়ত তেওঁ উপস্থিত নাছিল বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে৷ অৱশ্যে দেওবাৰে প্ৰকাৰন্তৰে তেওঁ সেই সময়ত সদনত থকাৰ কথা স্বীকাৰ কৰিছে৷ সদনত সামান্য কথাতে বিৰোধী বিধায়কক নিলম্বন কৰা অধ্যক্ষ-উপাধ্যক্ষই ৰূপজ্যোতি কুৰ্মীক লৈ কঠোৰ স্থিতি গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিততে অধ্যক্ষ-উপাধ্যক্ষৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উঠিছে যিটো অৱধাৰিত৷