Logo
image

ম’হছিনৰ স্থানত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছত শ্বাৰ্দুল

নতুন দিল্লী, ২৩  মাৰ্চঃ  আই পি এলৰ মেগা নিলামত আনছ’ল্ড আছিল শ্বাৰ্দুল ঠাকুৰ৷ কিন্তু অৱশেষত চলিত আই পি এলত খেলাৰ সুযোগ আহিল বলিং অলৰাউণ্ডাৰজনলৈ৷ আঘাতপ্ৰাপ্ত ম’হচিন খানৰ স্থানত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছত অন্তৰ্ভুক্ত হৈছে শ্বাৰ্দুল৷ নতুন অধিনায়ক ঋষভ পণ্টৰ অধীনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে সোমবাৰে আই পি এলত অভিযান আৰম্ভ কৰিব দিল্লী কেপিটেলছৰ বিৰুদ্ধে৷ আই পি এলে দেওবাৰে এক বিবৃতিত কয়–‘বাঁওহতীয়া বেগী বলাৰ ম’হচিন খানৰ স্থানত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে শ্বাৰ্দুল ঠাকুৰক অন্তৰ্ভুক্ত কৰিছে৷


ম’হচিন খানে আঘাতৰ বাবে চলিত আই পি এলত খেলিব নোৱাৰিব৷ অভিজ্ঞ অলৰাউণ্ডাৰ ঠাকুৰে সংৰক্ষিত মূল্য দুই কোটি টকাত দলত যোগ দিছে৷’ ডিচেম্বৰৰ শেষৰফালে বিজয় হাজাৰে ট্ৰফীত অংশ লোৱাৰ সময়ত ম’হচিনে আঘাত পাইছিল৷ অভিজ্ঞ ক্ৰিকেটাৰ শ্বাৰ্দুলে আই পি এলত পাঁচটা ফ্ৰেন্সাইজীৰ হৈ ৯৫খন মেচত অংশ লৈছে৷ শ্বাৰ্দুল বৰ্তমান লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দলৰ সৈতে বিশাখাপটনমত আছে৷