টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত গুৱাহাটী
২০২৩ চনত ভাৰতত অনুষ্ঠিত ৫০ অভাৰৰ বিশ্বকাপ ক্ৰিকেটৰ এখন খেল গুৱাহাটীত অনুষ্ঠিত কৰাৰ সুযোগ পাব বুুলি আশাবাদী আছিল অসম ক্ৰিকেট সন্থা৷ কিন্তু সেইবাৰ গুৱাহাটীক সেই সুযোগ দিয়া নহ’ল৷ পুৰুষৰ বিশ্বকাপ ক্ৰিকেটৰ খেল আয়োজন কৰিব নোৱাৰিলেও গুৱাহাটীয়ে লাভ কৰিছে মহিলাৰ বিশ্বকাপ ক্ৰিকেটৰ খেল আয়োজনৰ সুযোগ৷ ২৪ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ ভাৰতত অনু্ষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপ ক্ৰিকেটৰ অন্যতম ভেন্যু হিচাপে নিৰ্বাচন কৰা হৈছে বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম৷ অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক আৰু বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই জনোৱা মতে, মহিলা বিশ্বকাপৰ ৫-৬খন খেল গুৱাহাটীত অনুষ্ঠিত হ’ব৷ চলিত বছৰটোত আন এটা ভাল খবৰ আহিছে অসমৰ ক্ৰিকেটলৈ৷ গুৱাহাটীত ইতিমধ্যে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগতে টুৱেণ্টী২০ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে৷ এইবাৰ গুৱাহাটীৰ নাম অন্তৰ্ভুক্ত হ’ব টেষ্ট ক্ৰিকেটৰ ভেন্যুৰ মানচিত্ৰত৷ এটা দীঘলীয়া ক্ৰিকেট সূচী লৈ নৱেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটো৷ ভাৰত ভ্ৰমণত দলটোৱে দুখন টেষ্টৰ লগতে তিনিখন এদিনীয়া আৰু পাঁচখন টুৱেণ্টী২০১ শৃংখলাত ভাগ ল’ব৷ দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল ২২-চ্ছ নৱেম্বৰত অনুষ্ঠিত হ’ব গুৱাহাটীত৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটপ্ৰেমীয়ে দেশৰ এই অঞ্চলত প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট চোৱাৰ সুযোগ পাব৷ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল ২০১৭ চনৰ ১০ অক্টোবৰত৷ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত টুৱেণ্টী২০ খেলখনত অষ্ট্ৰেলিয়া জয়ী হৈছিল আঠ উইকেটত৷ ষ্টেডিয়ামখনত এতিয়ালৈকে দুখন এদিনীয়া আৰু চাৰিখন টুৱেণ্টী২০ খেল অনুষ্ঠিত হৈছে৷ তাৰ উপৰি ২০১৯ চনৰ মাৰ্চত গুৱাহাটীত ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত তিনিখন খেলৰ টুৱেণ্টী২০ শৃংখলা এটাও অনুষ্ঠিত হৈছিল৷ শৃংখলাটোৰ তিনিওখন খেলতে পৰাস্ত হৈছিল ভাৰত৷ বৰ্ষাপাৰাত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখন নিৰ্মাণ হোৱাৰ পূৰ্বেও অৱশ্যে গুৱাহাটীত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল৷ সেই সময়ত সেই খেলবোৰ অনুষ্ঠিত হৈছিল নেহৰু ষ্টেডিয়ামত৷ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখন দেশৰ সৰ্বোত্তম ক্ৰিকেট ষ্টেডিয়ামবোৰৰ অন্যতম হিচাপে পৰিচিত৷ এই ষ্টেডিয়ামখনত দীৰ্ঘদিনৰ পৰা আই পি এলৰ খেল অনুষ্ঠিত কৰাৰ দাবী উত্থাপন হৈ আছিল৷
অৱশেষত অসমৰ ক্ৰিকেটপ্ৰেমীয়ে গুৱাহাটীত আই পি এলৰ খেল চোৱাৰো সুযোগ পালে৷ আই পি এলৰ প্ৰথমটো ছীজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখনক দ্বিতীয়খন হোম গ্ৰাউণ্ড হিচাপে নিৰ্বাচন কৰিছে৷ আই পি এলৰ বিগত দুটা ছীজনত ৰাজস্থান ৰয়েলছৰ দুখনকৈ খেল গুৱাহাটীত অনুষ্ঠিত হৈছে৷ এইবাৰো চ্ছ আৰু ৩০ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত হ’বলগীয়া খেল দুখন গুৱাহাটীত অনুষ্ঠিত হ’ব৷ এই দুখন খেলৰ উপৰি ৬ এপ্ৰিলত গুৱাহাটীয়ে আই পি এলৰ আন এখন খেলো আয়োজন কৰাৰ সুযোগ পাব পাৰে৷ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ এই খেলখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ৰাম নৱমী উপলক্ষত কলকাতাত হ’বলগীয়া বিভিন্ন কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত কলকাতা পুলিচে খেলখনৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা কৰাটো সম্ভৱ নহ’ব বুলি জনোৱাৰ পাছত বংগ ক্ৰিকেট সন্থাই খেলখন কলকাতাৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে৷ খেলখন গুৱাহাটীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যদিও এইক্ষেত্ৰত আই পি এল কতৃৰ্পক্ষৰ পৰা আনুষ্ঠানিকভাৱে একো জনোৱা হোৱা নাই৷ প্ৰশ্ন উঠিব পাৰে যে অসমত আই পি এল, টেষ্ট ক্ৰিকেট অথবা মহিলা বিশ্বকাপৰ খেল অনুষ্ঠিত কৰাৰ ফলত ৰাজ্যখনৰ ক্ৰিকেট আৰু ক্ৰিকেটাৰ কেনেদৰে উপকৃত হ’ব? ইয়াৰ উত্তৰত ক’ব পাৰি যে আই পি এলৰ ফ্ৰেঞ্চাইজী ৰাজস্থান ৰয়েলছে গুৱাহাটীক দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে লোৱাৰ পাছত ভৱিষ্যতলৈ তেওঁলোকে অসমৰ অধিক ক্ৰিকেটাৰক দলটোত সুযোগ দিয়াৰ সম্ভাৱনা আছে৷ অসমৰ ৰিয়ান পৰাগে ইতিমধ্যে দলটোৰ হৈ খেলি আছে৷ আই পি এলত দেখুওৱা প্ৰদৰ্শনেৰে তেওঁ ৰাষ্ট্ৰীয় দললৈও আমন্ত্ৰণ পাইছে৷ আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে অসমৰে ৰঞ্জিৎ বৰঠাকুৰ আছে ৰাজস্থান ৰয়েলছৰ শীৰ্ষ পদবীত৷ ৰিয়ান পৰাগৰ পূৰ্বে অসমৰ আবু নেছিম আহমেদেও আই পি এলত খেলাৰ সুযোগ পাইছিল৷ আনহাতে, ইতিমধ্যে জনপ্ৰিয় হৈ পৰা মহিলা প্ৰিমিয়াৰ লীগত খেলাৰ সুযোগ পাইছে অসমৰ জিণ্টিমণি কলিতাই৷ আবু নেছিম, ৰিয়ান পৰাগ আৰু জিণ্টিমণিহঁতক দেখি অসমৰ বহুতো উঠি অহা ক্ৰিকেটাৰে হয়তো এতিয়া আই পি এলত খেলাৰ সপোন দেখিব৷ কিয়নো আই পি এলত দেখুওৱা প্ৰদৰ্শনৰ সূত্ৰে কেইবাজনো ক্ৰিকেটাৰৰ বাবে ৰাষ্ট˜ীয় দলৰ বাট মুকলি হৈছে৷ অৱশ্যে আই পি এলত খেলাৰ সুযোগ পাবলৈ হ’লে ক্ৰিকেটাৰসকলে ৰাজ্যিক দলত খেলি নিজৰ প্ৰতিভাৰ প্ৰমাণ দিব লাগিব৷






