
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত উমা চেত্ৰী
নতুন দিল্লী, ২৪ মাৰ্চঃ ভাৰতীয় মহিলা ক্ৰিকেট দললৈ বি চি চি আয়ে আগবঢ়োৱা কেন্দ্ৰীয় চুক্তিত প্ৰথম বাৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ উমা চেত্ৰীয়ে৷ তেওঁ গ্ৰেড ‘চি’ত স্থান লাভ কৰিছে৷ গ্ৰেড ‘চি’ত চুক্তিবদ্ধ খেলুৱৈয়ে বাৰ্ষিক ১০ লাখ টকাকৈ লাভ কৰিব৷ গ্ৰেড ‘এ’ৰ খেলুৱৈয়ে বাৰ্ষিক ৫০ লাখ আৰু গ্ৰেড ‘বি’ৰ খেলুৱৈয়ে ৩০ লাখকৈ টকা লাভ কৰিব৷ গ্ৰেড ‘এ’ত বাহাল থাকিল ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, সহঃঅধিনায়ক স্মৃতি মান্ধানা আৰু আলৰাউণ্ডাৰ দীপ্তি শৰ্মা৷
গ্ৰেড ‘বি’ত স্থান লাভ কৰিছে বেগী বলাৰ ৰেণুকা ঠাকুৰ, উইকেটৰক্ষক ৰিচা ঘোষ আৰু অ’পেনাৰ শেফালি বাৰ্মাই৷ যোৱা বছৰ গ্ৰেড ‘বি’ত স্থান পোৱা বাঁওহতীয়া বলাৰ ৰাজেশ্বৰী গায়কোৱাড়ে এইবাৰ কেন্দ্ৰীয় চুক্তিত স্থান নাপালে৷ অসমৰ উমা চেত্ৰীৰ লগতে গ্ৰেড ‘চি’ত স্থান লাভ কৰিছে ইয়াষ্টিকা ভাটিয়া, ৰাধা যাদৱ, অমনজোৎ কৌৰ, স্নেহ ৰানা আৰু পূজা ছাব্বিনেনি৷