
অভিষেকতে চমক অটোৰিক্সা চালকৰ সন্তান পুথুৰৰ
মুম্বাই , ২৪ মাৰ্চঃ চলিত আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ অভিষেকতে চমক দিবলৈ সক্ষম হৈছে ২৪ বৰ্ষীয় স্পিনাৰ ভিগ্নেশ পুুথুৰে৷ দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মেচখনত অভিষেক ঘটাই নহয়, তিনিটাকৈ উইকেট লাভ কৰি দলত স্থান স্থায়ী কৰিবলৈও সক্ষম হ’ল এই তৰুণে৷ ৩২ ৰানৰ বিনিময়ত তেওঁ লাভ কৰিলে তিনিটাকৈ উইকেট৷ দেওবাৰে কৰা প্ৰদৰ্শনেৰে ক্ৰীড়াপ্ৰেমীৰ চৰ্চাত বিশেষভাৱে স্থান লাভ কৰে পুথুৰে৷ কেৰালাৰ মালাপ্পুৰুমত পুথুৰৰ ঘৰ৷ দেউতাক এজন অটো ৰিক্সা চালক৷ তেওঁৰ প্ৰদৰ্শনৰ শলাগ লৈ দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ তাৰকা মহেন্দ্ৰ সিং ধোনিয়েও পুথুৰৰ কান্ধত হাত দিছিল৷
চেন্নাইৰ অধিনায়ক ঋতুৰাজ গাইকোৱাড়, শিৱম ডুবে আৰু দীপক হুদাক আউট কৰাৰ ফলত ধোনিৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় বলাৰজনে৷ মেচৰ অন্তত পুথুৰে কয়–‘এই সকল খেলুৱৈৰ সৈতে খেলিব পাৰিম বুলি মই জীৱনত কেতিয়াও ভবা নাছিলো৷’ দেওবাৰৰ মেচখনত মুম্বাই ইণ্ডিয়ানছ পৰাস্ত হ’লেও পুথুৰৰ প্ৰদৰ্শন বিশেষ প্ৰাপ্তি আই পি এলৰ আগশাৰীৰ দলটো বাবে৷ পুথুৰে বৰ্তমান কালিকত বিশ্ববিদ্যালয়ৰ অধীনত পি টি এম গভট্ কলেজ পেৰিনথালমান্নাত স্নাতকোত্তৰ শাখাত ইংৰাজী বিভাগত অধ্যয়ন কৰি আছে৷ এতিয়ালৈকে প্ৰথম শ্ৰেণীৰ মেচতো খেলা নাই পুথুৰে৷ সংক্ষিপ্ত সময়ৰ বাবে খেলিছে তেওঁ কেৰালা ক্ৰিকেট লীগ আৰু তামিলনাডু প্ৰিমিয়াৰ লীগত৷ মুম্বাইৰ বলিং প্ৰশিক্ষক পৰশ মামব্ৰেই জনোৱা মতে নেটত ৰোহিত শৰ্মা, সূৰ্য কুমাৰ যাদৱ, তিলক বাৰ্মাৰ দৰে খেলুৱৈক পুথুৰে সমস্যাত পেলাইছিল৷ কঠিন পৰিস্থিতিত কেনেদৰে বল কৰিব লাগে সেই গুণ ইতিমধ্যেই আয়ত্ত কৰিছে পুথুৰে৷