Logo
image

কৰ’নাৰ দ্বিতীয় ঢৌৱে কাঢ়ি নিব পাৰে শ্ৰৱণ শক্তি

আমাৰ অসম বিশেষঃ দেশত দ্ৰুত হাৰত বাঢ়িছে কৰ’নাৰ সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত দেশত প্ৰায় ২ লাখ লোকৰ দেহলৈ কৰ’না সংক্ৰমণ হৈছে৷ কৰ’নাৰ দ্বিতীয় ঢৌ অতি বিপজ্জনক হৈ উঠা দেখা গৈছে৷ বিশেষজ্ঞ চিকিৎসকসকলৰ মতে এইবাৰৰ ক’ৰনাৰ সংক্ৰমণৰ চোকৰ গাঢ়তা অতি ভয়ংকৰ৷ ই শ্ৰৱণ শক্তিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাইছে৷ কৰ’নাৰ নতুন ষ্টেনটি মূলতঃ ভাইৰেল ফিভাৰ, এচিডিটি, অভোক, গাৰ বিষ, বমি বমি ভাব আৰু বদহজমৰ লক্ষণ দেখা গৈছে কৰ’না সংক্ৰমিত লোকৰ দেহত৷ কে জি এম ইউ, এছ জি পি জি আই সহ অনেক ক’ভিড হাস্পতালত ভৰ্তি হৈ থকা ৰোগীৰ দেহত দেখা গৈছে এইবোৰ লক্ষণ৷ উক্ত চিকিৎসা প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞ চিকিৎসকে প্ৰকাশ কৰা মতে হাস্পতাললৈ অহা প্ৰায়সকল ক’ভিড ৰোগীৰ দুয়োখন কাণৰ শ্ৰৱণশক্তি হ্ৰাস পাইছে৷ তদুপৰি কৰ’নাত আক্ৰান্ত বহু ৰোগীৰ পৰাও এই অভিযোগ পোৱা গৈছে৷ বিশেষজ্ঞ চিকিৎসকে প্ৰকাশ কৰা মতে কৰ’নাত আক্ৰান্ত হৈ পৰাৰ পাছত দেহৰ কেতবোৰ অংগ-প্ৰত্যংগ অকামিলাও হৈ গৈছে৷ বিশেষজ্ঞসকলৰ মতে এইবেলি কৰ’নাৰ ৰূপ পৰিৱৰ্তন হৈছে৷ কৰ’নাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ দিশলৈ চাই কৰ’নাৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কল মানি চলাৰ বিকল্প নাই৷ চিকিৎসকসকলৰ মতে কৰ’নাত আক্ৰান্ত হোৱাসকলৰ ভিতৰত যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল তেওঁলোকক সাংঘাটিকভাৱে দুৰ্বল কৰিব পৰা নাই কৰ’নাৰ নতুন ষ্টেইনে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা যিসকলৰ ভাল তেনে লোক কৰ’নাত সংক্ৰমিত হোৱাৰ ৫-৬ দিনৰ ভিতৰত স্বাভাৱিক অৱস্থালৈ আহে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কৰ’নাত আক্ৰান্ত হ’লে নিজক বিপদৰ পৰা বচাবলৈ প্ৰত্যেকজন লোকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে যথোপযুক্ত ব্যৱস্থা লোৱা উচিত বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে৷