নীৰৱে চলি থকা এটা বিপ্লৱ
‘এডভাণ্টেজ আছাম’ শীৰ্ষক দুখনকৈ বিশ্ব বাণিজ্য সন্মিলন ইতিমধ্যে অসমত অনুষ্ঠিত হৈ গ’ল৷ দুয়োখন সন্মিলনেই অসমত বিনিয়োগৰ দুৱাৰখন খুলি দিয়াৰ লগতে প্ৰচুৰ সম্ভাৱনাৰ বাট মুকলি কৰিছে বুলি চৰকাৰীভাৱে কোৱা হৈছে৷ আনহাতে, অসমত ছেমি-কণ্ডাক্টৰ প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ লগে লগেও ঔদ্যোগিক ক্ষেত্ৰখনত অসমৰ গুৰুত্ব ভালেখিনি বৃদ্ধি পাইছে৷ সেই কথাও স্বীকাৰ কৰিব লাগিব৷ ‘অসম এখন কৃষিপ্ৰধান ৰাজ্য’ বুলি সকলোৱে জানি আহিছে৷ আনকি বিদ্যালয়ৰ প্ৰাথমিক স্তৰত অসমবিষয়ক ৰচনা এখন লিখিবলৈ হ’লেও বছৰ বছৰজুৰি ছাত্ৰ-ছাত্ৰীয়ে লিখি আহিছে প্ৰথমশাৰীতেই সেই বাক্যটো৷ কিন্তু অনাগত সময়ত ‘অসম এখন উদ্যোগপ্ৰধান ৰাজ্য’ হৈ উঠিব বুলি এতিয়া চৰকাৰীভাৱে কোৱা হৈছে৷ কিয়নো এডভাণ্টেজ আছামে বহন কৰিছে তেনে এক সম্ভাৱনাৰে ইংগিত৷ কিন্তু ইয়াৰ সমান্তৰালভাৱে অসমৰ ভিন্ন প্ৰান্তত আজি কেইবছৰমানৰ পৰা খুব নীৰৱে আৰম্ভ হৈছে এক কৃষি বিপ্লৱ৷ তাৰে কিছুমান খবৰে হয়তো সংবাদ মাধ্যমত স্থান পাইছে, আন একাংশই নীৰৱেই কাম কৰি গৈছে৷ এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে শেহতীয়াকৈ আজি কেইবছৰমানৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ বা ভাৰতৰ বিভিন্ন ৰাজ্যলৈ অসমৰ পৰা ব্যাপক হাৰত বিভিন্ন শাক-পাচলিৰ লগতে কেৱল অসমতে উৎপাদন হোৱা কেইবিধমান বিশেষ সামগ্ৰী প্ৰচুৰ পৰিমাণে ৰপ্তানি হ’বলৈ আৰম্ভ কৰিছে৷ ইয়াৰ ভিতৰত আছে ৰঙালাও, বেঙেনা, ভাত কেৰেলা, পানীলাও, তেজপাত, আপেল, বগৰী আদি৷ আনহাতে, কেৱল অসমীয়া মানুহৰে খাদ্য হৈ থকা বা কেৱল অসমতে উৎপাদন হোৱা ভোট জলকীয়া আৰু কাজিনেমুক ইতিমধ্যে ডুবাইৰ পৰা লণ্ডনলৈকে মানুহে চিনিছে৷ এই দুপদ সামগ্ৰীয়ে বিদেশৰ মানুহৰ মুখৰ সোৱাদ বঢ়াইছে, বিদেশৰ বজাৰতো গা টঙাই বহিছে অসমৰ ভোট জলকীয়া আৰু কাজিনেমুৱে৷ শেহতীয়াকৈ দৌৰিছে আমাৰ হাবিয়ে-বাৰীয়ে পৰি থকা ঔ টেঙাও৷ অসমৰ পৰা যোৱা ঔ টেঙা আন্দামানত এতিয়া ভীষণ জনপ্ৰিয়৷ কিছু কিছু পৰিমাণে ৰপ্তানি হ’বলৈ আৰম্ভ কৰিছে আমাৰ সুগন্ধি জহা চাউল আৰু ক’লা চাউলো৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল– এই সকলো সামগ্ৰী অসমৰ পৰা দেশে-বিদেশে যোগান ধৰি আহিছে কেইজনমান একেবাৰে হাড়ে-হিমজুৱে অসমীয়াই বা খিলঞ্জীয়াই৷ তাকো সম্পূৰ্ণ নিজা প্ৰচেষ্টাত৷ দুপইচা হাতলৈ আহিছে৷ তেওঁলোক স্বাৱলম্বী হৈছে৷ আনহাতে বিদেশত এইদৰে পাচলি বা অন্যান্য কৃষিজাত সামগ্ৰী যোগান ধৰিবলৈ হ’লে অৰ্গেনিক পাচলিৰ চাহিদাই বেছি৷ ইয়াৰ অৱশ্যে উৎপাদন ব্যয় যেনেদৰে অধিক তেনেদৰে ইয়াৰ বজাৰ মূল্যও বেছি৷ যি নহওক, সংবাদ মাধ্যমৰ চকুত পৰাকৈয়ে হওক বা নপৰাকৈয়ে হওক এইদৰে অসমৰ পৰা শাক-পাচলি আৰু কৃষিজাত সামগ্ৰী ৰপ্তানিৰ বজাৰখন যে একাংশ থলুৱাই নিজৰ দখলত ৰাখি অসমক এইক্ষেত্ৰত বিশ্বৰ লগত পৰিচয় কৰাই দিছে বা নিজেও নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ সক্ষম হৈছে, সেয়া সঁচাকৈয়ে সাধুবাদ পোৱাৰ যোগ্য৷ কৃষিপ্ৰধান ৰাজ্য অসমতো উদ্যোগ হওক৷ দ্বিমত এইক্ষেত্ৰত নিশ্চয় কাৰোৱেই নাথাকিব৷ কিন্তু নীৰৱে চলি থাকক এই কৃষি বিপ্লৱো৷






