Logo
image

ৰাইজ সতৰ্ক হোৱাৰ সময় সমাগত

খাৰঘুলি বিহু কমিটীৰ দ্বাৰা আয়োজিত বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত নিশা ঠিক ১১ বজাৰ আগে আগে উদ্যোক্তাৰ অনুৰোধ ৰক্ষা কৰি জনপ্ৰিয় সংগীত শিল্পী অংগৰাগ পাপনলৈ নিজৰ সংগীতানুষ্ঠানৰ সামৰণি মাৰিলে৷ শিল্পীজনে ৰাইজলৈ আহ্বান জনাই ক’লে যে ক’ভিডৰ বাবে সমগ্ৰ দেশৰ পৰিস্থিতি অত্যন্ত জটিল হৈ পৰিছে৷ গতিকে চৰকাৰী নিৰ্দেশনা আমি সকলোৱে মানি চলা উচিত৷ এটা সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰা কাৰ্যক সামাজিক মাধ্যমে প্ৰশংসা কৰিছে৷ উল্লেখ্য ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিহু সন্মিলনসমূহক নিশা ১১ বজাৰ পূৰ্বে অনুষ্ঠান শেষ কৰাকে ধৰি আন বহু নিৰ্দেশনা [এচ অ’ পি] মানি চলিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত আয়োজকসকলৰ অধিকাংশই ইয়াক মানি চলিবলৈ বাধ্য হৈছে৷ অৱশ্যে বিহুৰ অনুষ্ঠানে গতি লোৱাৰ সময়ত [বিহুৰ পক উঠাৰ সময়ত] বিহু সমিতিৰ বাবে এয়া নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে আৰু দুই এঠাইত নিশা এক বজা পৰ্যন্ত বিহুৰ অনুষ্ঠান চলি থকা পৰিলক্ষিত হৈছে৷ বহু লোকৰ যুক্তি– দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, বহু কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, শাসক-বিৰোধী দলৰ নেতা-পালিনেতাই সৌ সিদিনালৈকে অৰ্থাৎ চ্ছ্ৰ এপ্ৰিললৈকে লক্ষাধিক লোকৰ উপস্থিতিত বৃহৎ জনসভা, ৰোড শ্ব’ আদি ক’ভিড প্ৰট’কলৰ নূ্যনতমকণো ৰক্ষা নকৰাকৈ অনুষ্ঠিত কৰাৰ পাছত এতিয়া বিহু উদ্‌যাপনৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়মৰ যুক্তিযুক্ততা অপ্ৰাসংগিক৷ কথাষাৰ নোহোৱাও নহয়৷ ৰাইজে মন্তব্য কৰিছে ৰজাই কৰিলে লীলা! সাধাৰণ লোকে কৰিলে কিলা৷ এতিয়া স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ অধিক অৱনতি ঘটাক ৰোধ কৰাৰ উদ্দেশ্যে সংবাদ মেলযোগে নতুন নিৰ্দেশনা সমূহ জাৰি কৰিছে৷ এই কথাও সত্য যে নেতা-মন্ত্ৰীয়ে ‘গণতন্ত্ৰৰ উৎসৱ’ক সফল কৰাৰ স্বাৰ্থত ক’ভিড প্ৰট’কলৰ সকলো নীতি-নিয়ম ভংগ কৰি এতিয়া ৰাইজক ‘জাতীয় উৎসৱ’ক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে উদ্‌যাপন কৰিবলৈ দিয়া নিৰ্দেশত অসন্তুষ্ট হ’লেও অসমৰ ৰাইজে চৰকাৰী নিৰ্দেশনাক মোটামোটিভাৱে হ’লেও মানি চলিব সেয়া নিশ্চিত! সেয়েহে প্ৰায়বোৰ বিহু অনুষ্ঠানেই এতিয়া নিশা ১১ বজাৰ ভিতৰতে সম্পূৰ্ণ কৰা হৈছে বা বহু বিহু সমিতিয়ে ক’ভিড প্ৰট’কলৰ শেহতীয়া নিৰ্দেশসমূহ মানি চলি বিহু সন্মিলন, বহাগী বিদায় আদি অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি ভাবি বাতিল কৰাৰ কথা ঘোষণা কৰিছে৷ ক’ভিডৰ দ্বিতীয় সংক্ৰমণৰ ঢৌ ৰাজ্যত বৃদ্ধি পোৱাৰ মূল কাৰণ হিচাপে বহিঃৰাজ্যৰ পৰা ৰে’ল, বিমান, বাছ আদি যোগে অহা লোকৰ কাৰণে বুলি চৰকাৰীভাৱে উল্লেখ কৰা হৈছে যদিও ইয়াৰ অন্তৰালৰ আন কাৰণসমূহ উপেক্ষা কৰা হৈছে৷ নিৰ্বাচনৰ ধামখুমিয়াত চৰকাৰী প্ৰশাসন যন্ত্ৰ, মন্ত্ৰী-বিধায়কে ক’ভিড নিয়ন্ত্ৰণৰ দিশসমূহ উলাই কৰিছিল৷ অসমত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন জিলাত ক’ভিড সংক্ৰমণ কম পৰিমাণে চলি থকাটো চৰকাৰ প্ৰশাসনৰ অৱগত আছিল৷ নিৰ্বাচনৰ অচিলাৰে বিভিন্ন ৰাজ্যৰ নেতা-মন্ত্ৰীৰ লগতে নিৰাপত্তা বাহিনীৰ বৃহৎ দল অসমলৈ আহিছিল৷ কিন্তু সেই সময়ত ক’ভিড পৰীক্ষা বাধ্যতামূলক নোহোৱাৰ বাবে সেইসকলৰ লোকৰ পৰাও সংক্ৰমণ বৃদ্ধি হোৱাটো নুই কৰিব নোৱাৰি৷ এইবাৰ ক’ভিডৰ দ্বিতীয় সংক্ৰমণ আহিছে৷ গৱেষণা মতে ক’ভিডৰ বিষাণুৰ স্বৰূপ সঘনে সলনি হৈ আছে৷ প্ৰথম সংক্ৰমণৰ সময়ত থকা লক্ষণসমূহৰ সৈতে এইবাৰ সংক্ৰমণৰ লক্ষণসমূহ বহু পৃথক৷ গতিকে এইবাৰ ক’ভিডৰ বিৰুদ্ধে যুঁজখন অধিক সংঘবদ্ধ হোৱাটো প্ৰয়োজন৷ এনে সময়ত বিহু উদ্‌যাপনৰ পৰা সকলো দিশতে ৰাইজ সতৰ্ক হোৱাৰ সময় সমাগত৷