
ধেমাজিত পহিলা এপ্ৰিলৰ পৰা পঞ্চায়তে পঞ্চায়তে স্বাস্থ্য মেলা
'আমাৰ অসম'ৰ ধেমাজিৰ প্ৰতিবেদক, ২৮ মাৰ্চঃ ধেমাজি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ ৬৫ খন গাওঁ পঞ্চায়ত আৰু ২ খন নগৰ পৌৰসভাৰ এলেকাত বৃহৎ স্বাস্থ্য মেলাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। জিলাখনৰ সকলো ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু শিক্ষা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, সমাজ কল্যাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত পহিলা এপ্ৰিলৰ পৰা এই বৃহৎ স্বাস্থ্য মেলা আৰম্ভ হ’ব ৷ ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে৷ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাঁয়ে জানিবলৈ দিয়া মতে, জিলাখনৰ প্ৰতিটো পঞ্চায়তৰ ৰাইজৰ মাজত স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনিৰ সম্পৰ্কে জনজাগৰণ সৃষ্টি কৰাৰ উপৰিও সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ খাদ্য, শৰীৰ চৰ্চা, যোগাসন ইত্যাদিৰ কৰ্মশালা, প্ৰতিযোগিতা, চুটি চলচ্চিত্ৰ ইত্যাদি প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। এই স্বাস্থ্য মেলাত প্ৰসূতি, মেডিচিন, চকু, শিশু, হাড়, ছাল, মানসিক আদি বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে।
তদুপৰি মধুমেহ, কৰ্কট আদি ৰোগৰ পৰীক্ষা কৰা হ’ব। তেজ পৰীক্ষা, ই.চি.জি আদিৰ লগতে বিনামূলীয়া ঔষধৰ ব্যৱস্থা কৰা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা পানীৰ নমুনা পৰীক্ষা কৰা হ’ব। যিসকল ব্যক্তিয়ে এতিয়াও আভা নম্বৰ সৃষ্টি কৰা নাই তেওঁলোকৰ বাবেও আভা নম্বৰ সৃষ্টিৰ ব্যৱস্থা কৰা হ’ব। গতিকে সকলো ৰাইজকে উক্ত স্বাস্থ্য মেলালৈ আধাৰ কাৰ্ড লৈ আহিবলৈ অনুৰোধ জনাইছে ৷ অহা ১ এপ্ৰিলত ধেমাজিৰ জামুগুৰি পাঁচআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ’ব লগা স্বাস্থ্য মেলাত ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী প্ৰশান্ত ফুকন, শিক্ষা মন্ত্ৰী তথা ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ৰণোজ পেগু আৰু লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই শুভ উদ্বোধন কৰিব। সেইদিনাই জোনাই সমজিলাৰ মুৰ্কংচেলেক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগা বৃহৎ স্বাস্থ্য মেলা জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে উদ্বোধন কৰিব। জিলা স্বাস্থ্য সমিতিয়ে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। সংবাদমেলত স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন, জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰচাৰ মাধ্যম বিষয়া ডঃ অচ্যুৎ গগৈয়ে অংশগ্ৰহণ কৰে৷