Logo
image

আমগুৰিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰক্ষাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

'আমাৰ অসম'ৰ আমগুৰিৰ প্ৰতিবেদক, ২৮ মাৰ্চঃ গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত শুকুবাৰে শিৱসাগৰ জিলাৰ আমগুৰিত স্থানীয় সাংবাদিক সকলেও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘৰ উদ্যোগত শিৱসাগৰ জিলা প্ৰেছ কৰেছপণ্ডেন্টছ এচ'চিয়েছন আমগুৰি ই-মেডিয়া, চেলেংহাট প্ৰেছ ক্লাৱৰ সহযোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ 


প্ৰতিবাদকাৰী সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি হাতে হাতে প্লেকাৰ্ড লৈ সাংবাদিকৰ বাক্ স্বাধীনতা ৰক্ষা কৰক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ৰক্ষা কৰক, সাংবাদিকৰ স্বাধীনতা ৰক্ষা কৰক, সাংবাদিকৰ ওপৰত নিৰ্যাতন নচলিব আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। আমগুৰি চাৰিআলিত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, টাই আহোম যুৱ পৰিষদকে ধৰি বহুকেইটা জাতীয় সংগঠনৰ প্ৰতিনিধিতিৰ লগতে ৰাইজৰ দলৰ হৈ মুজিদ আলিয়ে অংশগ্ৰহণ কৰে।