Logo
image

নেমুৰ বাকলি খালে পোৱা যায় বহু উপকাৰ

আমাৰ অসম বিশেষঃ নেমুত যি পৰিমাণৰ ভিটামিন থাকে তাতকৈ ৫-১০ গুণ বেছি থাকে তাৰ বাকলিত৷ ১০০ গ্ৰাম নেমুৰ বাকলিত থাকে প্ৰায় ১৩৪ মিলিগ্ৰাম কেলছিয়াম, ১৬০ মিলিগ্ৰাম পটাছিয়াম, ১২৯ মিলিগ্ৰাম ভিটামিন ‘চি’ আৰু ১০.৬ গ্ৰাম ফাইবাৰ৷ ফলত চিকিৎসকসকলে নেমুৰ বাকলি খাবলৈ পৰামৰ্শ দিয়ে৷ আজিৰ শিতানত নেমুৰ বাকলিয়ে কি উপকাৰ কৰে সেই বিষয়ে উল্লেখ কৰা হ’ল– 

১] হৃদযন্ত্ৰৰ উন্নতিঃ নেমুৰ বাকলিত থকা পলিফেনল নামৰ উপাদান বিধে দেহৰ অপ্ৰয়োজনীয় কলেষ্টে’ৰলৰ মাত্ৰা কমায়৷ আনহাতে ইয়াত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ ফলত হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমে৷ 

২] তেজৰ সৰবৰাহ বৃদ্ধি কৰেঃ নেমুৰ বাকলিয়ে সমগ্ৰ দেহত তেজৰ সৰবৰাহ বৃদ্ধি কৰে৷ ফলত দেহত অক্সিজেন সমৃদ্ধ তেজ সৰবৰাহ হৈ শৰীৰৰ কৰ্মক্ষমতা বঢ়ায়৷

৩] যকৃতৰ কাৰ্যক্ষমতা বাঢ়েঃ নিতৌ নেমুৰ বাকলি খালে দেহত  এণ্টি অক্সিডেণ্টৰ পৰিমাণ ইমানেই বৃদ্ধি পায় যে ইয়াৰ ফলত যকৃতৰ ভিতৰত জমা হোৱা টক্সিক ওলাই যোৱাত সহায় হয়৷ 

৪] হাড় মজবুত হয়ঃ নেমুৰ বাকলিত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন ‘চি’ আৰু কেলছিয়ামে হাড় মজবুত কৰে৷ তদুপৰি ইনফ্লেমেটৰী পলিআৰ্থ্ৰাইটিছৰ, অস্টিওপৰোছিছ আৰু ৰিউমাট’য়েড আৰ্থ্ৰাইটিছৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমে৷ 

৫] ওজন লোপ পায়ঃ পেকটিন নামৰ এবিধ উপাদান প্ৰচুৰ পৰিমাণে থাকে নেমুৰ বাকলিত৷ এইবিধ উপাদানে দেহৰ অতিৰিক্ত ওজন কমোৱাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰে৷ কাৰণ, পেকটিনে অতিৰিক্ত চৰ্বি হ্ৰাস কৰে৷ 

৬] ছালৰ সৌন্দৰ্য বঢ়ায়ঃ নেমুৰ বাকলিত থকা এণ্টি অক্সিডেণ্টে ছালৰ তলত সোমাই থকা টক্সিক উলিয়াই দিয়ে৷ ফলত ছালৰ উজ্জ্বলতা বাঢ়ে৷

৭] কেন্সাৰ প্ৰতিৰোধ কৰেঃ নেমুৰ বাকলিত থকা ছয়ালভেচল কিউ ৪০ আৰু লিমোনেন্স নামৰ উপাদান বিধে কৰ্কটৰোগৰ চেল¸ ধবংস কৰাত বিশেষ ভূমিকা আগবঢ়ায়৷ 

৮] হজম শক্তি বঢ়ায়ঃ নেমুৰ বাকলিত থকা ফাইবাৰে যিকোনো খাদ্য  হজম কৰাত বিশেষ ভূমিকা পালন কৰে৷ তদুপৰি বদহজম, গেছ, এচিডিটিকে ধৰি হজম সংক্ৰান্তীয় সমস্যা কমায়৷