Logo
image

আৰক্ষীৰ বাবেই অপৰাধ কমিছে অসমতঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ২৮ মাৰ্চঃ  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰি-ভই জিলাৰ উমছাও গাঁৱত অৱস্থিত উত্তৰ-পূব আৰক্ষী একাডেমীত [নেপা] ৭০ জন উপ-আৰক্ষী অধীক্ষকৰ প্ৰশিক্ষাৰ্থীৰ দীক্ষান্ত পেৰেডত  অংশগ্ৰহণ কৰে৷ উল্লেখ্য, ১৯৭৮ চনত প্ৰতিষ্ঠা হোৱা কালৰে পৰা উত্তৰ-পূব আৰক্ষী একাডেমীত  পাঁচ হাজাৰতকৈও অধিক উপ-আৰক্ষী অধীক্ষক আৰু উপ-পৰিদৰ্শকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে৷ বিগত বৰ্ষৰ ২ এপ্ৰিলৰ পৰা শুভাৰম্ভ হোৱা উত্তৰ- পূব আৰক্ষী একাডেমীৰ ৫৪ সংখ্যক মৌলিক প্ৰশিক্ষণ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰা ৭০ জন উপ-আৰক্ষী অধীক্ষকৰ ৬২ জন হৈছে অসমৰ আৰু ৮ জন মিজোৰামৰ৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লোৱা কঠোৰ পদক্ষেপৰ ফলতেই ৰাজ্যখনত অপৰাধমূলক কাম-কাজ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে আৰু ইয়াৰ ফলত বিগত কেইটামান বছৰত প্ৰশাসনিক কাম-কাজ যথেষ্ট সুষমভাৱে পৰিচালনা কৰাটো সম্ভৱ হৈ উঠিছে৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণৰ পিছতে অপৰাধৰ সংখ্যা হ্ৰাসৰ লগতে জনসাধাৰণে যাতে ৰাজ্যখনৰ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে সেই দিশত ৰাজ্যখনক ৰূপান্তৰ কৰাৰ এক দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ এই লক্ষ্যত উপনীত হোৱাৰ বাবে অসম আৰক্ষীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সৈতে সামঞ্জস্য ৰাখি সকলোধৰণৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই  আছে৷ 


আজিৰ দীক্ষান্ত পেৰেডত অংশগ্ৰহণ কৰা উপ-আৰক্ষী অধীক্ষকৰ প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে উপ-আৰক্ষী অধীক্ষকসকলে তৃণমূল পৰ্যায়ত আৰক্ষী বাহিনীক নেতৃত্ব প্ৰদান কৰাৰ লগতে আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ উপ-আৰক্ষী অধীক্ষকৰ প্ৰশিক্ষাৰ্থীসকলক পেছাগত উৎকৃষ্টতা, সততা আৰু নৈতিকতাৰ সৰ্বোচ্ছমান অটুট ৰাখিবলৈ তেওঁ আহ৩ান জনায়৷   মুখ্যমন্ত্ৰীয়ে কয় যে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বাবেই প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে ২০২০ চনৰ অপৰাধৰ হাৰ ৩৪৯ৰ পৰা ২০২৪ চনত ১৩৯ লৈ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে৷ একে সময়তে অভিযোগনামা দাখিলৰ হাৰ ৪৭.জ্জ্ব শতাংশৰ পৰা ৬৬.৭ শতাংশলৈ বৃদ্ধি পাইছে৷ তেনেদৰে দোষী সাব্যস্ত হোৱাৰ হাৰ ২০২৪ চনত ২২.৯ শতাংশলৈ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে তেওঁ৷ তেওঁ কয় যে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধো ২০২০ চনত ৪,৩৫২টা গোচৰৰ পৰা ২০২৪ চনত ৫,৫৫৫ টালৈ হ্ৰাস পাইছে৷ অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা কঠোৰ স্থিতিৰ কথা ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষীৰ এনে কঠোৰ ভূমিকাৰ বাবেই বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ২০২০ চনৰ ১৩৮ টাৰ পৰা ২০২৩ চনত ৫,৪৯৮ টালৈ বৃদ্ধি পাইছে৷ ড্ৰাগছ বিৰোধী অভিযানটো ২০২০ চনৰ পৰা ২,৮৮৫ কোটি টকা মূল্যৰ ড্ৰাগ জব্দ হোৱাৰ উপৰি ৰ হাজাৰ বিঘাতকৈও অধিক  ভূমিত কৰা গাঞ্জা আৰু আফিং খেতি ধবংস কৰা হৈছে৷ কেৱল ২০২৪ চনতেই ৩,৩২৩টা ড্ৰাগছ সম্বন্ধীয় গোচৰ ৰুজু হোৱা কাৰ্যই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গ্ৰহণ কৰা দৃঢ় স্থিতিকে প্ৰতিফলিত কৰিছে৷ 

প্ৰশিক্ষণ সমাপ্ত কৰা ৭০জন উপ-আৰক্ষী অধীক্ষকক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে৷ তেওঁ কয় যে উত্তৰ-পূব আৰক্ষী একাডেমীৰ ৫৪ সংখ্যক মৌলিক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ অন্তিম পৰ্যায়ৰ এই দীক্ষান্ত পেৰেড হৈছে আৰক্ষী বিষয়াসকলৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি৷ উত্তৰ-পূব আৰক্ষী একাডেমীৰ সঞ্চালক ডানেশ ৰাণাকে ধৰি একাডেমীৰসমূহ প্ৰশিক্ষকক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰশিক্ষণকালত আৰক্ষী বিষয়াসকলে লাভ কৰা শৃংখলা আৰু অনুশীলনে  সমাজৰ আশা-আকাংক্ষা পূৰণ কৰাত তেওঁলোকক সক্ষম কৰি তুলিব৷ নতুন আৰক্ষী বিষয়াসকলক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ একনিষ্ঠভাৱে সেৱাত ব্ৰতী হ’বলৈও মুখ্যমন্ত্ৰীয়ে আহ৩ান জনায়৷ অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷