Logo
image

চন্দ্ৰ-সূৰ্য থকালৈকে জনজাতীয় ৰাইজে স্মৰণ কৰিব মুখ্যমন্ত্ৰীক

‘আমাৰ অসম’ৰ গোৱালপাৰাৰ প্ৰতিবেদক, ২৮ মাৰ্চঃ  ভাৰতীয় জনতা পাৰ্টীৰ নৰেন্দ্ৰ মোদীক ভগবানে পঠিয়াইছে৷ তেওঁ যুগ নায়ক৷ ভাৰতবৰ্ষৰ মানুহে বহুত জন্মৰ পুণ্যৰ ফলস্বৰূপে নৰেন্দ্ৰ মোদীৰ নিচিনা প্ৰধানমন্ত্ৰী লাভ কৰিছে৷ আনহাতে যুগ-যুগলৈ চন্দ্ৰ-সূৰ্য থকালৈকে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক স্মৰণ কৰি যাব লাগিব জনজাতীয় লোকে৷ ইয়াৰ কাৰণ এটাই হ’ল যে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই জনজাতীয় লোকক ভূমিৰ অধিকাৰ দিছে৷ এই ভাষ্য শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ উল্লেখ্য যে,  ৰাভা হাছং নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা দিন বাকী৷  ৰাভা হাছং পৰিষদীয় এলেকাত নিৰ্বাচনী বতাহ অধিক গৰম হৈ উঠিছে৷ শুকুৰবাৰে গোৱালপাৰা জিলাৰ ১৩ নম্বৰ পূৱ অজগৰ সমষ্টিৰ ৰংচাইত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজিত এক নিৰ্বাচনী প্ৰচাৰ সভাত শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগুয়ে অংশগ্ৰহণ কৰি বিজেপি সমৰ্থিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ভুলাই বালা ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷


মন্ত্ৰীজনে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক অষ্ট লক্ষ্মী আখ্যা দি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে৷ একেদৰে জনজাতীয় লোকে ভূমিৰ অধিকাৰ লাভ কৰা বাবে চন্দ্ৰ-সূৰ্য্য থকালৈকে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাক স্মৰণ কৰিব৷ ৰাভা হাছং এলেকাত এপ্ৰিলৰ পৰাই ১০৬খন ৰাভা মাধ্যমৰ বিদ্যালয় স্থাপন কৰা হ’ব৷ ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদে সাংবিধানিক মৰ্যাদাৰ লগতে সংবিধানৰ ষষ্ঠ অনুসূচিতো অন্তৰ্ভুক্ত হ”ব৷ সেয়ে ট্ৰিপুল ইঞ্জিন চৰকাৰৰ হিচাপে কাম কৰাৰ সুবিধা প্ৰদান বাবে ৰাইজেঁ এন ডি এ প্ৰাৰ্থীক ভোট দিব লাগে৷ তেওঁ বান্দৰ্শী সমষ্টিৰ হাবাংগীৰিতো বিজেপি সমৰ্থিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়৷ একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও আজি হাছং এলেকাত উপস্থিত হৈ এন ডি এৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়৷