কৰ’না সংক্ৰমণৰ সন্দেহ হ’লে এই কেইটা কাম কৰক
আমাৰ অসম বিশেষঃ কৰ’না–একবিংশ শতিকাৰ মানৱ জাতিৰ বাবে এক ভয়ংকৰ প্ৰত্যাহ্বান৷ বহু আলোচনা হৈছে কৰ’নাক লৈ৷ কৰ’না সংক্ৰমিত হ’লে কি ধৰণৰ নিয়ম মানি চলিব লাগিব তাক লৈও বহু কথা আলোচনা কৰা হৈছে৷ দিনে দিনে কৰ’না সৃষ্ট পৰিস্থিতি কঠিন হৈ পৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আমি কৰ’নাক লৈ যত্নবান হোৱাৰ প্ৰয়োজনীয়তা বৃদ্ধি পাই আছে৷ যদি কোনো লোকৰ কৰ’না সংক্ৰমিত হোৱাৰ আশংকা হৈছে লগে লগে পৰিয়ালৰ অন্য সদস্যৰ সৈতে দূৰত্ব বজাই ৰখা অতি প্ৰয়োজন৷ কৰ’না পৰীক্ষা কৰাৰ পূৰ্বৰ পৰাই আইচ’লেচনত থকা আৰম্ভ কৰিব লাগে৷ নিজৰ স্বাস্থ্যৰ অৱস্থাক লৈ সন্দেহ হোৱাৰ লগে লগে বন্ধ কৰিব লাগে কাৰ্যালয় অথবা দোকানলৈ যোৱাটো৷ কৰ’না সংক্ৰমণৰ সন্দেহ হ’লেই আপুনি এই কেইটা নিয়ম মানি চলাটো অতি জৰুৰী–
◾কৰ’না পৰীক্ষা নকৰাকৈ ঘৰৰ স্বাভাৱিক জীৱন যাপন নকৰিব৷
◾চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজেই নিজৰ চিকিৎসা নকৰিব৷
◾পৰিয়ালৰ কাৰো সৈতে প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্কলৈ নাহিব৷
◾বাহিৰত ঘূৰি নুফুৰিব৷
◾বিশেষ প্ৰয়োজন নহ’লে আনকো আপোনাৰ ঘৰলৈ অহাটো বন্ধ কৰি দিয়ক৷
◾অতি প্ৰয়োজন নহ’লে হাস্পতাল বা চিকিৎসা কেন্দ্ৰলৈ নাযাব৷
◾নিজে ব্যৱহাৰ কৰা কাপোৰ পৰিয়ালৰ কোনো সদস্যক চুবলৈও নিদিব৷
◾চিকিৎসকে অনুমতি নিদিয়া পৰ্যন্ত স্বাভাৱিক জীৱন যাপন কৰিবলৈ এৰি দিয়ক৷