
উক্তি-বক্ৰোক্তি
ছিকন্দৰ ছবিখনৰ সাফল্য অনুৰাগীৰ ওপৰত নিৰ্ভৰশীল৷ ভাবি চাইছোঁ, কেতিয়াবা মই নিজৰ ছবিৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছে নেকি? একমাত্ৰ মেইনে প্যাৰ কিয়া ছবিখনৰ বাহিৰে কেতিয়াও মই ছবি হিট হোৱাৰ বাবে প্ৰাৰ্থনা কৰা নাই৷
–বলীউডৰ অভিনেতা ছলমান খান
কাৰো বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আমি পক্ষপাতী নহয়৷ সাংবাদিকতা এটা পৱিত্ৰ বৃত্তি৷ আইন সকলোৰে বাবে সমান৷ মই মুখ্যমন্ত্ৰী হৈ যদি আনৰ মাটি দখল কৰিবলৈ যাওঁ, মোকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব৷
–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
বিজেপি চৰকাৰে ১৬ লাখ কোটি টকাৰ বেংকৰ ঋণ ‘ৰাইট অফ’ কৰি দিলে৷ এয়া মোদী চৰকাৰৰ অপৈণত অৰ্থনীতি আৰু ভুল পৰিচালনাৰ ফল৷ অৰ্থনীতি ভালদৰে নুবুজাৰ বাবে তেওঁলোকে দেশৰ বেংকসমূহক যিদৰে ধবংস কৰিছে, সেইদৰে একে সময়তে ঋণ মাফ কৰি ধনকুবেৰ বন্ধুকো সহায় কৰি আহিছে৷
–কংগ্ৰেছ নেতা ৰাহুল গান্ধী
কংগ্ৰেছ দলটো হাতীৰ দাঁতৰ নিচিনা৷ খোৱাৰ দাঁত বেলেগ, দেখুওৱা দাঁত বেলেগ৷
–ৰাজ্য বিজেপিৰ সভাপতি দিলীপ শইকীয়া
আমি নিজৰ ঘৰত ভাল ক্ৰিকেটেই খেলো৷ কিন্তু যেতিয়া ভাৰতত গৈ পাঁচখনীয়া টেষ্ট শৃংখলাত খেলিবলগীয়া হয়, তাত ভুল কৰাটোৰ নামান্তৰ হৈছে পৰাজয়৷ ভাৰতৰ বিৰুদ্ধে খেলিবলৈ হ’লে লুকাই থকা সম্ভৱ নহয়৷ হয় পাৰফৰ্ম কৰি জয়লাভ কৰা, নহয় পৰাজিত হৈ উভতি আহা৷
–ইংলেণ্ডৰ ক্ৰিকেটাৰ জো ৰুট
চলিত বৰ্ষটো আমি প্ৰতিষ্ঠা বৰ্ষ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছোঁ৷ ৰাজ্যৰ সকলো জিলাৰ সংগঠনৰ সৈতে সাংগঠনিক দিশত আলোচনা চলাই আছোঁ৷ সেই উদ্দেশ্যতে গোলাঘাটলৈ আহিছোঁ৷
–অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ
অস্ত্ৰ কিম্বা হিংসাৰ জৰিয়তে পৰিৱৰ্তন অনা সম্ভৱ নহয়৷ কেৱল শান্তি আৰু উন্নয়ন দিন পৰিৱৰ্তনৰ একমাত্ৰ পথ৷ আজি ছত্তীশগড়ৰ ছুকমাত ১৬জন মাওবাদীক নিধন কৰাটো নিৰাপত্তাবাহিনীৰ বিৰাট সাফল্য৷
–কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
মই নাজানো ধোনিৰ দৰে বেটাৰ, যি ১৬টা বলত ৩০ ৰান কৰিব পাৰে তেওঁ কিয় নৱম স্থানত বেট কৰিবলৈ আহিল৷ অথচ আগতে ধোনিয়ে বেটিং কৰা হ’লে দলৰ বিজয় সম্ভৱ হ’লহেঁতেন৷ কিন্তু টীম মেনেজমেণ্টে ধোনিক সেই কথা ক’বলৈ সাহ নাই৷
–ক্ৰিকেটাৰ তথা তৃণমূলৰ বিধায়ক মনোজ তিৱাৰী
মই বছৰত দুবাৰকৈ অক্সফ’ৰ্ডলৈ আহিম৷ যিমানবাৰ মাতে সিমানবাৰ আহিম৷ মোক ভালকৈ কোনো কাম কৰিবলৈ ক’লে ঘৰ ঝাৰু দি দিম, ঘৰ মচিও দিম, বাচনো মাজি দিম৷ কিন্তু ভয় দেখুৱালে নহ’ব৷ মই ভয় নকৰোঁ৷
–পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী