
আৰএছএছ বটবৃক্ষ ! প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নাগপুৰত মোদী
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ মাৰ্চঃ দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ এছ এছৰ দীৰ্ঘদিনীয়া সদস্য হ’লেও ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ পাছত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত পদাৰ্পণ কৰা নাছিল৷ আনহাতে, দেশৰ কোনো প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে হিন্দুত্ববাদী সংগঠনটোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ নজিৰ নাছিল৷ সেই দিশৰ পৰা আৰ এছ এছৰ মুখ্য কাৰ্যালয়লৈ যোৱা দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰীৰ পৰিগণিত হ’ল আৰ এছ এছৰ দীৰ্ঘদিনৰ সেৱক নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰী মোদীক আৰ এছ এছৰ মুখ্য কাৰ্যালয় ভ্ৰমণত সংগ দিয়ে হিন্দুত্ববাদী সংগঠনটোৰ মুৰব্বী মোহন ভাগৱত আৰু মহাৰাষ্ট˜ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আৰ এছ এছৰ প্ৰতিষ্ঠাপক কেশৱ বালিৰাম হেডগেৱাৰৰ স্মাৰক পৰিদৰ্শন কৰে৷ তেওঁ মুখ্য কাৰ্যালয়ৰ মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেণ্টাৰৰ আধাৰশিলাও স্থাপন কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ এছ এছক ভাৰতীয় সংস্কৃতিৰ বটবৃক্ষ বুলি মন্তব্য কৰে৷ বিজেপিৰ আদৰ্শগত অভিভাৱক হিচাপে বিবেচিত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী উপস্থিত হোৱাটো তাৎপৰ্যপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে৷
বিজেপিৰ কাৰ্যালয়ত চেল্যুট ত্ৰিৰংগা অসমৰ সম্বৰ্ধনা অনুষ্ঠান
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত চেল্যুট তিৰংগা অসম প্ৰদেশৰ সভাপতি অনুপ সিনহাৰ নেতৃত্বত ৰাজ্যিক বিজেপিৰ মিডিয়া আহ৩ায়ক তথা চেল্যুট তিৰংগা অসম প্ৰদেশৰ উপদেষ্টা দেৱান ধ্ৰnৱজ্যোতি মৰল, মহিলা বাহিনীৰ সাংগঠনিক সাঃ সম্পাদিকা ধৃতীমালা ডেকা, সাঃ সম্পাদিকা মালা ভট্টাচাৰ্য, ক্ৰীড়া কোষৰ আহ৩ায়ক মানস প্ৰতীম দাস, সামাজিক মাধ্যমৰ আহ৩ায়ক শান্তনু শইকীয়া, কাৰ্যনিৰ্বাহক সদস্য অৰূপ ৰয় সহিতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক সাক্ষাৎ কৰি সম্বৰ্ধনা জনোৱাৰ লগতে চেল্যুট তিৰংগাৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হয়৷ লগতে ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া চেল্যুট তিৰংগা অসম প্ৰদেশ আৰু টেবুল টেনিছ ইউনাইটেড ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ৩৮ গৰাকী খেলুৱৈ আৰু তেওঁলোকৰ ৩৮ গৰাকী অভিভাৱকক সম্বৰ্ধনা জনোৱা অনুষ্ঠান আৰু চেলুট তিৰংগা অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সভাৰ বাবে তেওঁক আমন্ত্ৰণ জনায়৷ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্যিক বিজেপিৰ সাঃ সম্পাদক তথা চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাকো উক্ত অনুষ্ঠানৰ বাবে আমন্ত্ৰণ কৰা হয়৷