Logo
image

অৱসৰৰ কথা জনাবলৈ নাগপুৰলৈ গৈছিল মোদী?

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ মাৰ্চঃ অহা ১৭ ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব৷ যিহেতু ৭৫ বছৰৰ উৰ্ধ্বৰ বিজেপি নেতাই সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ এটা নিয়ম আছে সেয়ে মোদীয়ে তেওঁৰ অৱসৰৰ পৰিকল্পনা আলোচনা কৰিবৰ বাবেই আৰ এছ এছৰ নাগপুৰৰ মুখ্য কাৰ্যালয়লৈ গৈছিল বুলি শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে মন্তব্য কৰাত বিজেপিৰ মাজত হাহাকাৰ লাগিছে৷ মুম্বাইত এখন সংবাদ মেলত শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে এই মন্তব্য কৰি কয় যে, বিজেপিৰ পৰৱৰ্তী মূল নেতাজন আৰ এছ এছে মহাৰাষ্ট্ৰৰ পৰাই নিৰ্বাচন কৰিব৷ বিজেপি যিহেতু আৰ এছ এছৰ আদৰ্শৰে পৰিচালিত হয়, সেয়ে নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অৱসৰৰ পৰিকল্পনা আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত অৱগত আৰু আলোচনা কৰা বুলি সঞ্জয় ৰাউতে দাবী কৰিছে৷ স্বাভাবিকতে সঞ্জয় ৰাউতৰ দাবীৰ পাছতে বিজেপিয়ে সেই খবৰ মিছা বুলি প্ৰচাৰ কৰিবলৈ ৰাজনীতিৰ পথাৰত জপিয়াই পৰিছে৷ তাৎপৰ্যপূৰ্ণ, প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত বিগত ১১ বছৰত নৰেন্দ্ৰ মোদীৰ সেয়া আছিল নাগপুৰৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত প্ৰথম পদাৰ্পণ৷ আনহাতে দেশৰ ক্ষমতাসীন প্ৰধানমন্ত্ৰী হিচাপেও মোদীৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ ইতিহাসত প্ৰথম আছিল৷ ইয়াৰ পূৰ্বে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰী ক্ষমতাত থকা অৱস্থাত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱা নাছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে আৰ এছ এছৰ নাগপুৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ ‘মাধৱ নেত্ৰালয় চেণ্টাৰ’ৰ বৰ্ধিত ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৰেজিমবাগত থকা আৰ এছ এছৰ প্ৰতিষ্ঠাপক কেশৱ বালিৰাম হেডগেৱাৰৰ স্মৃতি মন্দিৰতো পুষ্পাৰ্ঘ অৰ্পন কৰিছিল৷ কিন্তু মোদীৰ সেই কাৰ্যসূচীত শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে এটা জটিল পাক দিয়াত অস্বস্তিৰ সন্মুখীন হৈছে বিজেপি৷


বিজেপিৰ শীৰ্ষ নেতাই তাৎক্ষণিকভাৱে সঞ্জয় ৰাউতৰ দাবী নাকচ কৰিছে৷ দেওবাৰে প্ৰধানমন্ত্ৰী মোদীক নাগপুৰ ভ্ৰমণত সংগ দিছিল আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশ আৰু মোদীৰ কেবিনেট সতীৰ্থ নীতিন গাডকাৰীয়ে৷ সঞ্জয় ৰাউতে মোদীৰ উত্তৰাধিকাৰী মহাৰাষ্ট্ৰৰ পৰাই বাছনি কৰিব বুলি মন্তব্য কৰি নীতিন গাডকাৰীৰ প্ৰতি ইংগিত প্ৰদান কৰাটো কাৰো দৃষ্টিৰ পৰা সাৰি যোৱা নাই৷ প্ৰসংগতঃ নাগপুৰৰ পৰাই ৰাষ্ট্ৰীয় ৰাজনীতিত উত্থান হোৱা নীতিন গাডকাৰী আৰ এছ এছৰ স্নেহধন্যও৷ সঞ্জয় ৰাউতৰ দাবী তাৎক্ষণিকভাৱে নাকচ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশে৷ তেওঁ কয় যে, অভিভাৱক জীৱিত থাকোতেই উত্তৰাধিকাৰী নিৰ্বাচন কৰাৰ সংস্কৃতি সনাতন ধৰ্মত নাই৷ পিতৃ থাকোতেই পুত্ৰই ক্ষমতা অৰ্জন কৰা সংস্কৃতি মোগলৰ সংস্কৃতিতহে আছে৷ ফাড়নবীশে দাবী কৰে, ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনতো নৰেন্দ্ৰ মোদীয়ে বিজেপিক নেতৃত্ব দিব আৰু মোদীয়েই প্ৰধানমন্ত্ৰী হ’ব৷ ২০১৯ চনত তেতিয়াৰ বিজেপিৰ সভাপতি অমিত শ্বাহে ঘোষণা কৰিছিল, ৭৫ বছৰ অতিক্ৰম কৰা নেতাক বিজেপিয়ে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ২০১৯ চনৰ এপ্ৰিলত ‘দ্য উইক’ৰ এটা সাক্ষাৎকাৰত অমিত শ্বাহে স্পষ্টভাৱে এই কথা কৈছিল৷ সেই সিদ্ধান্তৰ দ্বাৰা মোদী-শ্বাহ লবীয়ে বৰ্ষীয়ান লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশীক লোকসভাৰ টিকটৰ পৰা বঞ্চিত কৰিছিল৷ আদৱানীৰ গান্ধীনগৰ সমষ্টি অধিকাৰ কৰিছিল স্বয়ং অমিত শ্বাহে৷ সেই নিয়ম কাৰ্যকৰী কৰি বিজেপিয়ে ইতিমধ্যে কেইবাজনো বৰ্ষীয়ান কিন্তু শক্তিশালী নেতাক ৰাজনীতিৰ পৰা আঁতৰাই পঠিয়াইছে৷ সেই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰোতে অমিত শ্বাহে হয়তো ভবাই নাছিল কেইবছৰমানৰ পাছত সেই প্ৰশ্ন মোদীক লৈয়ো উঠিব৷