লোকসভাৰ পাছত আজি ৰাজ্যসভাত দাখিল হ’ব ৱাকফ সংশোধনী বিধেয়ক
বিভিন্ন বিৰোধী দলৰ সদস্যৰ তীব্ৰ বিৰোধিতাৰ মাজতে বুধবাৰে লোকসভাই ৱাকফ (সংশোধনী) বিধেয়ক ২০২৫ গৃহীত কৰে। এই সন্দৰ্ভত প্ৰায় ১২ ঘণ্টীয়া আলোচনাৰ অন্তত নিশা ২ বজাত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ৫২০ জন সাংসদে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত ২৮৮ জনেই সপক্ষে ভোটদান কৰাৰ বিপৰীতে ২৩২ জনেই বিপক্ষে ভোটদান কৰে। আলোচনাৰ সময়ত বিৰোধী দলৰ সাংসদে বিধেয়কখনৰ বিৰুদ্ধে ১০০ৰো অধিক সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও ভোটদানৰ সময়ত বিৰোধীৰ সকলো সংশোধনী পৰাজিত হয়। (সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ইয়াক উমিদ ইউনিফাইড ৱাকফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট, ইফিচিয়েন্সি এণ্ড ডেভেলপমেণ্ট) নাম দিছে। বৃহস্পতিবাৰে এই ৱাকফ সংশোধনী বিধেয়কখন ৰাজ্যসভাত দাখিল কৰা হ'ল। ৰাজ্যসভাৰ দ্বাৰা গৃহীত হ’লে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব। ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ পিছত এই বিধেয়কখন দেশৰ ৱাকফৰ সম্পত্তিৰ আইন হিচাপে কাৰ্যকৰী কৰা হৈছে। আলোচনাৰ সময়ত চৰকাৰে কয় যে যদি চৰকাৰে ৱাকফ সংশোধনী বিধেয়কখন অনা নাছিল তেন্তে সংসদ ভৱনকে ধৰি বহু অট্টালিকা দিল্লী ৱাকফ ব’ৰ্ডলৈ গ’লহেঁতেন আৰু কংগ্ৰেছৰ শাসনকালত যদি ৱাকফৰ সম্পত্তি সঠিকভাৱে পৰিচালনা কৰা হ’লহেঁতেন তেন্তে কেৱল মুছলমানসকলৰেই নহয় দেশৰ ভাগ্যও সলনি হ’লহেঁতেন। ৰাজ্যসভাত সংখ্যাৰ খেলৰ কথা ক’বলৈ গ’লে উপস্থিত সদস্যৰ মুঠ সংখ্যা ২৩৬ জন।ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ ১১৯ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন। মনোনীত আৰু নিৰ্দলীয় সদস্যকে ধৰি এন ডি এৰ সংখ্যা ১২৫ টা হয়।বিৰোধী দলৰ কথা ক’লে তেওঁলোকৰ সংখ্যা ৯৫।১৬ জন সদস্যৰ ওপৰত এতিয়াও ছাচপেন্স আছে।
লোকসভাত ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পিছতে এই মন্তব্য বিজেপি নেতা শ্বেহজাদ পুনাৱালাই। ১৩ ঘণ্টাৰো অধিক সময় আলোচনাৰ অন্তত লোকসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হৈছে। মই ইয়াক আদৰণি জনাইছো। সংবিধানৰ সুৰক্ষাৰ বাবে এয়া এক জয়। ৱাকফে আৰু যি বিচাৰে দাবী কৰিব নোৱাৰিব, সামাজিক ন্যায় জয়ী হৈছে, দৰিদ্ৰ মুছলমান, মহিলা, অনাথ শিশু আদিয়েও ৱাকফৰ সম্পত্তিৰ পৰা লাভ পাব, এয়াও সুশাসনৰ জয়। এতিয়া এই বিধেয়কখন ৰাজ্যসভালৈ যাব আৰু যেতিয়া ই আইনত পৰিণত হ’ব তেতিয়া ৱাকফ ব্যৱস্থাত থকা সকলো কু-অভ্যাসৰ অন্ত পৰিব। এই বিধেয়কখনে দৰিদ্ৰ মুছলমানসকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ লগতে সাংবিধানিক ব্যৱস্থা অটুট ৰাখিব।