Logo
image

কৰ’নাক বাধা দিবলৈ এই তিনিবিধ খাদ্য খাওক

আমাৰ অসম বিশেষঃ বিশ্বজুৰি এতিয়া কৰ’নাৰ আতংক৷ অতিমাৰী এই ভাইৰাছ বিধৰ পৰা নিজকে ৰক্ষা কৰিবলৈ উপায় বিচাৰি ফুৰিছে মানুহে৷ চাবোনেৰে ২০ ছেকেণ্ড হাত ধোৱা, মাস্ক আৰু হেণ্ডগ্ল’ভছ পৰিধান কৰা, বাৰে বাৰে হাত ছেনিটাইজ কৰাটো এতিয়া প্ৰায় প্ৰতিজনৰে অভ্যাসত পৰিণত হৈছে৷ কিন্তু ইয়াৰ পাছতো এই ভাইৰাছবিধৰ সংক্ৰমণে বিশ্বৰ লগতে ভাৰততো জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনে অৱস্থাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে চিকিৎসকে কেতবোৰ বিশেষ খাদ্য গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ লৈছে৷ আজিৰ শিতানত কোনবিধ খাদ্য খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় সেই বিষয়ে আলোচনা কৰা হ’ল–

[১] শেহতীয়া গৱেষণাৰ পৰা জানিব পৰা গৈছে যে নিম, হালধি আৰু তুলসী পাতে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ তদুপৰি কোনো ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে নিমপাত, হালধি আৰু তুলসীপাতৰ ৰস খালে ভাইৰাছ শৰীৰৰ পৰা ওলাই যায়৷

[২] প্ৰতিদিনে পুৱা নিমপাতৰ ৰস খাব পাৰিলে স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ যদি নিমপাতৰ ৰস খাবলৈ বেয়া পায়, তেন্তে নিমপাত পেলোৱা পানীৰে গা ধোওক৷ প্ৰয়োজনবোধে গা ধোৱা পানীৰ সৈতে নিমপাত সিজাই ল’ব পাৰে৷

[৩] হালধিক ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰাৰ উপৰি কেঁচাই কেঁচাই খাব পাৰে৷ একেদৰে তুলসীপাত চাহত পেলাই খালে বহু উপকাৰ পোৱা যায়৷ গৱেষকসকলৰ মতে নিম আৰু তুলসীপাতত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ যাৰ ফলত ই দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হয়৷