
পুনৰ ‘তিনি গগৈ’ ফৰ্মূলা অখিলৰ
আমাৰ অসম’ৰ বৰপেটাৰোডৰ প্ৰতিবেদক, ১০ এপ্ৰিলঃ লোকসভাৰ নিৰ্বাচনৰ সময়ত আৱিষ্কাৰ কৰা তিনি গগৈ ফৰ্মূলা পুনৰ বিধানসভাৰ নিৰ্বাচনৰ বাবেও আনিলে অখিল গগৈয়ে৷ আজি বৰপেটাৰোডৰ ভাৰত নাৰ্চাৰীত এক সংবাদ মেলত অখিল গগৈয়ে কয়– ‘আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে তিনি গগৈ– অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ একলগ হ’লে ২০২৬ৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটেই সলনি হৈ যাব৷ তিনি গগৈৰ কনচেপ্টে মিৰাকুল বা যাদুৰ দৰে কাম কৰিব৷ সকলো বিৰোধী এক হ’লে ২০২৬ত আমি বিজেপি আৰু এ আই ইউ ডি এফক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰিম৷
আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰশংসা কৰি গগৈয়ে কয় যে তেওঁ বিৰোধী ঐক্যমঞ্চত আন্তৰিকতাৰে বিচাৰে৷ কিন্তু কংগ্ৰেছৰে একাংশই বিষয়টো লাইনচ্যুত কৰিবৰ বাবে উঠিপৰি লাগিছে৷ যাৰ বাবে আমি একত্ৰিত হ’ব পৰা নাই৷ আনহাতে, ৱাকফ বিলক সংখ্যালঘুৰ ওপৰত বিজেপিৰ সাম্প্ৰদায়িক আৰু ফেচীবাদী আক্ৰমণ আখ্যা দিয়ে অখিল গগৈয়ে৷ তেওঁ কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনক বিজেপিয়ে গুৰুত্ব দিয়া নাই৷ ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনকহে গুৰুত্ব দিছে৷ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰতীক হ’ব গেছ চিলিণ্ডাৰ৷