
নৰসংহাৰৰ পাছত
কেইদিনমান পূৰ্বে কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে কৰা নৰসংহাৰত ২৬জন লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে৷ এই ঘটনাত মৃত্যুবৰণ কৰা প্ৰায়সংখ্যক লোকেই আছিল পৰ্যটক৷ পেহেলগামৰ এই ঘটনাই পুনৰ এবাৰ কাশ্মীৰ উপত্যকাত নিৰৱচ্ছিন্নভাৱে সংঘটিত সন্ত্ৰাসবাদী কাৰ্যণ হেৰুওৱাৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে৷ এই ঘটনাত মৃত্যুবৰণ কৰা প্ৰায়সংখ্যক লোকেই আছিল পৰ্যটক৷ পেহেলগামৰ এই ঘটনাই পুনৰ এবাৰ কাশ্মীৰ উপত্যকাত নিৰৱচ্ছিন্নভাৱে সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতিচ্ছবিখন পুনৰ সমগ্ৰ বিশ্বৰ সন্মুখত উদঙাই দিছে৷ সকলোতকৈ ভয়াৱহ বিষয়টো হ’ল যে, এই কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ পূৰ্বে দুষ্কৃতিকাৰীয়ে এই ঘটনাত হতাহত হোৱা লোকৰ ধৰ্মীয় পৰিচয় নিশ্চিত কৰি কাপুৰুষৰ দৰে এই দুষ্কাৰ্য সংঘটিত কৰিছিল৷ সাধাৰণ জনতাৰ ওপৰত এনেদৰে অমানৱীয় অত্যাচাৰ মধ্য প্ৰাচ্যৰ সন্ত্ৰাসবাদীসকলে সংঘটিত কৰা দেখা যায়, য’ত তেওঁলোকে ঘটনাত আক্ৰান্ত লোকসকলৰ ধৰ্মীয় পৰিচয় নিশ্চিত কৰি লয়৷ এই ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা মাত্ৰকে ছৌদি আৰব ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাতে সেই ভ্ৰমণ সামৰি দেশলৈ উভতি আহি পৰিস্থিতি নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰে৷ ঠিক সেইদৰে গৃহমন্ত্ৰী অমিত শ্বাহে দুৰ্ঘটনা সংঘটিত হোৱা স্থান ভ্ৰমণ কৰি ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সুৰক্ষা বাহিনীসমূহক উপযুক্ত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰে৷ ভাৰতে অতৰ্কিত সন্মুখীন হোৱা এই আক্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাজ্য আৰু ৰাছিয়াই ভাৰতৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰিবলগীয়া যিকোনো পদক্ষেপৰ প্ৰতি নিজৰ সমৰ্থ ব্যক্ত কৰে৷
বিগত সময়ছোৱাত জম্মু-কাশ্মীৰৰ বিকাশৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছিল৷ বিশেষকৈ ভূ-স্বৰ্গ হিচাপে পৰিগণিত কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰখনৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত যাতায়াত ব্যৱস্থাকে ধৰি বিভিন্ন আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল৷ এনে ইতিবাচক পদক্ষেপৰ ফলত বিগত বছৰবোৰত ৰাজ্যখনত পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছিল, যিটোৱে ৰাজ্যখনৰ অৰ্থনীতিত যোগাত্মক অৰিহণা আগবঢ়াইছিল৷ ৰাজ্যখনৰ দৰিদ্ৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰি তোলৰ এক সম্ভাৱনা সৃষ্টি হৈছিল৷ কিন্তু সন্ত্ৰাসবাদীৰ এনে কাৰ্যকলাপৰ ফলত এই সমগ্ৰ ইতিবাচক পদক্ষেপসমূহৰ ফলাফল শূন্য হৈ পৰাৰ উপক্ৰম হৈছে৷ সন্ত্ৰাসবাদীসকলৰ এনে বিবেকহীন কাৰ্যকলাপৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব ৰাজ্যখনৰ দৰিদ্ৰ জনসাধাৰণ আৰু পৰ্যটন খণ্ডটো৷ ইয়াৰ ফলত ৰাজ্যখনৰ অৰ্থনীতিও বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব৷
পেহেলগামৰ এই ঘটনাই দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ সোপাধিলা স্বৰূপটোও পুনৰ এবাৰ উদঙাই দিলে৷ যোৱা কেইবাটাও বছৰত কাশ্মীৰ উপত্যকাত বহুকেইটা বৃহৎ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হৈছে৷ পূৰ্বৰ এনে দুৰ্ঘটনাবোৰৰ পৰা শিকনি লৈ দেশৰ চোৰাংচোৱা সংস্থাসমূহৰ লগতে সুৰক্ষাৰ লগত জড়িত সংস্থাসমূহে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল৷ কিন্তু কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ থকাৰ পাছতো বাৰে বাৰে সংঘটিত দুৰ্ঘটনাই আমাৰ আভ্যন্তৰীণ সুৰক্ষাৰ দূৰ্বলতাসমূহ প্ৰমাণ কৰি আহিছে৷ এই দুৰ্বলতাসমূহ নিৰ্মূলৰ বাবে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰি ভৱিষ্যতে যাতে সন্ত্ৰাসবাদীয়ে এনে অমানৱীয় দুষ্কাৰ্য সংঘটিত কৰিব নোৱাৰে, সেয়া সুনিশ্চিত কৰিব লাগিব৷
বৰ্তমানৰ সংকটৰ সময়ত প্ৰতিজন ভাৰতীয়ই সমস্বৰে সন্ত্ৰাসবাদৰ বিৰোধিতা কৰা উচিত৷ যদিও বিভিন্ন বিষয়ত দেশত সামাজিক বা ধৰ্মীয় বিভাজন দেখিবলৈ পোৱা যায়, কিন্তু সেইবোৰ আমাৰ আভ্যন্তৰীণ বিষয়৷ এনেবোৰ বিষয়ৰ লগত মোকাবিলা কৰিবলৈ আমাৰ দেশ সক্ষম৷ কিন্তু বৰ্তমান সেই পাৰ্থক্যসমূহ একাষৰীয়া কৰি থৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কৰাটোৱে হৈছে প্ৰধান লক্ষ্য৷ তদুপৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজত বিশ্বৰ অধিকাংশ ৰাষ্ট্ৰৰে যাতে সমৰ্থন লাভ কৰে, তাৰ বাবেও দেশে সকলো কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰা উচিত৷ একেদৰে, যিবোৰ ৰাষ্ট্ৰই নিজৰ স্বাৰ্থ পূৰণৰ বাবে সন্ত্ৰাসবাদক উদগনি দি আহিছে, সেইবোৰ দেশৰ বিৰুদ্ধেও যাতে বিশ্ব সম্প্ৰদায়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়াও ভাৰতে সুনিশ্চিত কৰা প্ৰয়োজন৷ যদিহে ভাৰতে সন্ত্ৰাসবাদক সম্পূৰ্ণৰূপে নিৰ্মূল আৰু সন্ত্ৰাসবাদীক উদগনি দি অহা ৰাষ্ট˜সমূহক নিৰ্ণায়কভাৱে প্ৰতিহত কৰিব নোৱাৰে, তেনেহ’লে সময়ে সময়ে দেশে এনে দুৰ্ভাগ্যজনক ঘটনাৰ মুখামুখি হৈয়েই থাকিব লাগিব৷