Logo
image

পেহেলগামক লৈ উদ্বেগ

২২ এপ্ৰিল মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত পৰ্যটকসহ ২৬জন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১৭জন লোক আহত হয়৷ গোটেই দেশজুৰি পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পেহেলগামৰ ঘটনাক লৈ স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে নতুন দিল্লী৷ বিশ্বৰ বহু দেশে এই অমানৱীয় ঘটনাক দ্ব্যৰ্থহীন ভাষাৰে গৰিহণা দিছে৷ এই আক্ৰমণৰ কাৰণ বিভিন্নজনে বিভিন্ন ধৰণে দাঙি ধৰিলেও কেইটামান কাৰণ এনেধৰণৰ হ’ব পাৰে– এই আক্ৰমণৰ সৈতে ১৯৪৭ চনৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজৰ দীৰ্ঘদিনীয়া কাশ্মীৰ বিবাদ জড়িত হৈ আছে৷ পাকিস্তানক ভিত্তি কৰি গঢ় লৈ উঠা লস্কৰ-ই-তৈবাৰ শাখা ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ [TRF]-এ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে৷ টিআৰএফে দাবী কৰিছে যে এই আক্ৰমণ কাশ্মীৰত কৰা ‘জনগাঁথনিগত পৰিৱৰ্তন’ৰ প্ৰতিক্ৰিয়া হিচাপে কৰা হৈছে৷ ২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিলৰ পাছৰ পৰা এই সন্ত্ৰাসবাদী গোটটো সুযোগৰ

পেক্ষাত আছিল৷ এইবাৰ সামৰিক বাহিনীক লক্ষ্য কৰাৰ পৰিৱৰ্তে, সাধাৰণ নাগৰিকক লক্ষ্য কৰাটোৱে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰাই যে সন্ত্ৰাসবাদীৰ উদ্দেশ্য, তাৰেই ইংগিত দিছে৷ এই আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণৰ বাবেও হ’ব পাৰে৷ পেহেলগাম এখন গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী, যাক ‘মিনি ছুইজাৰলেণ্ড’ বুলি কোৱা হয়৷ কাশ্মীৰত পৰ্যটকৰ সংখ্যা দিনৌ বৃদ্ধি পাবলৈ ধৰিছে৷ এইবাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য আছিল পৰ্যটকসকল, যিটো এটা সহজ লক্ষ্য৷ পৰ্যটকক আক্ৰমণ কৰি অঞ্চলটোৰ অৰ্থনীতি অস্থিৰ কৰা, পৰ্যটকসকলক নিৰুৎসাহিত কৰা আৰু কাশ্মীৰত ভাৰতৰ শান্তি পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ ছবি ক্ষতিগ্ৰস্ত কৰাই বোধকৰোঁ আক্ৰমণকাৰীৰ উদ্দেশ্য৷ বিশেষজ্ঞসকলৰ মতেও এইটো কাশ্মীৰৰ শান্তি-সম্প্ৰীতিক দুৰ্বল কৰাৰ এক প্ৰয়াস৷ বিশেষকৈ অমৰনাথ যাত্ৰাৰ ঠিক আগে আগে এই ঘটনা ঘটাটো গুৰুত্বপূৰ্ণ৷ অমৰনাথ হিন্দুৰ অন্যতম প্ৰধান তীৰ্থস্থান৷ এনে এটা সময়ত কৰা এই আক্ৰমণৰ অৰ্থনৈতিক আৰু মানসিক প্ৰভাৱ যে সকলোতে পৰিব, সেইটো নিশ্চিত৷

কেইবাজনো অৱসৰপ্ৰাপ্ত ভাৰতীয় সামৰিক বিষয়াই দাবী কৰা মতে, এই আক্ৰমণ পাকিস্তান সেনাই ‘সামৰিক নিপুনতা’ৰে সংঘটিত কৰিছে– টিআৰএফক অৱলম্বন হিচাপে ব্যৱহাৰ কৰি৷ এই আক্ৰমণৰ সময় আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভেন্সৰ ভাৰত ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছৌদি আৰব ভ্ৰমণৰ সময়ৰ সৈতে মিলি গৈছে৷ এই ঘটনাই ভাৰতক বিশ্ব মঞ্চত বিব্ৰত পৰিস্থিতিৰ সন্মুখীন কৰোৱাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ইংগিত বহন কৰে৷ বিশ্লেষকসকলে যুক্তি দিয়ে যে এয়া পাকিস্তানৰ হতাশাৰ প্ৰতিফলন৷ পাকিস্তানৰ অৰ্থনৈতিক সমস্যা আৰু বেলুচিস্তানৰ অশান্তিৰ দৰে ঘৰুৱা বিষয়ৰ পৰা দৃষ্টি আঁতৰোৱাৰ এটা প্ৰয়াসো হ’ব পাৰে এয়া৷ প্ৰত্যক্ষদৰ্শীৰ বিৱৰণী আৰু জীৱিতসকলৰ সাক্ষ্যৰ পৰা জানিব পৰা গৈছে যে আক্ৰমণকাৰীয়ে হিন্দু পৰ্যটকক বাছি লৈছিল, পৰিচয়-পত্ৰ পৰীক্ষা কৰিছিল৷ কিছু মহিলাক আক্ৰমণৰ পৰা ৰেহাই দিছিল যদিও ধৰ্মীয় পৰিচয়ৰ ভিত্তিত পুৰুষসকলক লক্ষ্য কৰি লৈছিল৷ টিআৰএফে জম্মু-কাশ্মীৰত জনগাঁথনি পৰিৱৰ্তনৰ বিৰোধিতা কৰি আহিছিল৷ ২০১৯ চনৰ পৰা ভাৰতৰ নীতিৰ প্ৰতি অসন্তুষ্টিৰ ইংগিত দি আহিছে৷ জম্মু-কাশ্মীৰত প্ৰায় ৮৪,০০০ অ-স্থানীয় লোকক ‘ডমিচাইল’ অধিকাৰ প্ৰদান কৰা হৈছে৷ সন্ত্ৰাসবাদী গোটসমূহে এই নীতিক অঞ্চলটোৰ মুছলিম-বহুল জনগাঁথনি সলনি কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰিছে৷ এই আক্ৰমণ ভাৰত চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে প্ৰতিশোধমূলক কাৰ্যও হ’ব পাৰে৷ বিদেশী পৰ্যটকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা এই ঘটনা কাশ্মীৰ-ইছ্যুক আন্তৰ্জাতিক মঞ্চত সজোৰে উত্থাপন কৰাৰ বাবে সন্ত্ৰাসবাদীৰ ঘাতক প্ৰয়াসো হ’ব পাৰে৷

এই আক্ৰমণ ২০১৯ চনৰ পুলৱামা বিস্ফোৰণৰ পাছৰ ভয়ংকৰ নৰসংহাৰ৷ টিআৰএফে নিজকে এটা উচ্চ-প্ৰভাৱশালী শক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কৰা এইটো এটা প্ৰয়াসো হ’ব পাৰে৷ পেহেলগাম যিহেতু অতি গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰ, গতিকে সেই ঠাইৰ সুৰক্ষাৰ কাৰণে যথেষ্টসংখ্যক সেনা-নিৰাপত্তাৰক্ষী মজুত থাকিব লাগিছিল বুলিও অভিযোগ উঠিছে৷ লগতে এই বুলিও অভিযোগ উঠিছে যে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱা সময়ত সেই ঠাইত সেনা বা সুৰক্ষা বাহিনীৰ লোক নাছিল৷ প্ৰকৃত খবৰ পাবলৈ হয়তো আৰু দুদিনমান অপেক্ষা কৰিব লাগিব৷