Logo
image

ওলোটা পুৰাণ !

ইজৰাইল-হামাছৰ সংঘাত যেন এক শেষ নোহোৱা অধ্যায়৷ কিয়নো ১৯ জানুৱাৰী ২০২৫ত আৰম্ভ হোৱা যুদ্ধবিৰতি ভংগ কৰি ১৮ মাৰ্চৰ পৰা ইজৰাইলে গাজাত পুনৰ আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে৷ যুদ্ধবিৰতিত অঞ্চলটোলৈ শান্তি ঘূৰি অহাৰ আশা কৰা হৈছিল৷ কিন্তু হামাছৰ মনোভাবত অসন্তুষ্ট হৈ ইজৰাইলে ১৮ মাৰ্চত যুদ্ধবিৰতি ভংগ কৰি গাজাত পুনৰ আক্ৰমণ তীব্ৰতৰ কৰি তোলে৷ ফলত পুনৰ গাজাত মৃত্যুয়ে কিৰীলি পাৰিছে৷ কিন্তু ইজৰাইল-হামাছৰ এই সংঘাতময় পৰিস্থিতিৰ মাজতে গাজাৰ ৰাজপথত এক বিপৰীত ছবি দেখা গ’ল৷ এইবাৰ পেলেষ্টাইনী জনসাধাৰণে ৰাজপথলৈ ওলাই আহি হামাছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল৷ 

ইজৰাইলৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতত গাজাৰ সাধাৰণ জনতাই জীৱন-জীৱিকা, ঘৰ-সম্পত্তি, অন্ন-বস্ত্ৰ হেৰুৱাই বৰ বিপদত পৰিছে৷ সেয়ে তেওঁলোকে শান্তি বিচাৰিছে আৰু ৰাজপথলৈ ওলাই আহি হামাছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈও ভয় কৰা নাই৷ উত্তৰ গাজাৰ বেইট লাহিয়াত হাজাৰ হাজাৰ বাসিন্দা সমৱেত হৈ যুদ্ধ বন্ধ কৰাৰ দাবী জনায়৷ পেলেষ্টাইনৰ জনতাই হামাছক ক্ষমতা এৰিবলৈ আহ্বান জনাই গাজাৰ ৰাজপথত সমদল উলিয়াইছে৷  ‘যুদ্ধ বন্ধ কৰক’, ‘আমি শান্তি বিচাৰোঁ’ আৰু ‘হামাছ ক্ষমতা ত্যাগ কৰক’ আদি ধবনি দি প্ৰতিবাদকাৰীয়ে গাজাৰ ৰাজপথ উত্তাল কৰি তুলিছিল৷ 

দুমাহৰ যুদ্ধবিৰতিৰ অন্তত ইজৰাইলী বাহিনীয়ে গাজাত পুনৰ প্ৰচণ্ড বোমাবৰ্ষণ আৰম্ভ কৰিছে৷ এই আক্ৰমণত যোৱা এসপ্তাহত প্ৰায় ৮০০ লোকৰ মৃত্যু হৈছে৷ ডেৰ বছৰতকৈও অধিক সময় চলি থকা এই সংঘাতত ৫০ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে৷ যুদ্ধৰ ধবংসৰ ফলত গাজাৰ জনজীৱন বিঘ্নিত হৈছে৷ খাদ্য, পানী আৰু বাসস্থানৰ তীব্ৰ নাটনিত ভুগিছে বাসিন্দাসকল৷ এই পৰিস্থিতিত ক্লান্ত আৰু হতাশাগ্ৰস্ত পেলেষ্টাইনীসকলে ৰাজপথলৈ ওলাই আহি শান্তিৰ দাবী উত্থাপন কৰিছে৷ 

সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ ফুটেজত দেখা গৈছে যে প্ৰতিবাদকাৰীয়ে বেনাৰ লৈ সমদল উলিয়াইছে৷ বেইট লাহিয়াৰ ৰাজপথত হামাছবিৰোধী শ্লোগান দিয়া শ শ লোকৰ সমাগম ঘটে৷ খবৰ অনুসৰি এই প্ৰতিবাদৰ সময়ত হামাছৰ সদস্যই প্ৰতিবাদকাৰীক আক্ৰমণ কৰে৷ তেওঁলোকে মুখা পিন্ধি আৰু অস্ত্ৰ-শস্ত্ৰ লৈ শোভাযাত্ৰাটোক আক্ৰমণ কৰে৷ প্ৰতিবাদকাৰীক প্ৰহাৰ কৰাত তেওঁলোক বিক্ষিপ্ত হৈ পৰা দেখা যায়৷ 

কোনে এই প্ৰতিবাদৰ আয়োজন কৰিছিল সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই৷ অৱশ্যে টেলিগ্ৰামত প্ৰতিবাদ কৰিবলৈ ফোন পোৱাৰ পাছতে ৰাজপথলৈ ওলাই অহা বুলি প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে৷ এজন প্ৰতিবাদকাৰীয়ে কয়, ‘আমি যুদ্ধ আৰু ধবংসৰ মাজত জীয়াই থাকি ভাগৰি পৰিছোঁ৷ যদি হামাছে ক্ষমতা এৰিলে এই সংকটৰ সমাধান হয়, তেন্তে তেওঁলোকে জনসাধাৰণৰ বাবে সেয়া কিয় কৰা নাই?’ এই প্ৰতিবাদৰ পৰা পেলেষ্টাইনৰ জনতাই যে শান্তি বিচাৰিছে সেয়া স্পষ্ট হৈ পৰিছে৷ 

ইফালে, অষ্ট্ৰিয়াত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত ডেভিদ ৰ’ৱেটে গাজাত পেলেষ্টাইনী শিশুক মৃত্যুদণ্ড দিয়াৰ পৰামৰ্শ দি আন এক বিতৰ্কৰ সূত্ৰপাত কৰিছে৷ ইনছব্ৰুকত ইহুদী সম্প্ৰদায়ৰ সৈতে হোৱা এক গোপন বৈঠকত তেওঁ কয় যে ‘বন্দুক’ বা ‘গ্ৰেনেড’সহ ধৰা পৰা শিশুক মৃত্যুদণ্ড দিয়া উচিত৷ 

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে হামাছক গাজা খালী কৰা আৰু বাকী থকা পণবন্দীসকলক ঘূৰাই দিয়াৰ প্ৰস্তাৱ দিছিল৷ কিন্তু হামাছে সেই প্ৰস্তাৱ নমনাত ইজৰাইলে গাজাত যুদ্ধবিৰতি ভংগ কৰি আক্ৰমণ তীব্ৰতৰ কৰিছে৷  যুদ্ধবিৰতিৰ সুযোগত হামাছে নিজৰ ক্ষমতা বৃদ্ধি কৰাৰ আশংকাত বৰ্তমান ইজৰাইলী সেনাই আগ্ৰাসী ৰূপ লৈছে৷ ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে হামাছক সম্পূৰ্ণৰূপে নিৰ্মূল নকৰালৈকে নেতান্যাহু ক্ষান্ত নহয়৷ গতিকে এনে পৰিস্থিতিত গাজা আৰু পেলেষ্টাইনলৈ শান্তি ঘূৰি অহাৰ আশা নাই৷