Logo
image

কাঠফুলাই নাইকিয়া কৰিব প্লাষ্টিকৰ আৱৰ্জনা

আমাৰ অসম, ২২ এপ্ৰিলঃ প্লাষ্টিকৰ আৱৰ্জনাই বিশ্বৰ পৰিৱেশ দূষিত কৰি আহিছে৷ কিয়নো প্লাষ্টিক বা পলিথিন পুৰি পেলালেও ই একেবাৰে নাইকিয়া হৈ নাযায়৷ ইয়াৰ আৱৰ্জনা মাটিৰ সৈতে মিলি থাকে, যাৰ বাবে সমগ্ৰ পৃথিৱী প্লাষ্টিকে সৃষ্টি কৰা প্ৰদূষণৰ সমস্যাত ভুগিব লগা হৈছে৷ এনে অৱস্থাত এদল বিজ্ঞানীয়ে এবিধ বিশেষ কাঠফুলাৰ আৱিষ্কাৰ কৰিছে, যিবিধ কাঠফুলাই প্লাষ্টিক নাইকিয়া কৰে৷ নতুনকৈ আৱিষ্কাৰ কৰা এই কাঠফুলা বিধৰ নাম ‘পেষ্টালটিঅ’পিচ  মাইক্ৰ’স্পোৰা’৷ এই কাঠফুলাই প্লাষ্টিকৰ উপাদানক বিনষ্ট কৰি জৈৱ পদাৰ্থলৈ ৰূপান্তৰ কৰে৷ এনে অৱস্থাত প্লাষ্টিকৰ আৱৰ্জনাৰে ভৰা মাটিত যদি এই কাঠফুলা বিধৰ খেতি কৰিব পৰা যায়, তেন্তে সেই মাটিৰ পৰা সহজেই প্লাষ্টিকৰ আৱৰ্জনা নাইকিয়া হ’ব৷ উল্লেখ্য যে সমগ্ৰ বিশ্বত প্ৰায় ৪০ লাখ প্ৰজাতিৰ কাঠফুলা আছে৷