Logo
image

উক্তি-বক্ৰোক্তি

যদি প্ৰয়োজন হয় মই শৰীৰত এটা বোমা বান্ধি পাকিস্তানলৈ যাম৷ মই এইটো কথা কৌতুক কৰি কোৱা নাই বা অত্যুৎসাহ দেখুৱাই কোৱা নাই৷ যদিহে দেশক মোৰ দৰকাৰ আছে তেন্তে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে মোক পাকিস্তানলৈ পঠিয়াওক৷ আল্লাৰ নামত শপত খাই কৈছোঁ, মই পাকিস্তানলৈ যামেই৷

– কৰ্ণাটকৰ মন্ত্ৰী জামিৰ আহমেদ খান

গৌৰৱ গগৈৰ দুয়োটা সন্তানেই প্ৰথমে ভাৰতীয় আছিল৷ তাৰ পাছত দুয়োটা সন্তানকেই এখন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকলৈ ট্ৰান্সফাৰ কৰা হ’ল৷ সেই কাম গৌৰৱ গগৈৰ পত্নীয়ে কৰা নাই৷ নিজে এপ্লিকেশ্বন দি গৌৰৱ গগৈয়ে সেই কাম কৰিছে৷

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যদিহে এছিয়ান ক্ৰিকেট কাউন্সিলে এছিয়া কাপ বন্ধ কৰে বা পাকিস্তানক প্ৰতিযোগিতাখনত খেলাৰ পৰা নিষিদ্ধ কৰে, তেন্তে মই আচৰিত নহওঁ৷ পৰিস্থিতিৰ যিদৰে অৱনতি ঘটিছে, তেনে আশংকা দেখা গৈছে৷  

– প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ

দুখীয়াৰ ধন আত্মসাৎ কৰি কংগ্ৰেছে মহাপাপ কৰিছিল৷ ৰাইজে আজি তাৰ শাস্তি কংগ্ৰেছক দিছে৷ 

– কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কাশ্মীৰত ইমান ভয়ংকৰ ঘটনা ঘটিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ঘটনাত গুৰুত্ব দিয়া যেন লগা নাই৷ পাকিস্তানক এটা শিক্ষা দিয়াৰ পৰিৱৰ্তে তেওঁ শুকুৰবাৰে বলীউডৰ তাৰকাৰ লগত ৯ ঘণ্টা সময় কটালে, আদানিৰ বন্দৰ উদ্বোধন কৰিলে৷

– শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউত


পঞ্জায়ত নিৰ্বাচনত উজনিত কংগ্ৰেছে শূন্য মাৰিব পাৰে৷ ভূপেন বৰাৰ মিটিঙত ৯৭জন মানুহ হয়, মোৰ মিটিঙত হাজাৰ হাজাৰ মানুহ৷

– শিৱসাগৰৰ বিধায়ক অখিল গগৈ

   তেওঁলোকে সময়ত যথোচিত উত্তৰ পাব৷ তাত আগতেও ঘোৰী, গজনভী, মেহমুদ আছিল৷ তেওঁলোককো উচিত শিক্ষা দি ভাৰতে ঘূৰাই পঠিয়াইছিল৷ সময় আহিলে তেওঁলোকে অগ্নি, ব্ৰহ্মছৰ জৰিয়তে উত্তৰ পাব৷ 

– কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট

পাকিস্তানক একেবাৰে মষিমূৰ কৰি পেলাব লাগে৷ 

– দিছপুৰৰ বিধায়ক অতুল বৰা

৫৬ ইঞ্চিৰ বুকুৱে কি কৰে সেয়া চাবলৈ ভাৰতবাসীয়ে বাট চাই আছে৷ অবিলম্বে ভাৰতে পাকিস্তানক আঘাত কৰা উচিত৷ ইয়াৰ পূৰ্বে ছাৰ্জিকেল ষ্ট˜াইকত ভাৰতে কিমান পাকিস্তানীক মাৰিলে, তাত সন্দেহ আছে৷ 

– পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং সৈনী

কংগ্ৰেছ দলক ভোট দিয়া আৰু ফুটা বাল্টিত পানী থোৱা একেই কথা৷

– বিজেপি নেতা ভৱেশ কলিতা

যদিহে সিন্ধুৰ পানী বন্ধ কৰিবলৈ ভাৰতে কোনো নিৰ্মাণকাৰ্য কৰে, তেন্তে আমি সেই প্ৰতিটো নিৰ্মাণকে আক্ৰমণ কৰি ধবংস কৰি দিম৷

– পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফ