Logo
image

ধেমাজি-গুৱাহাটীৰ পৰা পেহেলগামলৈ

জম্মু কাশ্মীৰৰ পেহেলগামত ২২ এপ্ৰিলত ধৰ্মৰ ভিত্তিত ছাব্বিশজন পৰ্যটকক সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ নৃশংস ঘটনাই সকলোৰে হৃদয় বিদাৰি গৈছে৷ ঘটনাটো ইমান মৰ্মান্তিক আৰু নাৰকীয় যে বিভিন্ন মাধ্যমত ঘূৰিফুৰা মৰ্মস্পৰ্শী ছবি দুখন দেখিলে মানুহমাত্ৰেই সকলোৰে অন্তৰাত্মা কঁপি উঠিব৷ অহা কিছুদিনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত  এই ঘটনাৰ নিশ্চিত প্ৰভাৱ পৰিব৷ ভাৰতবৰ্ষই সিন্ধু জলচুক্তি বাতিলকে ধৰি পাকিস্তানৰ লগত সকলোপ্ৰকাৰৰ বেপাৰ-বাণিজ্য বন্ধ কৰিছে৷ পাকিস্তানেও আকাশমাৰ্গ বন্ধকে ধৰি কিছু কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ভাৰতৰ দ্বাৰা একপক্ষীয়ভাৱে সিন্ধু জলচুক্তি বাতিলক ‘যুদ্ধসদৃশ বাতাবৰণ’ হিচাপে বিবেচনা কৰিছে বুলি ঘোষণা কৰিছে৷ ইফালে ধৰ্মৰভিত্তিত ইজৰাইল-পেলেষ্টেইনৰ যুদ্ধ হৈ আছে৷ দীৰ্ঘদিনীয়া ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধয়ো ড’নাল্ড ট্ৰাম্পৰ আগমনৰ লগে লগে ৰূপ সলনি কৰিছে৷ ভূ-ৰাজনৈতিক কাৰণতেই পাকিস্তানৰ লগত দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা চীনৰ ‘One Belt and One Road Initiative’, আমেৰিকাৰ কূটনীতিৰ ৰেহৰূপ, পাকিস্তান সমৰ্থিত জামাত ই ইছলামীৰ নেতৃত্বত শেহতীয়াভাৱে বাংলাদেশত ইছলামিক মৌলবাদৰ উত্থান আৰু ৰাজনীতিৰ পৰিৱৰ্তন, পশ্চিম এছিয়াৰ ৰাষ্ট্ৰকেইখনৰ কূটনৈতিক অৱস্থান আদি কথা বৰ্তমান পৰিস্থিতিত বিবেচনালৈ আহিব৷ কিছুসংখ্যক মিডিয়াই ইতিমধ্যেই টিভিৰ পৰ্দাত যি যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে ই ঘটনাৰ পৰৱৰ্তী তিনিদিনত ইতিমধ্যেই বিধস্ত ভাৰতীয় শ্বেয়াৰ বজাৰৰ কিছু ক্ষতিসাধন কৰিছে৷ নিৰীহ লোকক ধৰ্মৰভিত্তিত হত্যা কৰাৰ উত্তৰ ভাৰতে কেনেদৰে দিয়ে, যুদ্ধ হ’ব নেকি ইত্যাদি কথাৰ ওপৰত উল্লিখিত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আৰ্থ-ৰাজনীতিৰ নিশ্চিত প্ৰভাৱ থাকিব৷ ভাৰতৰ প্ৰতিক্ৰিয়া যি পৰ্যায়ৰেই নহওক, মানুহ মাত্ৰেই সকলোৱে এই প্ৰতিক্ৰিয়া এনে হোৱাটো বিচাৰে যি কাৰ্যই সন্ত্ৰাসবাদ পুলিয়ে পোখায়ে নিঃশেষ কৰিব আৰু পাকিস্তানেও যেন ভৱিষ্যতে সন্ত্ৰাসবাদক সমৰ্থন কৰি ভাৰতৰ মাটিত পুনৰ আক্ৰমণ কৰিবলৈ সাহ নকৰিব৷ ভাৰতৰ প্ৰতিক্ৰিয়া যি পৰ্যায়ৰেই নহওক, সকলো মানুহেই সিদিনাৰ ঘটনা সংঘটিত কৰা দানৱকেইটাক তুৰন্তে বিচাৰি উলিয়াই চৰম শাস্তি প্ৰদান কৰাৰ খবৰ শুনিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে৷ 

ধৰ্মবিশ্বাসী লোকসকলে ধৰ্মই মানুহক নৈতিক আৰু শৃংখলিত জীৱনৰ বাবে প্ৰস্তুত কৰে বুলি ক’বলৈ যত্ন কৰে৷ সমাজ আৰু স্থানভেদে নৈতিকতাৰ ধাৰণা ভিন্ন হ’ব পাৰে যদিও নিৰপৰাধী লোকক হত্যা কৰিবলৈ ধৰ্মই কি ধৰণৰ নৈতিকতা প্ৰদান কৰে ই আ(ৰ্যকৰ/ মানুহৰ ধৰ্ম সুধি শূন্য দূৰত্বৰ পৰা হত্যা/ বাঃ এয়া কেনে ধৰ্ম/ ধৰ্মৰ নামত যুদ্ধ, নিতৌ হত্যা, গাজাষ্ট্ৰিপত শিশুৰ শাৰী শাৰী মৃতদেহ মাথোঁ ধৰ্মৰ নামত/ ইউৰোপৰ ত্ৰিশ বছৰীয়া ধৰ্মযুদ্ধৰ পৰিসমাপ্তিত আধুনিক জাতি ৰাষ্ট্ৰঃ সৃষ্টি হ’ল৷ পিছে বহু মানুহৰ ধ্যান-ধাৰণা মধ্যযুগতেই থাকি গ’ল/ চিন্তা, কাম-কাজত কেৱল ধৰ্ম ধৰ্ম ধৰ্ম/ নিশ্চিতভাৱে ধৰ্মৰাষ্ট্ৰ বা খলিফাতন্ত্ৰ সৃষ্টিৰ উন্মাদনা, ধৰ্মীয় নৈতিকতা ৰক্ষাৰ নামত নৃশংস হত্যা আৰু সন্ত্ৰাস চলাই থকা সংগঠন বা সন্ত্ৰাসবাদী বিলাকৰ বেছিভাগেই ইছলামিক৷ আনহাতে ভালদৰে মন কৰিলে দেখা পোৱা যায় যে সন্ত্ৰাসৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্ৰস্ত বৰ্তমানৰ ৰাষ্ট্ৰঃসমূহো ইছলামিক বা একেদৰে পৃথিৱীৰ মুছলমান সমাজেই ধৰ্মীয় সন্ত্ৰাসৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্ৰস্ত সমাজ৷ অৱশ্যে এই গোটেই কাৰবাৰটোত আন্তঃৰাষ্ট্ৰীয় ভূ-ৰাজনীতি, এই ৰাষ্ট্ৰবিলাকৰ সম্পদসমূহ হস্তগত কৰিবৰ বাবে আমেৰিকা আৰু পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ দৰে সাম্ৰাজ্যবাদী ৰাষ্ট্ৰসমূহৰ দবৰা-দবৰিৰ প্ৰভাৱো বিশেষ মন কৰিবলগীয়া৷ 

ইতিহাসবিদ ৰামচন্দ্ৰ গুহই ‘Patriots and Partisans’ শীৰ্ষক গ্ৰন্থত লিখিছে ‘The hold of the Muslim orthodoxy over community is so strong that even liberal Muslim intellectuals are cower down by them. Aa a Hindu, I don'ব্ধ need to refer to any religious text to attack untouchability-I can merely point out that this is an inhuman practice impermissible in a civilised society. Regardless of what the Shastras might or might not say on the subject, the fact that the Indian constitution abolishes untouchability is good enough for me. But a Muslim asking for equal rights for women finds it far more difficult to argue from the first principles. ণ্ড্ৰঙ্গ takes refuge instead in one or other verse from Koran, read or interpreted in a way most congenial to his argument. ণ্ড্ৰঙ্গ tends to suhpress or ignore the contrary evidence in the other verse or sections.’ নাৰী অধিকাৰ আৰু সমতা সম্পৰ্কে গুহই আগবঢ়োৱা এই কথাখিনি মুছলমান সম্পৰ্কীয় অন্য দিশসমূহৰ লগতো সংযুক্ত কৰিব পাৰি৷ যিকোনো সভ্যতাৰেই প্ৰগতিশীলতাৰ লক্ষণ হ’ল যিবোৰ কথা সমাজৰ বাবে ক্ষতিকাৰক সেইবোৰ প্ৰত্যাহাৰ কৰা৷ খণ্ডিতভাৱে হোৱা দুই-এক সংস্কাৰকামী আন্দোলনে ইছলাম সমাজত কিছু সংস্কাৰ কৰিবলৈ যত্ন কৰিছে যদিও সি স্থায়ী নাই হোৱা৷ শেহতীয়াভাৱে সমগ্ৰ পৃথিৱীতে ধৰ্মীয় পুনৰুত্থানবাদী আন্দোলন কিছুমান দেখা পোৱা গৈছে৷ ইছলামৰ ক্ষেত্ৰত এই পুনৰুত্থানবাদ ভয়ংকৰ ৰূপত ধৰা দিছে আৰু ইয়াত আমেৰিকাৰ দৰে সাম্ৰাজ্যবাদী দেশসমূহে সাৰ-পানী যোগাই লহপহকৈ বঢ়াই বা প্ৰয়োজনত তেল-টেঙা সানি ভিন্ন ৰূপত উলিয়াই দিছে৷ আইছিছ, অল কায়দা, তালিবান আদিৰ লগতে ইছলামিক সন্ত্ৰাসবাদৰ ভিন্নৰূপসমূহ ভালদৰে বিশে¡ষণ কৰিলে এই কথাবোৰ স্পষ্ট হয়৷ 


এটা কথা মন কৰিবলগা যে ইছলামিক সন্ত্ৰাসবাদৰ মূল লক্ষ্য যদিও খলিফাতন্ত্ৰ বা এখন বিশুদ্ধ ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা কিন্তু ইয়াৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ইছলামিক ৰাষ্ট্ৰসমূহ বা ইছলামিক জনসাধাৰণেই৷ উল্লেখ্য, এই সন্ত্ৰাসবাদী আক্ৰমণসমূহৰ ৮৯.প্তশতাংশ আক্ৰমণেই ইছলামিক ৰাষ্ট্ৰঃসমূহত হৈছে আৰু ইয়াৰ দ্বাৰা আক্ৰান্ত মুঠ ৯০শতাংশ মানুহেই মুছলমান৷ আঁতৰলৈ নগৈ আমি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰঃকেইখনকে চাব পাৰোঁ৷ পাকিস্তান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণত ভাৰতৰ জম্মু-কাশ্মীৰ বা সমগ্ৰ ভাৰততে যিমান ধন-জনৰ ক্ষতি হৈছে তাৰ প্ৰায় দহগুণ বেছি ক্ষতি হৈছে পাকিস্তানৰ৷ ধৰ্মক ৰাষ্ট্ৰীয় নীতিলৈ পৰ্যবসিত কৰিব বিচৰা আফগানিস্তান, পাকিস্তান আৰু অতি শেহতীয়াভাৱে বাংলাদেশৰ কি অৱস্থা হৈছে আমি সকলোৱে লক্ষ্য কৰিছোঁ৷ মোল্লাতন্ত্ৰ আৰু ধৰ্মীয় মৌলবাদী চিন্তাই মুছলমান সমাজৰ কিমান যে ক্ষতি কৰিছে সেই কথাৰ আৰু নতুন বিশে¡ষণৰ প্ৰয়োজন নাই৷ লক্ষণীয় যে ইছলামৰ সংস্কাৰকামী কণ্ঠবোৰ এফালৰ পৰা শেষ কৰিবলৈ যত্ন কৰা হৈছে৷ মৌলবাদী চিন্তাই মুছলমান সমাজখনৰ ভৱিষ্যত উত্তৰণৰ সকলো পথ স্তব্ধ কৰা উপক্ৰম কৰাৰ লগতে সমগ্ৰ মানৱ সভ্যতাৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে৷ সমগ্ৰ পৃথিৱীত মুছলমান মানেই এক সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে আৰু ইয়াৰ দ্বাৰাও আক্ৰান্ত হৈছে নিৰীহ সাধাৰণ মুছলমান সমাজেই৷ সমাজখনত মোল্লাতন্ত্ৰ আৰু ধৰ্মীয় গোড়ামী ইমান শক্তিশালী যে পলিঅ’ ভেকচিন বা ক’ভিড ভেকচিন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বা ক্লাছ এইট-নাইনৰ ছোৱালীয়ে ফলিক এচিডৰ টেবলেট খাবলৈ অস্বীকাৰ কৰি বিদ্যালয়লৈ অহা বন্ধ কৰি দিয়া কাৰ্য আনকি এইখন অসমতে ঘটিছে৷ পিছে এই মৌলবাদ, মোল্লাতন্ত্ৰই বিধবস্ত কৰা সমাজখনক উত্তৰণৰ বাট কোনে দেখুৱাব? নিশ্চিতভাৱে ইয়াৰ দায়িত্ব ল’ব লাগিব শিক্ষিত উদাৰনৈতিক মুছলমান সমাজেই৷ পিছে দুৰ্ভাগ্যজনকভাৱে মৌলবাদৰ বিপক্ষে শিক্ষিত উদাৰনৈতিক সমাজখনে যিমান শক্তিশালী ৰূপত থিয় দিব লাগিছিল তেনে শক্তিশালী ৰূপত থিয় দিব পৰা নাই৷ 

পেহেলগামৰ ঘটনাৰ পিছত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ ভাষণ শুনিলোঁ৷ ধৰ্মীয় সংকীৰ্ণতা আৰু সাম্প্ৰদায়িক ৰাজনীতি পৰিহাৰ কৰি প্ৰদান কৰা পৰিশীলিত ভাষণটো আশাপ্ৰদ৷ কাশ্মীৰৰ অট’চালক এজনৰ কথা-বতৰা শুনিলোঁ৷ তেওঁ কৈছে যে এই সন্ত্ৰাসে চাব্বিশজন নিৰীহ পৰ্যটকক হত্যা কৰাৰ লগতে আচলতে পৰ্যটননিৰ্ভৰ প্ৰত্যেকজন কাশ্মীৰীকে হত্যা কৰিছে৷ একেবাৰে সঁচা কথা৷ এই ঘটনাৰ প্ৰভাৱ জম্মু-কাশ্মীৰৰ পৰ্যটনত অহা কেইবাবছৰলৈ পৰিব৷ পৰ্যটননিৰ্ভৰ সাধাৰণ মানুহখিনিৰ কি হ’ব? পুঁজিপতিৰ কথা ক’বলগা নাই, কাৰণ ২২ এপ্ৰিলৰ ঘটনাত ভীতিগ্ৰস্ত, আতুৰ মানুহখিনিৰ পৰা সুবিধা ল’বলৈও এৰি নিদি বিমান কোম্পানীসমূহে ভাড়া তিনি-চাৰিগুণলৈ বৃদ্ধি কৰিলে৷ বিপৰীতে সাধাৰণ অট’চালক এজনে বিমানবন্দৰলৈ তেওঁৰ অট’খন পৰ্যটকৰ বাবে বিনামূলীয়াকৈ চলোৱাৰ দিহা কৰিলে৷ পৰ্যটন বন্ধ হ’লে এই অট’চালকজনৰ পৰিয়ালৰ কি হ’ব/ তেওঁলোকৰ পূৰ্বৰ জীৱন থাকিবনে? মন কৰিবলগীয়া যে এই অট’চালকজনো মুছলিম, আলহীক বচাবলৈ গৈ মুছলিম সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱাজনো মুছলিম আৰু আক্ৰান্ত পৰ্যটকক বোকোচাত তুলি নিৰাপদ স্থানলৈ লৈ যোৱাজনো মুছলিম৷ অসমত আলফাৰ যি অকণমান চিন-মোকাম আছিল, সেয়া নোহোৱা কৰিছিল ধেমাজিৰ বোমা বিস্ফোৰণৰ জৰিয়তে চৈধ্যটিকৈ শিশুক হত্যা কৰি৷ এনডিএফবিয়েও গুৱাহাটীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দ্বাৰা নিৰীহ লোকক হত্যা কৰি জনমানসত তীব্ৰ ঘৃণাৰ সন্মুখীন হৈছিল, আৰু পৰৱৰ্তী সময়ত উগ্ৰপন্থী সংগঠনটোৰ চিন-মোকাম নোহোৱা হৈছিল৷ পেহেলগামৰ ঘটনায়ো জম্মু-কাশ্মীৰৰ জনমানসত তেনে এক ঘৃণাৰেই সৃষ্টি কৰিব বুলি আশা কৰিছোঁ৷ জম্মু-কাশ্মীৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইমান মানুহ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে৷ লক্ষ্য কৰিছোঁ– এই ঘৃণা আৰু বিৰোধ ৰাজনীতিৰ বাহিৰত, স্বতঃস্ফূৰ্ত৷ এই ঘৃণা কাশ্মীৰীৰ জীৱন-জীৱিকা শেষ কৰাৰ বিপক্ষেও যদি হৈছে, ই চিৰস্থায়ী হওক । 

ধৰ্মীয় উন্মাদনাৰে নিজকে ক্ৰমে এখন বিফল ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা পাকিস্তানে সদায়েই ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদক পোহ-পাল দি আহিছে৷ পাকিস্তানৰ এনে দীঘলীয়া প্ৰচেষ্টা শেহতীয়াভাৱে বাংলাদেশত সফল হৈছে৷ অৱশ্যে এইবিলাকৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছেও পাকিস্তানেই৷ কিমান মছজিদত বোমা বিস্ফোৰণ হৈছে, কিমান শিশুৰ মৃত্যু হৈছে তেওঁলোকৰ নিজা সৃষ্টি সন্ত্ৰাসবাদীৰ হাতত– তাৰ হিচাপ দীঘলীয়া৷ কিন্তু তথাপি ৰাষ্ট্ৰ সমৰ্থিত সন্ত্ৰাসবাদ চলিয়েই আছে৷ ভাৰতে পাকিস্তানৰ লগত কেইবাখনো পূৰ্ণযুদ্ধ কৰিছে, বাংলাদেশ স্বাধীন কৰিছে, ভিন্ন সময়ত ষ্টাইক কৰিছে, কূটনৈতিক যুদ্ধ অব্যাহত ৰাখিছে৷ এইবাৰ ভাৰত চৰকাৰে পাকিস্তানক কূটনৈতিকভাৱে এঘৰীয়া কৰিবলৈ সকলো প্ৰকাৰৰ যত্ন অব্যাহত ৰাখিছে৷ অৱশ্যে সাম্ৰাজ্যবাদী আমেৰিকা আৰু পাকিস্তানৰ দীৰ্ঘবন্ধু চীনে এইক্ষেত্ৰত বিধি-পথালি দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ তথাপি আশা কৰিছোঁ, ভাৰতে সৰ্বতোপ্ৰকাৰৰ প্ৰভাৱ বিস্তাৰেৰে পাকিস্তানক একাষৰীয়া কৰিবলৈ সক্ষম হ’ব আৰু লগতে এশিকনি দিবলৈ সক্ষম হ’ব৷ 

ধৰ্মনিৰপেক্ষতা ভাৰতীয় মানুহৰ অন্তৰত প্ৰোথিত হৈ আছে৷ যোৱা দিনসমূহত ধৰ্মীয় বিভেদ সৃষ্টিৰ বিভিন্ন অসৎ অভিপ্ৰায় সচেতন ভাৰতীয় জনসাধাৰণে বাৰে বাৰে প্ৰতিহত কৰিছে আৰু ভাৰতীয় ধৰ্মনিৰপেক্ষ সত্ত্বাক প্ৰতিষ্ঠা কৰিছে৷ এইবাৰো এই ঘটনাই কোনোধৰণৰ ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰিব নোৱাৰিলে৷ পৰিৱৰ্তে সকলোৱে ভাৰতীয় সত্ত্বাক ধাৰণ কৰি মানৱীয় দৃষ্টিৰে এই ঘটনাক প্ৰতিহত কৰিবলৈ আগবাঢ়ি আহিছে৷ এই সময় হৈছে সকলো ভাৰতীয় একত্ৰিত হৈ থকাৰ সময়৷ ধৰ্মীয় মৌলবাদে ক্ৰমে বিফল ৰাষ্ট্ৰত পৰিণত কৰা পাকিস্তান আৰু শেহতীয়াভাৱে জামাত-ঈ-ইছলামীৰ দৰে মৌলবাদী সংগঠনৰ প্ৰভাৱত বাংলাদেশত গঢ় লৈ উঠা উন্মাদনা আৰু আৰ্থ-ৰাজনৈতিক অস্থিৰতাৰই ভাৰতত নিশ্চিতভাৱে প্ৰভাৱ পেলাব৷ দুয়োখন ৰাষ্ট্ৰৰ পৰাই ভাৰতীয়সকলৰ মাজত ধৰ্মৰ ভিত্তিত বিভাজন আনিবলৈ বিভিন্ন ষড়যন্ত্ৰ চলিব৷ এনে প্ৰেক্ষাপটত জনসাধাৰণে ধৰ্মনিৰপেক্ষ ভাৰতীয় সত্ত্বাক সবলভাৱে ধাৰণ কৰিব লাগিব৷ চৰকাৰে খুব সাৱধানতাৰে পৰিস্থিতি পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰিব লাগিব, সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থ বাদ দি দেশৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত চিন্তা কৰিব লাগিব চৰকাৰে৷ চৰকাৰবিৰোধী সকলেও সকলো প্ৰকাৰৰ সংকীৰ্ণ ৰাজনীতিৰ ঊধবৰ্ত নিজক প্ৰতিষ্ঠা কৰি জাতীয় স্বাৰ্থ সুৰক্ষাত অগ্ৰসৰ হ’ব লাগিব৷