Logo
image

পেটত জমা হৈছে অতিৰিক্ত চৰ্বি কমোৱাৰ সহজ উপায়

আমাৰ অসম বিশেষঃ চৰ্বিহীন ঋজু শৰীৰ এটিৰ অধিকাৰী হ’বলৈ কাৰনো মন নাযায়৷ কিন্তু অনিয়মিত জীৱন-যাপন অত্যধিক ভোজনৰ লগতে কৰ্মবিমুখ হৈ ঘণ্টাৰ পৰা ঘণ্টা ধৰি একে স্থানতে বহি থকা এই তিনি প্ৰকাৰৰ কামে মানুহক ৰুগীয়া কৰি তুলিছে৷ অকল ৰোগৰ চিকাৰেই নহয় নাভি প্ৰদেশ তথা তলপেট অতিৰিক্ত চৰ্বি জমা হৈ ফুলি যোৱাৰ ফলত সুশ্ৰী মানুহৰ সৰহসংখ্যকেই দেখাত আপচু হৈ পৰে৷ নাভি-ভুৰু প্ৰদেশ ডাঙৰ হৈ যোৱাৰ ফলত কম বয়সতেই বয়সীয়াল যেন দেখা গৈছে৷ কিন্তু, সহজ ধৰণৰ কেইটামান ব্যায়ামৰ অভ্যাস কৰিলেই মানুহে নিজকে সু-স্বাস্থ্যৰ অধিকাৰী বুলি গৰ্ব কৰিব পাৰে৷ পেট কমাবলৈ হ’লে কৰিব লাগিব পেটত চাপ পৰা কেইটামান ব্যায়াম৷ জানো আহক শ্লিম হোৱাৰ সহজ উপায়–

◾চকীত বহী লৈ দুয়োখন ভৰি মেলি দিয়ক যিমানলৈ পাৰে৷ সেইদৰে হাত দুখনো মেলি দিয়ক৷ তাৰ পাছত সোঁহাতেৰে বাওঁভৰিৰ পতা আৰু বাওঁহাতে সোঁভৰিৰ পতা স্পৰ্শ কৰাৰ চেষ্টা কৰক৷ নিতৌ এই ব্যায়াম কেইবাবাৰো কৰি পেটত চাপ দিবলৈ চেষ্টা কৰক৷ দেখিব পেটৰ অতিৰিক্ত চৰ্বি কমিছে৷

◾এখন ভাল হেণ্ডেল লগা চকীত বহক৷ কাঠৰ নাল [হেণ্ডেল] লগা চকী হ’লে ভাল৷ চকীৰ হেণ্ডেলত দুহাতৰ তলুৱা ৰাখি তাৰে ভৰ দিয়ক৷ দুয়োহাতে চকীৰ হেণ্ডেলত ভৰ দি শৰীৰটো ওপৰলৈ দঙাৰ চেষ্টা কৰক৷ এই ব্যায়ামটো যিমানখিনিলৈকে পাৰি সিমানহে কৰিব৷ হাতত অধিক ভৰ দি অত্যধিক নকৰিব৷ এই ব্যায়ামৰ দ্বাৰা তলপেটৰ পৰা চৰ্বি আঁতৰ কৰিব পাৰি৷