Logo
image

সেন্দূৰৰ মূল্য কিমান বুজাই দিলে ভাৰতে

পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে অৱশেষত ভাৰতে ‘অপাৰেচন সিন্দূৰ’ৰ দ্বাৰা পাকিস্তানৰ নটা [৯] স্থানৰ সন্ত্ৰাসবাদী শিবিৰত মিছাইল আক্ৰমণ কৰে৷ এই আক্ৰমণৰ দ্বাৰা ভাৰতে ভাৰতীয় নাৰীৰ বাবে সেন্দূৰৰ মূল্য কিমান সেয়া বুজাই দিলে৷ পেহেলগামত সেন্দূৰ হেৰুৱা নাৰীসকলৰ বাবে এয়া সেন্দূৰৰ বিকল্প নহয় যদিও এক সকাহ বুলিব পাৰি৷ ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰিৰ ভাষাৰে ভাৰতীয় সেনাই ‘নিৰ্ণায়ক আৰু দায়িত্বশীলতাৰে’ ‘অপাৰেচন সিন্দূৰ’ পৰিচালিত কৰে৷ এই আক্ৰমণত ‘‘ম’ষ্ট ৱাণ্টেড’’ সন্ত্ৰাসবাদী জইছ-ই- মহম্মদৰ প্ৰতিষ্ঠাতা মাছুদ আজাহাৰৰ জেষ্ঠ ভগ্নী, ভতিজাসহ ১০জন আত্মীয়  সেন্দূৰৰ মূল্য কিমান বুজাই দিলে ভাৰতে আৰু ২৬ জন সহযোগী নিহত হয়৷ চৰকাৰী তথ্য মতে, ৭ মে’ ২০২৫ তাৰিখৰ ৰাতি ১ বাজি  ০৫ মিনিটত আৰম্ভ হোৱা মাত্ৰ ২৫ মিনিটৰ আক্ৰমণত ৭০ জন সন্ত্ৰাসবাদী নিহত আৰু ৬০  জন আহত হয়৷ 

পেহেলগাম আক্ৰমণৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কৈছিল যে এই আক্ৰমণত পাকিস্তান জড়িত নহয়৷ পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় আৰু প্ৰশ্ৰয় দিয়া নাই৷ লস্কৰ-ই-তৈবা পাকিস্তানত নিষিদ্ধ আৰু পাকিস্তানত কোনো সন্ত্ৰাসবাদীৰ ঘাটি নাই৷ কিন্তু ভাৰতে পাকিস্তানত থকা ৯ টা শিবিৰত আক্ৰমণ কৰে আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল এই ‘অপাৰেচন সিন্দূৰ’ত মাছুদ আজাহাৰৰ জেষ্ঠ ভগ্নী, ভতিজাসহ ১০ জন আত্মীয় আৰু ২৬ জন সহযোগী নিহত হয়৷ এই ঘটনাই পাকিস্তান যে সন্ত্ৰাসবাদীৰ নিৰ্বিঘ্ন আশ্ৰয়স্থল আৰু সহায়কাৰী দেশ সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে৷ ইছলামবাদে যিমানে মিছা মাতিলেও পাকিস্তানে যে সন্ত্ৰাসবাদীক ৰাজ-আতিথ্য দি ৰাখে সেয়া ভাৰতে ভালদৰেই জানে৷ সেয়ে বাছি বাছি  ৯ টা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলালে৷ 

‘অপাৰেচন সিন্দূৰ’ৰ পাছত সকলোৰে মনত এটা প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰত আৰু পাকিস্তানৰ মাজত পূৰ্ণপৰ্যায়ৰ যুদ্ধ হ’ব নেকি? এইকথাৰ উত্তৰ হিচাপে ভাৰতে কৈছে, সেয়া নিৰ্ভৰ কৰিব পাকিস্তানৰ প্ৰতিক্ৰিয়াৰ ওপৰত৷ যদি পাকিস্তানে যুদ্ধ কৰিবলৈ আহে তেেন্তু ভাৰতে প্ৰত্যুত্তৰ দিব৷ এইখিনিতে আটাইতকৈ মন কৰিবলগীয়া কথাটো হৈছে, ‘অপাৰেচন সিন্দূৰ’ৰ দ্বাৰা ভাৰতে কেৱল সন্ত্ৰাসবাদীৰ ঘাটিতহে আক্ৰমণ চলালে৷ পাকিস্তানৰ সেনা বা সাধাৰণ লোকক আক্ৰমণ কৰা নাই৷ যদিহে পাকিস্তানে এই কথা লৈ ভাৰতক আক্ৰমণ কৰে তেনে সেয়া হ’ব দেশখনৰ চূড়ান্ত মুৰ্খামি৷ কাৰণ পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় আৰু ভাৰতৰ সৈতে যুঁজিব পৰাকৈ সামৰিক সমলো নাই৷ ইছলামবাদে মুখেৰে যিমানেই ভাৰতৰ সৈতে যুঁজাৰ কথা নকওক কিয় তেওঁলোকৰ মিছাইল প্ৰতিৰোধ ব্যৱস্থা কিমান দুৰ্বল তাৰ প্ৰমাণ ‘অপাৰেচন সিন্দূৰ’ৰ আক্ৰমণৰ সময়তে পোৱা গ’ল৷ ভাৰতে নিৰ্দিষ্ট লক্ষ্যত নিৰ্বিঘ্নে আক্ৰমণ চলাই ৯ টাকৈ সন্ত্ৰাসবাদী শিবিৰ ধবংস কৰিলে৷ অথচ তেওঁলোকে সেয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম নহ’ল৷ 

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ কৈছে, ভাৰতৰ এই প্ৰত্যুত্তৰ পাকিস্তানৰ সামৰিক আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ প্ৰতি ভাবুকি নহয়৷ কেৱল বিভিন্ন সময়ত ভাৰতৰ শান্তি বিনষ্ট কৰিব খোজা আৰু পেহেলগামত ভাৰতীয় মাতৃ-ভগ্নী আৰু কন্যাৰ শিৰৰ সেন্দূৰ মচা সন্ত্ৰাসবাদীৰ ওপৰত লোৱা প্ৰতিশোধ৷ সেই কাৰণে এই প্ৰত্যাক্ৰমণৰ নাম ৰখা হৈছিল ‘অপাৰেচন সিন্দূৰ’৷  পেহেলগাম আক্ৰমণৰ পাছতো পাকিস্তানে সন্ত্ৰাসবাদীক নিয়ন্ত্ৰণ কৰাটো দূৰৰেই কথা ছিমলা চুক্তি বাতিল কৰাৰ অজুহাতত সীমান্তত গুলীবৰ্ষণ অব্যাহত ৰাখিছে আৰু ইয়াৰ ফলত দুজন শিশুসহ ১০ গৰাকী ভাৰতীয় লোকৰ মৃত্যু হৈছে৷ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ গুলীবৰ্ষণ অৱশ্যে নতুন কথা নহয়৷ 

ভাৰতে ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত পাকিস্তানৰ মাটিত বা আকাশৰ সীমাত প্ৰৱেশ কৰা নাছিল৷ কেৱল উন্নত প্ৰযুক্তি কৌশলৰ দ্বাৰা সন্ত্ৰাসবাদীৰ ওপৰত পোতক তুলিলে৷ এই আক্ৰমণ সংঘটিত কৰিলে লেফটেনেণ্ট কৰ্ণেল ছুফিয়া কুৰেশ্বি আৰু ভূমিকা সিঙে৷ ইয়াত ভাৰতে ব্যৱহাৰ কৰিলে PSWS [PRECISION STRIKE WEAPON SYSTEM] ক্ষেপণাস্ত্ৰ, যি নিজৰ নিৰ্দিষ্ট লক্ষ্যৰ বাহিৰে আশে-পাশে থকা ঠাইত আঘাত নকৰে৷ উৰন্ত বোমা হিচাপে পৰিচিত LMS [Loitering Munition System] ড্ৰোন আৰু SCALP-EG [Systeme de Croisiere Autonome a Longue Portee– Emploi General] ক্ৰুজ মিছাইল আদি৷ দীৰ্ঘ দূৰত্বভেদি এই SCALP ক্ৰুজ মিছাইল ফ্ৰান্স আৰু বৃটেইনৰ যৌথ উদ্যোগত নিৰ্মিত৷ তদুপৰি, এই আক্ৰমণত পাকিস্তানৰ দুখন যুদ্ধবিমান ক্ৰমে  ১৬ আৰু JAF১৭ ক ভূপতিত কৰে৷ তদুপৰি, ভাৰতৰ হাতত আছে ৰাফাল, সুখইৰ দৰে যুদ্ধবিমান আৰু ব্ৰাহ্মছ, অগ্নি, পৃথিৱী, আকাশৰ দৰে ক্ষেপণাস্ত্ৰ৷  

পাকিস্তানৰ আব্দালি ক্ষেপণাস্ত্ৰ আৰু ২০১৪ চনতে চীনৰ পৰা কিনা ক্ষেপণাস্ত্ৰ আৰু যুদ্ধ সৰঞ্জামেৰে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অহটো আত্মঘাতী সিদ্ধান্ত হ’ব বুলি ক’ব পাৰি৷ কাৰণ চীনে এতিয়া উন্নত ক্ষেপণাস্ত্ৰ আৰু যুদ্ধ সৰঞ্জাম উৎপাদন কৰে আৰু সেই পুৰণা যুদ্ধ সৰঞ্জামৰ প্ৰয়োজনীয় সামগ্ৰী উৎপাদন নকৰাত পাকিস্তানৰ বাবে তাৰ অভাৱে দেখা দিব৷ আনহাতে দেশখনত মজুত থকা যুদ্ধ সৰঞ্জামেৰে মাত্ৰ চাৰিদিন যুদ্ধ কৰিব পাৰিব বুলি সংবাদ মাধমত প্ৰকাশ পাইছে৷ তদুপৰি, পাকিস্তানত বহু সেনাই সমূহীয়া পদত্যাগ কৰিছে৷ এতিয়া পাকিস্তানে অৰ্থনৈতিক সংকট আৰু সেনাৰ সমূহীয়া পদত্যাগৰ বাবে দৈনিক মজুৰিৰ ভিত্তিত সেনা জোৱান নিয়োগ কৰিবলগীয়া হৈছে৷ এনে পৰিস্থিতিত দেশখনে যুদ্ধ কৰিবলৈ মন মেলিলে তাক মুৰ্খৰ বিলাসিতা বুলিব লাগিব৷ তদুপৰি, বালুচ বিদ্ৰোহী আৰু তেহৰিক -ই-তালিবান পাকিস্তানে বালুচিস্তান, খাইবাৰ পাখতুনখোৱা আৰু আফগানিস্তান সীমান্তত পাকিস্তান সেনাক জোলোকা-জোলোকে পানী খুৱাইছে৷ গতিকে যদিহে পাকিস্তানী সেনা ভাৰতৰ বিৰুদ্ধে আক্ৰমণত জড়িত হয় তেনে পাকিস্তানৰ ঘৰুৱা পৰিস্থিতি আৰু শোচনীয় হৈ পৰিব৷ 

তথাপি এই উত্তেজনাৰ মাজতে যোৱা ৩ আৰু ৫ মে’ত ‘ফতেহ’ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে প্ৰতিৰক্ষাৰ বাবে প্ৰস্তুত বুলি হুংকাৰ দিছিল৷ পাক সেনা আৰু সংবাদ মাধ্যমৰ মতে, ভাৰতীয় সেনাই ব্যৱহাৰ কৰা ৰুছ ‘এছ-৪০০ ট্ৰায়াম্ব ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ব্যৱস্থাৰ ৰক্ষাকৱচ ভাঙি ‘ফতেহে’ আঘাত হানিব পাৰে৷ লগতে পাক সেনাই দাবী কৰিছে, ‘ফতেহ’ক কৃত্ৰিম উপগ্ৰহৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰি আৰু সেয়ে প্ৰতিপক্ষৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ব্যৱস্থাৰ পক্ষে ইয়াক চিহ্নিত কৰাটো কঠিন৷ ভাৰতৰ সামৰিক বিশেষজ্ঞ আৰু ৰণকৌশলীসকলে নিশ্চয় এইবোৰ কথাত তীক্ষ্ণ নজৰ ৰাখিছে৷ 

এতিয়া আকৌ লস্কৰ-ই-তৈবাই ভাৰতত কূটাঘাতৰ হুংকাৰ দি গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উৰুৱাই দিয়াৰ ভাবুকি দিছে৷ আনহাতে পাকিস্তানে দুটা স্ব-বিৰোধী কথা কৈছে৷ কাৰণ পাকিস্তানৰ প্ৰতিৰক্ষামন্ত্ৰী খোৱাজা আছিফে কৈছে, যদিহে ভাৰতে ইমানতে ক্ষান্ত হয় তেনে আমি যুদ্ধ নকৰোঁ৷ আকৌ আছিফৰ বক্তব্যৰ বিপৰীতে পাকিস্তানৰ কেবিনেটে সেনা বাহিনীক এই সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ কতৃৰ্ত্ব প্ৰদান কৰিছে৷ পাক সেনা বাহিনীয়ে সদায় ভাৰতবিৰোধী অৱস্থান গ্ৰহণ কৰি দুই-এটা আক্ৰমণ কৰিব পাৰে৷ আনহাতে বাংলাদেশৰ মৌলবাদৰ উত্থানৰ সুবিধা গ্ৰহণ কৰি ‘চিকেন নেক’ৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ মূল অংশৰ পৰা বিচ্ছিন্ন কৰাৰ বাবে সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰিব পাৰে৷ মাছুদ আজাহাৰে হাস্যকৰভাৱে ক্ষমা নকৰাৰ কথা কৈছে৷ হাস্যকৰ বুলি এই কাৰণেই কৈছোঁ কাৰণ সন্ত্ৰাসবাদীয়ে ক্ষমা কৰাৰ নজিৰ নাই৷ গতিকে ভাৰত চৰকাৰে ‘চিকেন নেক’ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব৷ 

তদুপৰি, পাকিস্তানে চীন আৰু তুৰস্কৰ সহায় বিচাৰিব পাৰে৷ ইতিমধ্যে পাকিস্তানে নিজৰ বন্দৰ আৰু আকাশমাৰ্গ ভাৰতৰ বাবে নিষিদ্ধ কৰিছিল৷ তাৰ পাছতে তুৰস্কৰ এখন যুদ্ধ জাহাজ কৰাচীৰ বন্দৰত উপস্থিত হৈছিল৷ কিন্তু আমেৰিকাৰ শুল্ক যুদ্ধৰ পৰিপ্ৰেক্ষিতত চীনে নিজৰ বজাৰ হেৰুৱাৰ ভয়ত ভাৰত বিৰোধিতা হয়তো নকৰিব৷ অৱশ্যে পাকিস্তানে আন্তৰ্জাতিক মঞ্চত ভাৰতৰ সিন্ধু জল চুক্তি স্থগিতকৰণক লৈ সাধাৰণ জনতাক পানী নিদি ভাৰতে অন্যায় কৰিছে বুলি সহানুভূতি আদায়ৰ চেষ্টা কৰিৰ পাৰে৷ গতিকে এইবোৰ দিশত ভাৰতে সতৰ্কতাৰে আগুৱাব লাগিব৷ 


পাকিস্তানত সামৰিক অভিযান আৰম্ভ হোৱাৰ পূৰ্বে মোদী চৰকাৰৰ ঘোষণাৰ লগে লগে ইছলামবাদ জ্বলি উঠিছিল৷ শ্বাহবাজ শ্বৰীফ চৰকাৰে সিন্ধু জল চুক্তি স্থগিতকৰণক যুদ্ধসম কাৰ্য বুলি অভিহিত কৰিছিল৷ এই চৰকাৰৰ প্ৰধান অংশীদাৰ পিপলছ পাৰ্টীৰ নেতা বিলাৱল ভুট্টোৱে খঙেৰে কৈছিল যে সিন্ধুত পানী যোগান বন্ধ হ’লে ভাৰতীয়ৰ তেজ ব’ব৷ পাকিস্তানৰ ৰে’লমন্ত্ৰী হানিফ আব্বাছিয়ে ১৩০টা পৰমাণু বোমা গোপন স্থানত কেৱল ভাৰতৰ দিশে মুখ কৰি ৰাখি থোৱা আছে আৰু বেলেষ্টিক মিছাইলসমূহ কেৱল সজাবলৈ ৰখা নাই বুলি মন্তব্য কৰিছে৷ কিন্তু সেই আস্ফালনক ভাৰতে গুৰুত্ব নিদিয়ে আৰু নিজৰ হিচাপ মতেহে ব্যৱস্থা ল’লে আৰু ভৱিষ্যতেও ল’ব৷ 

উল্লেখ্য, পেহেলগামত সংঘটিত হোৱা নাৰকীয় সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ সম্পৰ্ক অধিক উত্তপ্ত হৈ পৰিছে৷ ভাৰতে প্ৰত্যক্ষভাৱে পাকিস্তানৰ ওচৰত অভিযোগ উত্থাপন কৰোঁতে ইছলামবাদে সকলো দায়িত্ব অস্বীকাৰ কৰিছিল৷ কিন্তু পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে তীব্ৰ গৰিহণা দি পাকিস্তানৰ নাম পোনপটীয়াকৈ নোলোৱাকৈ, আক্ৰমণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰী আৰু সহায়কাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল৷ 

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এই আহ৩ানৰ পাছতে পেহেলগাম আক্ৰমণৰ নিৰপেক্ষ আন্তঃৰাষ্ট্ৰীয় তদন্তৰ কথা কৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰত-পাক দ্বিপাক্ষিক বিষয়ত তৃতীয় পক্ষক জড়িত কৰাৰ কূটনৈতিক কৌশল গ্ৰহণ কৰিছিল৷ আচলতে এনেকৈ শ্বৰীফে চীন আৰু মুছলমান বিশ্বক নিজৰ পক্ষলৈ টানিবলৈ চেষ্টা কৰিছিল৷ 

কিন্তু ২২ এপ্ৰিলত সংঘটিত হোৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ এন আই এৰ তদন্তত স্পষ্ট হৈ পৰিছে যে এই আক্ৰমণৰ আঁৰত পাকিস্তান আছে৷ এন আই এ [NIA] ৰ তদন্তত, পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত লস্কৰ-ই-তৈবা আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে৷ লস্কৰ-ই-তৈবাৰ পাকিস্তানৰ মুখ্য কাৰ্যালয়ত বৈছৰণত পৰ্যটকৰ ওপৰত আক্ৰমণৰ আঁৰৰ মূল কৌশল ৰচনা কৰা হৈছিল আৰু সেই কামৰ সকলো নিৰ্দেশনা আই এছ আইৰ পৰা আহিছিল৷  

ইতিমধ্যে পেহেলগাম আক্ৰমণৰ আঁৰৰ চাৰিজন সন্ত্ৰাসবাদীৰ মাজৰ হাছিম মুছা ওৰফে চুলেমান আৰু আলী ভাই ওৰফে তালহা ভাই পাকিস্তানী নাগৰিক বুলি তদন্তকাৰীয়ে নিশ্চিত কৰিছে৷ সূত্ৰ অনুসৰি পেহেলগাম আক্ৰমণ কৰা হাছিম মুছা দীৰ্ঘদিন ধৰি পাকিস্তান সেনাৰ বিশেষ বাহিনীৰ সৈতে জড়িত আছিল আৰু তাৰ পৰাই লস্কৰ-ই-তৈবাত যোগ দিছিল৷ কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত পাকিস্তান আছে বুলি ভাৰতে আৰম্ভণিৰে পৰাই অভিযোগ কৰি আহিছে৷ এতিয়া পেহেলগাম আক্ৰমণৰ তদন্তকাৰীয়ে জানিব পাৰিছে যে পাকিস্তান সেনাৰ বিশেষ সেৱা গোট [এছ এছ জি]ৰ সৈতে হাছিমৰ ঘনিষ্ঠ সম্পৰ্ক আছিল৷ তদন্তত প্ৰকাশ পাইছে যে আক্ৰমণৰ সময় আৰু বাকী পৰিকল্পনাত পাকিস্তানৰ আই এছ আইৰ প্ৰভাৱ আছিল৷  

গতিকে এই সকলো তথ্য নিশ্চিত হোৱাৰ পাছত ভাৰতে পাকিস্তানৰ মাটিত থকা সন্ত্ৰাসবাদীৰ শিবিৰ ধবংসৰ ব্যৱস্থা লয়৷ আজি দুই-তিনিদিন ধৰি ভাৰতৰ গৃহ বিভাগে আন্তৰ্জাতিক সীমামূৰীয়া প্ৰায়কেইখন ৰাজ্যতে সাধাৰণ ৰাইজৰ মাজত যুদ্ধ সংক্ৰান্তিয় ‘মকড্ৰিল’ৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল৷ এনেদৰে সকলোৰে দৃষ্টি এই ‘মকড্ৰিল’ৰ প্ৰতি আকৰ্ষিত কৰি হঠাতে ‘অপাৰেচন সিন্দূৰ’ৰ দ্বাৰা আক্ৰমণ কৰে৷ সৌ সিদিনা সিন্ধু জলবণ্টন চুক্তি স্থগিত ৰাখি প্ৰথমে ঝিলাম আৰু পাছত চেনাব নৈৰ পানী এৰি দিও ভাৰতে পাকিস্তানক বুজাই দিছিল৷  

ভাৰতে ‘অপাৰেচন সিন্দূৰ’ চলোৱাৰ আগতে আন্তৰ্জাতিক স্তৰতো নিজৰ কূটনৈতিক স্থিতি সবল কৰাত গুৰুত্ব দিছিল৷ সেয়ে ৰাষ্ট্ৰসংঘৰ লগতে আমেৰিকা, ৰাছিয়া, ছোদি আৰৱ, ইৰান, ইজৰাইল, বৃটেইন আনকি আফগানিস্তানেও ভাৰতক সমৰ্থন কৰিলে আৰু সন্ত্ৰাসবাদী আৰু সহায়কাৰীক শিক্ষা দিয়াৰ প্ৰয়োজন অনুভৱ কৰিলে৷ এই আক্ৰমণৰ দ্বাৰা পাকিস্তানে শিক্ষা ল’লে ভাল৷ অন্যথা যদি পুনৰ আক্ৰমণৰ সিদ্ধান্ত লয় তেন্তে অৰ্থনৈতিক, সামৰিক, সামাজিক আদি সকলো দিশতে বিধবস্ত দেশখনৰ বিপদ বাঢ়িব৷ ৰণকৌশল আৰু সামৰিক শক্তিত পাকিস্তানে কেতিয়াও ভাৰতৰ সৈতে ফেৰ মাৰিব নোৱাৰে৷