
অপাৰেচন সিন্দূৰ
ভাৰতে পেহেলগামৰ নাৰকীয় কাৰ্যৰ প্ৰতিশোধ হিচাপে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সূচনা কৰা ‘অপাৰেচন সিন্দূৰ’ৰ জড়িয়তে এপাট শৰেৰে দুটা চিকাৰ কৰিবলৈ সমৰ্থ হ’ল৷ প্ৰথমতে, এই অভূতপূৰ্ব সামৰিক অপাৰেচনৰ যোগেদি পাকিস্তানলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে যে, পেহেলগাম বা তেনেকুৱা কোনো সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা জেহাদীসকলক কঠোৰতম শাস্তি দিয়াৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় ইচ্ছাশক্তি আৰু সামৰিক সক্ষমতা আছে৷
ভাৰতে উন্নত প্ৰযুক্তি, সঠিক অস্ত্ৰৰ প্ৰয়োগ আৰু দক্ষতাৰে পাকিস্তানৰ ভিতৰত প্ৰত্যাক্ৰমণ চলোৱাৰ পাছত এটা কথা স্পষ্ট হৈ পৰিছে যে, যদিহে সন্ত্ৰাসবাদীয়ে ভাৰতৰ বিৰুদ্ধে উন্মাদ আৰু আক্ৰোশমূলক দৃষ্টিভংগী প্ৰদৰ্শন কৰে, তেনেহ’লে ভাৰতে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ ভাৰতে এই সামৰিক পদক্ষেপৰ জড়িয়তে পাকিস্তানক এটা কথা বুজাই দিলে যে, ভাৰতৰ বিৰুদ্ধে কোনো দুঃসাহসিক কাম কৰিবলৈ আগবঢ়াৰ পূৰ্বে ইয়াৰ মূল্য কিমান আৰু কিদৰে ভৰিব লাগিব, সেই বিষয়ে চিন্তা কৰি লোৱাটো উচিত৷
২০১৬ চনৰ উড়ি আৰু ২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতো প্ৰত্যাক্ৰমণৰ দ্বাৰা দৃঢ়তাৰে এই কথা দেখুৱাইছিল যে, ভাৰত এখন ‘নৰম ৰাষ্ট্ৰ’ নহয়, যিয়ে আক্ৰমণৰ সন্মুখীন হোৱাৰ পাছতো হাত সাবটি বহি থাকিব৷ অপাৰেচন সিন্দূৰৰ জড়িয়তে একেলগে সন্ত্ৰাসবাদীৰ ৯ টা ঘাটিত প্ৰত্যাক্ৰমণ কৰি পাকিস্তানৰ প্ৰতি অধিক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিলে– সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতে যিকোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু৷
এই সামৰিক পদক্ষেপৰ জড়িয়তে নিজৰ অতিশয় দুৰ্বল হৈ পৰা অৰ্থনীতি আৰু আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ সীমাৰ ভিতৰত থাকিবলৈ এক অৰ্থত ভাৰতে পাকিস্তানক সতৰ্ক কৰি দিলে৷ অন্যথা চুবুৰীয়া দেশখনক এশিকনি দিবলৈ ভাৰতে মুঠেও চিন্তা নকৰিব৷ কিন্তু জেহাদী মনোবৃত্তিত প্ৰবৃত্ত আৰু অযুক্তিপূৰ্ণ কাৰ্যকলাপত সিদ্ধহস্ত পাকিস্তানী সামৰিক বাহিনীয়ে ভাৰতৰ এই প্ৰচণ্ড প্ৰত্যাক্ৰমণৰ পৰা শিক্ষা গ্ৰহণ কৰিব নে কাশ্মীৰ আৰু ইছলামৰ নামত চলোৱা ছায়াযুদ্ধ ভৱিষ্যতেও অব্যাহত ৰাখিব?
এই প্ৰশ্নসমূহৰ উত্তৰ ভৱিষ্যতৰ গৰ্ভত লুকাই আছে৷ কিন্তু পাকিস্তানৰ …লিত নৈতিক চৰিত্ৰৰ দিশৰ পৰা চালে তেওঁলোকে ভাৰতৰ পদক্ষেপৰ পৰা শিক্ষা লোৱাৰ সম্ভাৱনা কম৷ যেতিয়ালৈ পাকিস্তানৰ আভ্যন্তৰীণ ৰাজনীতিত সেনা বাহিনীৰ প্ৰভুত্ব হ্ৰাস নাপায় আৰু সন্ত্ৰাসবাদীৰ প্ৰতি থকা অহেতুক আৰু অনৈতিক প্ৰীতিৰ পৰা নিজকে নিলগাই আনিব নোৱাৰে, তেতিয়ালৈকে এই ক্ষেত্ৰত দেশখনৰ মূলগত চৰিত্ৰ সলনি নহ’ব বুলিয়ে ধৰিব পাৰি৷
অপাৰেচন সিন্দূৰৰ যোগেদি ভাৰতে প্ৰদান কৰা দ্বিতীয় বাৰ্তাটো আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি, যিয়ে পাকিস্তানৰ ওপৰত কূটনৈতিক আৰু অৰ্থনৈতিক হেঁচা প্ৰয়োগৰ দ্বাৰা পাকিস্তানৰ ব্যৱহাৰত কিছু পৰিৱৰ্তন সাধন কৰিব পাৰে৷ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰে পৰা ভাৰতে কূটনৈতিক পদক্ষেপৰ জড়িয়তে বিশ্বৰ শক্তিধৰ ৰাষ্ট্ৰসমূহৰ সমুখত পাকিস্তানক সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানা হিচাপে প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱাৰ লগতে দেশখনে সংঘটিত কৰা কু-কাৰ্যৰ পৰা ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰিছিল৷
ভাৰতৰ এই কূটনৈতিক পদক্ষেপে মিশ্ৰিত ফলাফল লাভ কৰিবলৈ সমৰ্থ হৈছিল৷ আমেৰিকা, ইউৰোপ আনকি পাকিস্তানৰ বন্ধু ৰাষ্ট˜ চীনেও পেহেলগামৰ নৰসংহাৰক নিন্দা কৰিছিল৷ ইয়াৰ মাজতো কিছুসংখ্যক ৰাষ্ট্ৰই ভাৰত-পাকিস্তানৰ সংঘাতক দ্বিপাক্ষিক আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰাত গুৰুত্ব আৰোপ কৰিছিল৷
তদুপৰি, পাকিস্তানৰ সামৰিক বাহিনীৰ প্ৰধান জেনেৰেল মুনিৰে প্ৰচণ্ড ধৰ্মীয় গোড়ামি প্ৰদৰ্শন কৰি দ্বি-জাতি তত্ত্বৰ মাৰাত্মক বিশ্লেষণ আগবঢ়াই উল্লেখ কৰিছিল যে, হিন্দু আৰু মুছলমান একেলগে বাস কৰাটো অসম্ভৱ৷ কিন্তু অপাৰেচন সিন্দূৰৰ সমগ্ৰ বৰ্ণনা আগবঢ়াবলৈ দেশৰ সন্মুখত ভাৰতৰ সেনাবাহিনীৰ এগৰাকী মহিলা বিষয়া কৰ্নেল ছ’ফিয়া কুৰেশ্বী থিয় হ’ল, তাৰ যোগেদি ভাৰতে পুনৰ সমগ্ৰ বিশ্বৰ আগত প্ৰমাণ কৰি দিলে যে ভাৰতত হিন্দু আৰু মুছলমান একেলগে বাস কৰাটো সম্ভৱ৷ ভাৰতৰ এই কৌশলী পদক্ষেপ পাকিস্তানৰ সমগ্ৰ চিন্তাধাৰা, নৈতিক চৰিত্ৰ আৰু নেতৃবৰ্গৰ লেকামহীন মন্তব্যৰ ওপৰত এক প্ৰচণ্ড চৰ হিচাপে প্ৰতিপন্ন হৈছে৷ কিন্তু পাকিস্তানৰ দৰে এখন হতাশাগ্ৰস্ত, নৈতিকতাহীন আৰু পৰমুখাপেক্ষী ৰাষ্ট্ৰ এখনে ধৰ্মনিৰপেক্ষতা, ভাতৃত্ববোধ আৰু সামাজিক সংহতিৰ মূল্য উপলব্ধি কৰাৰ সক্ষমতাইবা ক’ত।