Logo
image

পুঁজিবাদী-সমাজবাদী দুয়ো বিশ্বায়নৰ বিৰোধী

ভাৰতীয় মূলৰ অভিযন্তা যুৱক এজনক এজন আমেৰিকান বগা ছালৰ লোকে ‘মোৰ দেশৰ পৰা বাহিৰ হোৱা’ বুলি ধমকি দি গুলীয়াই হত্যা কৰিছিল৷ মাত্ৰ কিছুদিন আগতে আমেৰিকাৰ খিলঞ্জীয়া জাতীয়তাবাদী আৱেগৰ ঢৌৱে ড’নাল্ড ট্ৰাম্পক আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত কৰিলে৷ জাতীয়তাবাদ বা আৰু স্পষ্টকৈ ক’বলৈ গ’লে খিলঞ্জীয়া জাতীয়তাবাদৰ উত্থানে আমেৰিকা আৰু ইউৰোপত বহু অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বহু নতুন প্ৰশ্ন উত্থাপন কৰিছে৷ এনে এক জাতীয়তাবাদী আৱেগৰ বাবেই ব্ৰিটেইনৰ ৰাইজেও ইউৰোপিয়ান ইউনিয়নৰ পৰা ওলাই অহাৰ পক্ষত মত দিছে৷ ইউৰোপৰ আন কেইবাখনো দেশতো জাতীয়তাবাদী আৱেগ উথলি উঠিছে৷ ইউৰোপ-আমেৰিকাৰ এই জাতীয়তাবাদী উত্থানৰ স’তে গোলকীকৰণ আৰু বিশ্বায়নৰ এৰাব নোৱৰা সম্পৰ্ক আছে৷ এফালে পুঁজিবাদী অৰ্থনীতি আৰু বজাৰৰ গোলকীকৰণ আৰু আনফালে ইছলামিক জেহাদী সন্ত্ৰাসবাদৰ বিশ্বায়ন৷ এই দুয়োবিধ গোলকীকৰণ আৰু বিশ্বায়নক বাদ দি আমেৰিকা আৰু ইউৰোপত নতুনকৈ উঠলি উঠা জাতীয়তাবাদৰ বিশ্লেষণ কৰিব নোৱাৰি৷ এই জাতীয়তাবাদৰ এটা প্ৰধান লক্ষণ হ’ল– নিজৰ সকলো ব্যৰ্থতাৰ বাবে আনক দোষাৰোপ কৰা৷ আমেৰিকা পৃথিৱীৰ আটাইতকৈ ধনী আৰু বৃহৎ অৰ্থনীতি৷ এতিয়া আমেৰিকাৰ বগা ছালৰ চাবেক মানুহখিনিয়ে নিজৰ দুৰৱস্থাৰ বাবে ইছলামিক সন্ত্ৰাসবাদক, চীন দেশক আৰু বহিৰাগতক দোষ দিছে৷ তেওঁলোকে এতিয়া কৈছে, আমেৰিকা আমেৰিকানৰ বাবে আৰু আমেৰিকাৰ স্বাৰ্থ সবাতোকৈ আগত৷  

বৰ্তমান ঠন ধৰি উঠা আমেৰিকা আৰু ইউৰোপৰ জাতীয়তাবাদৰ এটা উমৈহতীয়া চৰিত্ৰ হ’ল যে ই গোলকীকৰণৰ বিৰোধী৷ সাধাৰণতে বামপন্থীকহে পুঁজিবাদী গোলকীকৰণ আৰু বজাৰ বিশ্বায়নৰ বিৰোধিতা কৰা দেখা যায়৷ কিন্তু আমেৰিকাত সোঁপন্থীয়েহে গোলকীকৰণৰ বিৰোধিতা কৰিছে৷ বৰং ইউৰোপ-আমেৰিকাৰ গোলকীকৰণৰ বিৰোধিতা কৰাসকল অতি সোঁপন্থী জাতীয়তাবাদী৷ ভাৰতত গোলকীকৰণৰ বিৰোধিতা কৰাসকলৰ মাজত বামপন্থী দল আৰু বামপন্থী চিন্তাধাৰাৰ লোকেই আগভাগ লৈ আহিছে৷ তেওঁলোকৰ বেছিভাগৰ ক্ষেত্ৰতে দেখা যায় যে বামপন্থীৰ গোলকীকৰণৰ বিৰোধিতা আচলতে আমেৰিকাকৰণৰ বিৰোধিতা৷ তেওঁলোকে ভাবে যে আমেৰিকা আৰু আমেৰিকাৰ প্ৰভাৱাধীন বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি হ’ল গোলকীকৰণৰ মূল হোতা৷ কমিউনিজ্‌মৰ পতনৰ পাছত, বিশেষকৈ ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত পৃথিৱীৰ দেশসমূহ আমেৰিকাপন্থী আৰু ছোভিয়েটপন্থী এই দুটা বিপৰীতমুখী মেৰুত থূপ খোৱা প্ৰক্ৰিয়া বন্ধ হ’ল৷ ভাৰতৰ দৰে বেছিভাগ তথাকথিত গোষ্ঠী নিৰপেক্ষ দেশ প্ৰকৃততে ছোভিয়েটপন্থীহে আছিল৷ ছোভিয়েটৰ পতনৰ পাছত পূব ইউৰোপতো কমিউনিজ্‌মৰ বিলোপ ঘটাত পৃথিৱীৰ ৰাজনীতিৰ পৰা ছোভিয়েট মেৰুটোৰ অৱসান ঘটে৷ ইউৰোপৰ দেশসমূহ, আনকি প্ৰাক্তন কমিউনিষ্ট দেশবোৰো ক্ৰমে আমেৰিকাৰ কাষ চাপিবলৈ আৰম্ভ কৰে৷ নৰসিংহ ৰাও আৰু মনমোহন সিঙৰ শাসন কালত ভাৰতো লাহে লাহে আমেৰিকাৰ ওচৰ চাপি যায়৷ ১৯৯১ চনৰ পৰা ভাৰতে অৰ্থনৈতিক সংস্কাৰৰ পাতনি মেলে আৰু তেতিয়াৰ পৰা গোলকীকৰণৰ প্ৰভাৱত ভাৰতৰ অৰ্থনীতি তথাকথিত সমাজবাদী পথৰ পৰা আঁতৰি আহে৷ কিন্তু ভাৰতৰ বামপন্থীসকলে এতিয়াৰ এক মেৰুৰ পৃথিৱীত গোলকীৰণৰ বিৰোধিতা কৰি আহিছে আৰু তেওঁলোকৰ এই গোলকীকৰণৰ বিৰোধিতা আচলতে আমেৰিকাকৰণৰ বিৰোধিতা৷ বহু ক্ষেত্ৰত বামপন্থীৰ আমেৰিকা বিৰোধ এটা মুদ্ৰাদোষত পৰিণত হৈছে৷ এতিয়া আকৌ আমেৰিকাৰ অতি সোঁপন্থীসকলো গোলকীকৰণৰ বিৰোধী/ আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প হাজাৰ কোটি টকাৰ মালিক বৃহৎ পুঁজিপতি৷ তেওঁ এতিয়া গোলকীকৰণৰ তীব্ৰ বিৰোধী আৰু আমেৰিকান জাতীয়তাবাদৰ প্ৰবক্তা৷ তেওঁৰ নীতি হ’ল– প্ৰথমতে আমেৰিকা; গতিকে দেখা গৈছে এতিয়া ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশত বামপন্থীসকল গোলকীকৰণৰ বিৰোধী আৰু আমেৰিকা-ইউৰোপৰ উন্নত দেশবোৰত সোঁপন্থী জাতীয়তাবাদীসকল গোলকীকৰণৰ বিৰোধী৷ 

আমেৰিকা আৰু ইউৰোপৰ ৰাজনৈতিক দলসমূহক মূলতঃ দুটা ভাগত ভগাব পাৰি৷ কিছুমান দল সোঁপন্থী বা পুঁজিবাদৰ সমৰ্থক আৰু কিছুমান বাঁওপন্থী বা সমাজবাদৰ সমৰ্থক৷ আমেৰিকা আৰু ইউৰোপৰ দেশসমূহ গণতান্ত্ৰিক দেশ৷ এইবোৰত নিৰ্বাচনৰ জৰিয়তে ৰাজনৈতিক দল ক্ষমতাত বহে৷ গতিকে এই দেশবোৰৰ বামপন্থী দলবোৰো গণতন্ত্ৰ আৰু নিৰ্বাচনত বিশ্বাস কৰা দল৷ আমেৰিকা আৰু ইউৰোপত এতিয়া গোলকীকৰণৰ বাবে দুৰ্ভোগ ভুগিবলগীয়াসকল কিন্তু সমাজবাদীৰ নেতৃত্বত একত্ৰিত হোৱা নাই৷ ইয়াৰ ফলত সমাজবাদী চিন্তাও শক্তিশালী হোৱা নাউ৷ গোলকীকৰণৰ বিৰোধিতাৰ ফলত ঠেক জাতীয়তাবাদী ৰাজনীতিহে লহ্‌পহ্‌কৈ বাঢ়ি আহিছে৷ আমেৰিকাৰ সাধাৰণ জনসাধাৰণে দিনে দেনে বাঢ়ি গৈ থকা তেওঁলোকৰ দুখ-দুৰ্দশাৰ বাবে গোলকীকৰণক জগৰীয়া কৰিছে৷ আৰু এই গোলকীকৰণৰ বাবে তেওঁলোকে জগৰীয়া কৰিছে তথাকথিত কমিউনিষ্ট চীন দেশক, এছিয়াৰ পৰা গৈ আমেৰিকাত থিতাপি লোৱা আৰু নিজৰ যোগ্যতাৰে নিজক প্ৰতিষ্ঠা কৰা বহিৰাগতক আৰু সমগ্ৰ পৃথিৱীৰ মুছলমানক৷ আগতে আমেৰিকা আছিল উৎপাদনকাৰী আৰু সমগ্ৰ পৃথিৱীখন আছিল সেই উৎপাদিত সামগ্ৰীৰ বজাৰ৷ গোলকীকৰণৰ কৃপাত এতিয়া চীন হ’ল উৎপাদনকাৰী আৰু আমেৰিকা হ’লগৈ চীনৰ উৎপাদিত সামগ্ৰীৰ বজাৰ৷ গোলকীকৰণে কমিউনিষ্ট চীনৰ আটাইতকৈ বেছি লাভ কৰিছে৷ চীনৰ জাতীয় আয়ৰ বিকাশৰ হাৰ গোলকীকৰণৰ কৃপাত পৃথিৱীৰ ভিতৰতেই অধিক৷ ভাৰতৰো জাতীয় আয় অৰ্থনৈতিক উদাৰীকৰণ আৰু গোলকীকৰণৰ পাছত জ্জ্ব-১০ শতাংশলৈ বাঢ়িছিল৷ এই তথ্যই ইয়াকে প্ৰতিপন্ন কৰে যে গোলকীকৰণ বামপন্থীয়ে ভবাৰ দৰে আমেৰিকাকৰণ নহয়৷ বৰং আমেৰিকাৰ সাধাৰণ লোকে গোলকীকৰণে তেওঁলোকৰ জীৱনলৈ দুখ-দৰ্দশা কঢ়িয়াই অনা বুলি ভাবে আৰু ইয়াৰ প্ৰতিকাৰৰূপে আমেৰিকাৰ সাধাৰণ মানুহখিনিয়ে এতিয়া সংকীৰ্ণ জাতীয়তাবাদেই তেওঁলোকৰ একমাত্ৰ ৰক্ষাৰ পথ বুলি ভাবিছে৷ আৱেগৰ ঢৌত উঠি ড’নাল্ড ট্ৰাম্প এতিয়া ৰাষ্ট্ৰপতি৷ মজাৰ কথাটো হ’ল– আমাৰ বামপন্থীসকল গোলকীকৰণৰ বিৰোধী আৰু আমেৰিকাৰ নব্য জাতীয়তাবাদীও গোলকীকৰণৰ বিৰোধী৷ পশ্চিমৰ বুদ্ধিজীৱীয়ে দেখি আচৰিত মানিছে যে গোলকীকৰণৰ বিৰোধী শিবিৰত বাঘে-ছাগে একেলগে গোট খাইছে৷ আৰু ইয়াৰ ফলত আমেৰিকা আৰু ইউৰোপৰ পৰম্পৰাগত ৰাজনৈতিক দলবোৰৰ মাজত ভূমিকম্পৰ সৃষ্টি হৈছে৷ কিন্তু ৰাজনৈতিক বিশ্লেষকসকলে আচৰিত হৈ লক্ষ্য কৰিছে যে পৰম্পৰাগত ৰাজনৈতিক দলবোৰৰ মাজতো হঠাতে ড’নাল্ড ট্ৰাম্পৰ দৰে নেতাৰ আৱিৰ্ভাৱ হৈছে৷ এই নেতাসকল পেছাগত ৰাজনীতিক নহয়৷ কিন্তু তেওঁলোকে ড’নাল্ড ট্ৰাম্পে ৰিপাব্লিকান দলত কৰাৰ দৰে ভূমিকম্পৰ সৃষ্টি কৰিছে আৰু তেওঁলোকৰ নতুন আদব-কায়দাৰে পৰম্পৰাগত ৰাজনীতিকেই অপ্ৰাসংগিক কৰিছে৷ ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ প্ৰমাণ কৰি দেখুৱাইছে যে আমেৰিকাৰ জনসাধাৰণৰ পৰম্পৰাগত ৰাজনীতিৰ প্ৰতি মোহভংগ হৈছে আৰু তেওঁলোকে ড’নাল্ড ট্ৰাম্পৰ অপৰম্পৰাগত ৰাজনীতিৰ মাজতহে আশাৰ পোহৰ দেখিছে৷ ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ খিলঞ্জীয়া মানুহখিনিক এই কথা বুজাব পাৰিছে যে পৰম্পৰাগত ৰাজনীতিয়ে তেওঁলোকৰ সমস্যা সমাধান কৰিব নোৱাৰে৷ অৰ্থাৎ যিটো কাম বামপন্থী শিবিৰে কৰিব লাগিছিল সেইটো কামকেই কট্টৰ সোঁপন্থীয়ে কৰিছে/ একেধৰণৰ চিন্তাই ব্ৰিটেইনৰ চাবেক মানুহখিনিকো আকৃষ্ট কৰিছে৷ আৰু ব্ৰিটেইনেও এছিয়া, আফ্ৰিকা দূৰৰ কথা, ইউৰোপৰ স’তেও হ’লি-গলি নকৰি নিজে অকলসৰে আগুৱালেহে ব্ৰিটেইনৰ ভাল হ’ব বুলি পতিয়ন গৈছে৷ ইউৰোপৰ আন বহু দেশত সংকীৰ্ণ জাতীয়তাবাদী আৱেগ উঠলি উঠিছে৷ এই জাতীয়তাবাদৰ এটা প্ৰধান লক্ষণ হ’ল– নিজৰ সমস্ত দুখ-দুৰ্দশাৰ বাবে বাহিৰৰ পৰা অহা আন জাতিৰ আৰু দেশৰ লোকক জগৰীয়া কৰা৷ যিহেতু গোলকীকৰণে আন দেশ আৰু জাতিৰ মানুহৰ বাবে এই দেশবোৰ মুকলি কৰি দিছে, গতিকে এই সংকীৰ্ণ জাতীয়তাবাদ গোলকীকৰণৰ বিৰোধী৷