যুদ্ধ নৌহওঁতেই যুদ্ধবিৰতি ঘোষণা
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ মেঃ য়ে দিল মাংগে ম’ৰ/ কাৰ্গিলৰ বীৰ শ্বহীদ বিক্ৰম বাট্ৰাই যুদ্ধক্ষেত্ৰৰ পৰা ৰেডিঅ’ত দিয়া এই বাৰ্তা ভাৰতীয় সামৰিক বাহিনীৰ বীৰগাঠাত কেতিয়াবাই প্ৰবাদত পৰিগণিত হৈছে৷ লগত এমুঠি সেনা লৈ ‘ক্ল’জ কম্বেট’ কৰি কৰি এটা এটাকৈ পইণ্ট পাকিস্তানী সেনাৰ পৰা দখল কৰি গৈ থাকোতে তেওঁক ক্ষান্ত হ’বলৈ শীৰ্ষ বিষয়াই দিয়া নিৰ্দেশৰ প্ৰত্যুত্তৰত বিক্ৰম বাৰ্তাই সংগী ৰেডিঅ’ অপাৰেটৰৰ পৰা ৰিচিভাৰটো হাতত লৈ পুৱতি নিশা ৪.৩৫ বজাত নিজৰ কমাণ্ডাৰক তেওঁৰ অগ্ৰগতিক বাধা নিদিবলৈ কাতৰ আহ্বান জনাই কৈছিল– ছাৰ, য়ে দিল মাংগে ম’ৰ৷ ৫১৪০ পইণ্ট অধিকাৰ কৰি ৪৮৭৫ পইণ্ট দখলৰ যুদ্ধত বিক্ৰম বাট্ৰাৰ বুকু ভেদি গৈছিল পাকিস্তানী সেনাৰ লঞ্চাৰৰ এটা ৰকেটে৷ সেয়া বীৰত্ব আৰু কাৰুণ্যৰ ভিন্ন কাহিনী৷ কিন্তু বিক্ৰম বাট্ৰাৰ সেই বাক্য ভাৰতীয় সামৰিক বাহিনীৰ ইতিহাসত সেইদিনাই প্ৰবাদত পৰিণত হৈছিল– য়ে দিল মাংগে ম’ৰ৷ পাকিস্তানৰ বিৰুদ্ধে মই ইমানতে সন্তুষ্ট নহওঁ, মোৰ হূদয়ে আৰু বিচাৰে৷
১৯১৯ চনত কাৰ্গিল সংঘাতত বিক্ৰম বাট্ৰাই কৰা সেই অমৰ আহ৩ান আজি প্ৰতিজন ভাৰতীয়ৰ বুকুত নিনাদিত হওঁতে মহাশক্তিধৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতবাসীক অতৃপ্ত কৰি ৰাখি আৰম্ভ হ’বলৈ লোৱা প্ৰতিশোধৰ যুদ্ধখন বন্ধ কৰি দিলে৷ যুদ্ধ নৌহওঁতেই ঘোষণা হ’ল যুদ্ধবিৰতি৷ ট্ৰাম্পেই যে আৰম্ভ হ’বলৈ লোৱা যুদ্ধখন বন্ধ কৰি দিলে, তাকো নিজেই ঘোষণা কৰি দিলে৷ ভাৰতীয়ৰ বুকুত নিৰ্বাপিত নোহোৱাকৈ ৰৈ যোৱা প্ৰতিশোধৰ বহ্নিক দগমগকৈ জ্বলাই ৰাখি প্ৰতিশোধ পূৰণ নৌহওঁতেই যুদ্ধবিৰতিৰ বাবে যুযুধান দুয়োপক্ষক ক্ষান্ত কৰিলে৷ মঙলবাৰে দোভাগ নিশা ভাৰতে কৰা আঘাতৰ পাছত শুকুৰবাৰলৈকে চলা ‘চুৰ্চুৰীয়া’ আক্ৰমণ প্ৰত্যাক্ৰমণৰ অন্তত শনিবাৰে সামগ্ৰিকভাৱে আৰু তাৎক্ষণিকভাৱে হ’ল যুদ্ধবিৰতি ঘোষণা৷ যুদ্ধ নৌহওঁতেই হ’ল যুদ্ধবিৰতি৷ সন্দেহ নাই, ভাৰতীয়ৰ বুকুত জ্বলিয়েই থাকিল প্ৰতিশোধৰ বহ্নি৷ ভাৰতত ঠায়ে ঠায়ে প্ৰশ্ন উঠিল– পেহেলগামৰ ২৬ গৰাকী বিধবাৰ শিৰৰ সেন্দুৰ মছ যোৱাৰ প্ৰতিবাদত আৰম্ভ হোৱা ‘অপাৰেচন সিন্দূৰ’ সম্পূৰ্ণ নৌহওঁতেই কিয় বন্ধ হৈ গ’ল? ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ হোৱাৰ পাছত সীমান্তত পাকিস্তানী সেনাৰ বৰ্বৰোচিত গুলীবৰ্ষণত বুধবাৰে নিহত হোৱা এজন সেনাবিষয়া আৰু ১৫ জন অসামৰিক লোকৰ প্ৰাণহানিৰ প্ৰতিশোধ নোলোৱাকৈ কিয় আমেৰিকাৰ নিৰ্দেশত স্তব্ধ হৈ গ’ল ভাৰতৰ প্ৰতিশোধৰ অভিযান? পাকিস্তানে অবৈধভাৱে দখল কৰি ৰখা অথচ ভাৰতৰ ভূমিখণ্ড পাকিস্তান অধিকৃত কাশ্মীৰ কাঢ়ি অনাৰ সুৱৰ্ণ সুযোগ এইবাৰো ভাৰতৰ হাতৰ পৰা সৰকি গ’ল নেকি? পাকিস্তানক এসেকা দিয়াৰ, দেশখনৰ সন্ত্ৰাসবাদীৰ ঘাটি সমুলঞ্চে উৎখাত কৰাৰ সুযোগ ভাৰতে আমেৰিকাৰ হস্তক্ষেপৰ বাবেই হেৰুৱালে নেকি? অথচ এইবাৰৰ সম্ভাৱ্য যুদ্ধৰ এখনৰ বাবে দেশৰ চৰকাৰক দল-মত-ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে অকুণ্ঠ সমৰ্থন জনাইছিল৷ কিন্তু পাকিস্তানৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি নোহোৱাকৈয়ে যুদ্ধবিৰতি হৈ গ’ল৷ পেহেলগামৰ হত্যালীলা চলোৱা নৰসংহাৰকাৰী পাকিস্তানী চাৰি সন্ত্ৰাসবাদীক বিচাৰি নুলিওৱাকৈ, শাস্তি প্ৰদান নকৰাকৈ হৈ গ’ল যুদ্ধবিৰতি৷ দেশবাসীৰ হূদয়ত প্ৰতিধবনিত হৈ ৰৈ গ’ল বিক্ৰম বাট্ৰাৰ সেই অমৰ উক্তি– য়ে দিল মাংগে ম’ৰ৷
শনিবাৰে বিয়লি যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ‘ট্ৰথ’ত ঘোষণা কৰিলে– তেওঁৰ প্ৰচেষ্টাত ভাৰত আৰু পাকিস্তান যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে, সেয়া আছিল ভাৰতবাসীৰ বাবে চৰম আশ্চৰ্য৷ ট্ৰাম্পে সকলোতকৈ আগতে ঘোষণা কৰিলে– ‘এটা দীঘলীয়া নিশা আমেৰিকাই মধ্যস্থতাৰ বাবে কৰা আলোচনা কৰাৰ অন্তত মই আনন্দেৰে সৈতে ঘোষণা কৰিছোঁ যে, ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই তাৎক্ষণিকভাৱে আৰু সম্পূৰ্ণৰূপে যুদ্ধবিৰতি পালন কৰিবলৈ সন্মত হৈছে৷ তেওঁলোকে বাস্তবজ্ঞান আৰু অসাধাৰণ বুদ্ধিমত্তাৰ সদ্ব্যৱহাৰ কৰাৰ বাবে দুই দেশকে অভিনন্দন৷ এই বিষয়ত মনোযোগ দিয়াৰ বাবে তেওঁলোকক ধন্যবাদ৷’
ট্ৰাম্পৰ যুদ্ধবিৰতি ঘোষণাৰ পাছতে ভাৰতৰ বৈদেশিকমন্ত্ৰী এছ জয়শংকৰে ছ’চিয়েল মিডিয়াত ঘোষণা কৰে ‘আজি ভাৰত আৰু পাকিস্তানে সামৰিক অভিযান আৰু গুলীয়াগুলী বন্ধ কৰাৰ বিষয়ে এক বুজাবুজিলৈ আহিছে৷ তাৰ পাছত বৈদেশিক সচিব বিক্ৰম মিশ্ৰিয়ে এখন সংবাদমেলত ক’লে–‘শনিবাৰে দুপৰীয়া ৩.৩৫ বজাত ভাৰতীয় সেনাৰ ‘ডিৰেক্টৰ জেনেৰেল মিলিটেৰী অপাৰেচ’নক [ডিজিএমঅ’] পাকিস্তানৰ ডিজিএমঅ’ই ফোন কৰে আৰু তাৰ পাছতে দুই পক্ষই গুলীয়াগুলী আৰু সামৰিক অভিযান বন্ধ ৰক্ষাৰ সিদ্ধান্ত লয়৷ এই বুজাবুজিৰ জৰিয়তে দুয়োপক্ষই জল-স্থল আকাশ সকলোধৰণৰ গুলীয়াগুলী আৰু সামৰিক অভিযান বন্ধ ৰক্ষাৰ সিদ্ধান্ত লয়৷ বিয়লি প্ত বজাৰ পৰা এয়া কাৰ্যকৰী হ’ব৷’
ইপিনে বিভিন্ন মহলত যুদ্ধবিৰতিৰ সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ আৰম্ভ হোৱাৰ সময়তে ইতিহাস তুলি ধৰি ইন্দিৰা গান্ধীৰ প্ৰসংগ সজীৱ কৰি তুলিছে কংগ্ৰেছ দলে৷ ‘ইন্দিৰা গান্ধী হোৱা সহজ নহয়’ বুলি মন্তব্য কৰি ১৯৭১ চনত পাকিস্তানক দ্বিখণ্ডিত কৰা যুদ্ধৰ সময়ত আমেৰিকাৰ বাধাদানক উপেক্ষা কৰি ইন্দিৰা গান্ধীয়ে কি কৈঠিল সেয়া ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে কংগ্ৰেছে৷ কংগ্ৰেছৰ দাবী, ইন্দিৰা গান্ধীয়ে কৈছিল– ‘উই হেভ আৱাৰ বেকব’ন ষ্টে˜ইট, এনাফ উইল এণ্ড ৰিছ’ৰ্ছেছ টু ফাইট অল এট্ৰচিটিজ৷ টাইমছ হেভ পাছড হোৱেন এনি নেচন চিটিং থ্ৰী অৰ ফ’ৰ থাউজেণ্ডছ মাইলছ এৱে কুড গিভ অৰ্ডাৰছ টু ইণ্ডিয়ানছ অন দ্যা বেছিছ অৱ কালাৰ ছুপ্ৰিমেছি টু ডু এজ দে উইছড৷’ [আমাৰ ৰাজ হাড় একেবাৰে পোন আৰু সকলো অত্যাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ যথেষ্ট ইচ্ছাশক্তি আৰু সম্পদ আছে৷ সেই সময় উকলি গ’ল, যেতিয়া কোনো দেশে ৩ বা চ্ছ্ৰ হাজাৰ মাইল দুৰত বহি ভাৰতবাসীক শৰীৰৰ ৰঙৰ অগ্ৰাধিকাৰেৰে আদেশ দিব তেওঁলোকৰ ইচ্ছামতে কাম কৰিবলৈ৷] উল্লেখ্য, ইন্দিৰা গান্ধীয়ে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ সময়ত এই উত্তৰ দিছিল তৎকালীন মাৰ্কিন ৰাষ্ট˜পতি ৰিচাৰ্ড নিক্সনক৷ কিয়নো তেতিয়া পাকিস্তানৰ পৰম মিত্ৰ আমেৰিকাৰ সাহসত বলীয়ান হৈ পাকিস্তানে ভাৰতৰ জ্জ্বখন চহৰত বিমানেৰে বোমাবৰ্ষন কৰাত ১৯৭১ চনৰ ৩ ডিচেম্বৰত ইন্দিৰা গান্ধীয়ে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল আৰু ১৬ দিন পাছত ১৯ ডিচেম্বৰত পাকিস্তানে ৯৩,০০০ সেনাসহ ভাৰতৰ ওপৰত আত্মসমৰ্পন কৰিছিল৷ ইন্দিৰা গান্ধীয়ে পাকিস্তানক দুভাগ কৰি বাংলাদেশৰ সৃষ্টি কৰিছিল৷ সেই ইতিহাসৰ পুনৰাবৃত্তি এইবাৰো ভাৰতবাসীয়ে কামনা কৰিছিল৷ কিন্তু যুদ্ধ নৌহঁওতেই ঘোষণা হ’ল যুদ্ধবিৰতি৷






