Logo
image

বৰনাৰায়ণপুৰৰ সাংস্কৃতিক বিপ্লৱ– শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ

অপ্ৰিয় হ’লেও সত্য যে সাম্প্ৰতিক কালত বিভিন্ন ৰাজহুৱা ক্ষেত্ৰত  প্ৰচাৰসৰ্বস্ব কাৰ্যসূচীৰে চমক সৃষ্টিৰ এক অশুভ প্ৰৱণতা গা কৰি উঠিছে৷ সামাজিক কাম-কাজত প্ৰচাৰৰ প্ৰয়োজনীয়তা নি(য় থাকে৷ কিন্তু কেৱল প্ৰচাৰৰ তাগিদাতে বিশেষ কোনো ভৱিষ্যদৰ্শন নথকা তেনেবোৰ কাৰ্যসূচী হাজাৰ ঢাক-ঢোল কোবাই ৰূপায়ণ কৰিলেও সি কোনোমতে সমাজত সুগভীৰ আৰু স্থায়ী প্ৰভাৱ পেলাব নোৱাৰে, ক্ষণস্থায়ী চাঞ্চল্যৰ অন্তত সেইবোৰ হেৰাই যায় বিস্মৃতিৰ অটল গৰ্ভত৷ কিন্তু সুখৰ কথা যে প্ৰচাৰকেন্দ্ৰিক এনে ধামখুমীয়াৰ মাজতো কিছুমান অনুষ্ঠান-প্ৰতিষ্ঠান অথবা ব্যক্তিবিশেষৰদ্বাৰা চুকে-কোণে নীৰৱে চলি থাকে কেতবোৰ কৰ্মযজ্ঞ , যিবোৰক আক্ষৰিক অৰ্থতে আলোকসন্ধানী বুলি অভিহিত কৰা যায়৷ প্ৰচাৰ অথবা প্ৰশস্তিৰ দুৰ্নিবাৰ মোহৰ ঊধবৰ্লৈ গৈ সম্পাদিত তেনে কৰ্মযজ্ঞ ই এটা জাতিক পথ দেখুৱাব পাৰে, প্ৰজন্মৰ পাছত প্ৰজন্মলৈ কঢ়িয়াই নিব পাৰে ইতিবাচক বাৰ্তা৷ তেনে আদৰ্শৰেই যেন অগ্ৰসৰ হৈছে বৰনাৰায়ণপুৰৰ পৱিত্ৰ ভূমিত স্থাপিত৷  শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ৷ মহাপুৰুষ৷  শ্ৰী শ্ৰী মাধৱদেৱকে ধৰি বহুকেইজন আতা পুৰুষৰ জন্মভূমি বৰনাৰায়ণপুৰত স্থাপিত৷  শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰক বাস্তৱিকতে উত্তৰ অসমৰ বুকুৰ এপদ অত্যুজ্জ্বল অলংকাৰ বুলিলেও অত্যুক্তি কৰা নহ’ব৷ নৃগোষ্ঠীয় সমন্বয়ৰ ভূমি বৰনাৰায়ণপুৰৰ নৈসৰ্গিক পৰিৱেশত মাত্ৰ দুবছৰৰ আগেয়ে স্থাপিত মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত নাতিদীৰ্ঘ এইছোৱা সময়তে ৰূপায়ণ কৰা হৈছে একাধিক বিশাল প্ৰকল্প৷ যিসমূহৰ বিষয়ে অনেকে জানে যদিও বহুতেই নাজানে৷ স্বৰূপাৰ্থত এই পৱিত্ৰ ভূমিত বিগত সময়ছোৱাত অবিৰতভাৱে অব্যাহত আছে এক বিশাল সাংস্কৃতিক বিপ্লৱ৷ এই বিপ্লৱৰ আঁৰত আছে সমাজৰ বাবে, উত্তৰ পুৰুষৰ হকে অৰ্থৱহভাৱে কৰ্মযজ্ঞ সম্পাদন কৰাৰ অত্যুগ্ৰ আগ্ৰহ৷ স্থাপনৰ পাছৰ চমু সময়ছোৱাতে মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত সম্পাদিত বিভিন্ন সুপৰিকল্পিত কাৰ্যসূচীৰ মাজত আছে ‘বৰনাৰায়ণপুৰৰ বৰবৈষ্ণৱ’ শীৰ্ষক মনোজ্ঞ সাহিত্য বক্তৃতাৰ এক শৃংখলা৷ বৰনাৰায়ণপুত জন্মগ্ৰহণ কৰা মহামনীষীসকল, যিসকলৰ অসামান্য অৱদানে অসমীয়া জনজীৱনত বৈষ্ণৱী চিন্তন-মননৰ বীজ ৰোপণ কৰিছিল, তেওঁলোকৰ প্ৰতি৷ দ্ধাৰ্ঘ্যৰে গ্ৰহণ কৰা ‘বৰনাৰায়ণপুৰৰ বৰবৈষ্ণৱ’ শীৰ্ষক বক্তৃতামালাৰ সাতোটি অনুষ্ঠান ভিন ভিন স্থানত ইতিমধ্যে সফলতাৰে সম্পন্ন হৈছে৷ অভূতপূৰ্ব জনসঁহাৰিৰ মাজত সম্পন্ন প্ৰতিটো বক্তৃতানুষ্ঠানত বিশিষ্ট পণ্ডিত-গৱেষকে বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা একোজন সন্তপুৰুষৰ জীৱনচৰ্যাৰ বিষয়ে আগবঢ়োৱা বিশে¡ষণাত্মক বক্তব্যই,  বিশেষকৈ নৱপ্ৰজন্মৰ মাজত ক্ষণজন্মা মনীষীসকলৰ জীৱনাদৰ্শ প্ৰোথিত কৰি গৈছে৷ অনাগত দিনতো এই বক্তৃতা শৃংখলা অব্যাহত ৰখাৰ লগতে মূল্যৱান বক্তৃতামালাক সংকলিত কৰি গ্ৰন্থৰ ৰূপত স্থায়ীভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰাটো নিঃসন্দেহে মাধৱদেৱ কলাক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ মহাপুৰুষ মাধৱদেৱৰপৰা হৰিদেৱলৈ, বদলা পদ্ম আতাৰপৰা অনিৰূদ্ধদেৱকে ধৰি ইজনৰ পাছত সিজনৰ মহামনীষীৰ জীৱন আৰু কৰ্মক লৈ সুচিন্তিত আৰু প্ৰণালীবদ্ধ কাৰ্যসূচীৰে কলাক্ষেত্ৰই সঁচা অৰ্থতে এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ দৰাচলতে অসমৰ কৃষ্টি-সংস্কৃতি আৰু দৰ্শন আজি বিপন্ন বুলি হা-হুমুনিয়াহ কঢ়াৰ সলনি কাৰ্যক্ষেত্ৰত এনে এক জাগৰণেৰেই জাতিটোক উজ্জীৱিত কৰাৰ সময় এয়া৷ মাধৱদেৱ কলাক্ষেত্ৰই সময়ৰ এই আহ৩ানক সঠিকভাৱেই অনুধাৱন কৰিছে৷ দৰাচলতে কম সময়ৰ ভিতৰতে মাধৱদেৱ কলাক্ষেত্ৰই আন বহু দিশতো অনন্য বৈশিষ্ট্যৰে স্বকীয় পৰিচিতি গঢ়ি তুলিছে৷ কলাক্ষেত্ৰৰ শান্ত-সৌম্য চৌহদত প্ৰৱেশ কৰিলেই গভীৰ প্ৰশান্তিৰে পৰিপূৰ্ণ হয় দৰ্শনাৰ্থীৰ হূদয়৷ এই অনিৰ্বচনীয় সুখানুভূতিৰ সন্ধানতে কলাক্ষেত্ৰলৈ সৰ্বদা অব্যাহত থাকে জনস্ৰোত৷ বাস্তৱিকতে গুৰুজনাৰ সপোনৰ বৰ অসমখনেই যেন ভৰ কৰি থাকে কলাক্ষেত্ৰৰ বুকুত৷ এই অনুভৱ সুতীব্ৰ কৰি তোলে কলাক্ষেত্ৰত স্থাপিত অপৰূপ আন্তঃগাঁথনিসমূহে৷ বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰেৰে স্থাপিত বৰ্ণময় সংগ্ৰহালয়ত সত্ৰীয়া সংস্কৃতিৰ সমৃদ্ধিশালী ৰূপটোক বিজ্ঞ ানসন্মতভাৱে সংৰক্ষিত কৰি ৰখা হৈছে৷ একেদৰে প্ৰাচীন অসমৰ চিত্ৰকলা-ভাস্কৰ্যৰ মূৰ্ত প্ৰতিফলনেৰে স্থাপিত কলা বীথিকা, শতাব্দী প্ৰাচীন আপুৰুগীয়া পাণ্ডুলিপিৰ প্ৰদৰ্শনী, গুৰু দুজনাৰ দ্বাৰা ৰচিত নাটসমূহক প্ৰাচীন চিত্ৰশৈলীৰ মাধ্যমেৰে প্ৰদান কৰা অনুপম ৰূপ– কি নাই এই পুণ্যতীৰ্থত৷ চমুকৈ ক’বলৈ গ’লে উত্তৰ অসমৰ ভূমিত এয়া যেন এক নন্দন কানন৷ সোণত সুৱগা চৰাই শেহতীয়াকৈ কলাক্ষত্ৰত সংযোজিত হৈছে অৰ্কিড কুঞ্জ ৷ তিনি শতাধিক দেশী-বিদেশী অৰ্কিডৰ মায়াময় সৌন্দৰ্যৰে সুশোভিত এই অৰ্কিড কুঞ্জ ই দৰ্শনাৰ্থীক যেন আকৰ্ষণ কৰে চুম্বকীয় প্ৰাবল্যৰে৷ সম্প্ৰতি আন এক অভিলাষী প্ৰকল্পৰ জৰিয়তে মাধৱদেৱ কলাক্ষেত্ৰৰ স্বকীয়তাই অভিনৱ ৰূপ পৰিগ্ৰহ কৰিছে৷ সেই অনুসৰি বিভিন্ন ক্ষেত্ৰত ব্যুৎপত্তি লাভ কৰা আৰু সমাজ জীৱনৰ প্ৰতি অমূল্য অৱদান আগবঢ়োৱা বৰনাৰায়ণপুৰৰ বৰেণ্য ব্যক্তিসকলৰ জীৱদ্দশাতে তেওঁলোকৰ কৰ্মৰাজি উত্তৰ পুৰুষৰ বাবে সংৰক্ষিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে দৃশ্য-৷ ব্য ৰূপৰ এই অভিলাষী প্ৰকল্প৷ অনুশীলন আৰু চৰ্চাৰ অভাৱত হেৰাই যাবলৈ ধৰা মহাপুৰুষ৷ ী৷ ীমাধৱদেৱ বিৰচিত কেউখন নাটৰ একে সময়তে পুনৰুদ্ধাৰ কৰি এই মাধৱদেৱ কলাক্ষেত্ৰতেই মাহজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছিল প্ৰশিক্ষণ৷ এই প্ৰশিক্ষণত বৰনাৰায়ণপুৰৰ ৭২খন বিদ্যালয়ৰ প্ৰায় ৬০০ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷ এনে প্ৰয়াস অসমত এয়াই সৰ্বপ্ৰথম৷ লগতে ১৫ জনগোষ্ঠীৰ যুৱশিল্পীৰ অংশগ্ৰহণেৰে অংকীয়া ভাওনাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ লগতে প্ৰদৰ্শনৰ পদক্ষেপ৷ এখন ভাওনাতে একেলগে ইমান জনগোষ্ঠীৰ অংশগ্ৰহণ প্ৰথমবাৰ আৰু অনন্য৷ কেৱল ইমানেই নহয়, একেধৰণৰ অনেক সৃজনশীল চিন্তা-চৰ্চা আৰু অনুশীলনেৰে মাধৱদেৱ কলাক্ষেত্ৰত সৃষ্টি হৈছে একপ্ৰকাৰৰ নৱজাগৰণৰ৷ এই জাগৰণ অথবা সামাজিক-সাংস্কৃতিক বিপ্লৱত সমূলি প্ৰচাৰমুখিতা নাই৷ মাথোঁ আছে কৃষ্টি-সংস্কৃতি আৰু আত্ম-পৰিচয়ক ধৰি ৰখাৰ দুৰ্বাৰ বাসনা আৰু অপ্ৰতিৰোধ্য উদ্যম৷ এই সন্ধিক্ষণত জাতিটোৰ তেনে উদ্যম আৰু বাসনাৰ প্ৰয়োজনীয়তাই যে সৰ্বাধিক৷ অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে মাধৱদেৱ কলাক্ষেত্ৰই সঁচা অৰ্থতে স্থাপন কৰিছে এক আদৰ্শ৷ এই কথাত নি(য় দ্বিমত নাই যে এনেধৰণৰ স্বাৰ্থশূন্য আৰু মহৎ আদৰ্শৰ সম্প্ৰসাৰণে অনাগত দিনত অসমক নিঃসন্দেহে উপকৃত কৰিব৷