Logo
image

পাকিস্তানৰ নিউক্লিয়েৰ ব্লেকমেইল সহ্য নকৰোঁ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ মেঃ   ভাৰতে পাকিস্তানৰ ‘নিউক্লিয়েৰ ব্লেকমেইল’ সহ্য কৰি নাথাকে৷ ‘অপাৰেচন সিন্দূৰ’ আছিল পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নব্যনীতি৷ ‘টেৰৰ’ (সন্ত্ৰাসবাদ) আৰু ‘টক’ (আলোচনা) একেলগে নচলে৷ পানীৰ সোঁত আৰু  ৰক্ত একেলগে নবয়৷ পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ পাছত সোমবাৰে ৰাষ্ট্ৰৰ উদ্দেশ্যে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰেই দেশখনৰ সন্ত্ৰাসবাদ বিৰোধী নতুন নীতি কি সেয়া স্পষ্ট কৰি দি ‘অপাৰেচন সিন্দূৰ’ পেহেলগাম হত্যালীলা আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত সংঘটিত পাকিস্তানৰ আক্ৰমণত নিহত হোৱা ভাৰতীয় নাগৰিকৰ বিধবা পত্নীৰ বাবে উচৰ্গা কৰিছে৷ পাকিস্তানৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে লাভ কৰা সাফল্য শিৰৰ সেন্দুৰ মছ খাই যোৱা ভাৰতীয় নাৰীৰ বাবে বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷


মোদীয়ে তেওঁৰ ভাষণত কয়, ইয়াৰ পাছত যদি পাকিস্তানৰ সৈতে ভাৰতৰ কোনো আলোচনা হয়, সেই আলোচনা সন্ত্ৰাসবাদক লৈহে হ’ব৷ তেওঁ দৃঢ়তাৰে কয়, ভাৰতে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি কেৰেপ নকৰে আৰু পাৰমাণৱিক অস্ত্ৰৰ জৰিয়তে কৰা ব্লেকমেইল সহ্য নকৰে৷ মোদীয়ে কয় যে, ভাৰতে ‘অপাৰেচন সিন্দূৰ’ সাময়িকবাবে স্থগিত ৰাখিছে, সেই স্থগিতকৰণৰ সময় নিৰ্ভৰ কৰিব পাকিস্তানৰ আচৰণৰ ওপৰত৷